ডিজিটেল ডেস্ক : ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) প্ৰতিবাদৰ সমর্থনত বিশিষ্ট পৰিৱেশ কৰ্মী সোনম ৱাংচুকে চলাই থকা অনির্দিষ্টকালীন অনশনে শুকুৰবাৰে ২০ দিনত ভৰি দিলে। কালি ৱাংচুকৰ ওজন ৯.৫ কিল'গ্রাম হ্রাস পায়। অনশনৰত ৱাংচুকৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱাৰ পাছতেই দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, সমাজকর্মী, অভিনেতাই ৱাংচুকক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছে।
পৰীক্ষাত অনিয়মৰ অভিযোগত শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ৱাংচুকে অনশন অব্যাহত ৰাখিছে। ৱাংচুকে তেওঁৰ অনশন চলাই যোৱাৰ সিদ্ধান্তত অটল হৈ আছে।
বিশিষ্ট পৰিৱেশ কৰ্মী তথা শিক্ষাবিদজনে কয় যে তেওঁ যিকোনো মূল্যৰ বিনিময়ত ২০ জুলাইলৈকে জীয়াই থকাৰ সংকল্প লৈছে। কাৰণ ২০ জুলাইত চি জে পিয়ে সংসদলৈ সমদল কৰাৰ কাৰ্যসূচী লৈছে। মানসিকভাৱে সম্পূর্ণ সুস্থ হৈ থকা ৱাংচুকে ২০ জুলাইৰ প্ৰতিবাদী কাৰ্যসূচীলৈকে জীয়াই থাকিব বুলি শুকুৰবাৰে সংকল্প লয়।