ডিজিটেল ডেস্ক : দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা জলবায়ু কর্মী তথা শিক্ষক সোনম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতিত বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰে। ন্যায়ালয়ে কয় যে প্রতিজন নাগৰিকৰ জীৱন মূল্যৱান আৰু সেই জীৱন ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব।
উল্লেখযোগ্য যে নীট পৰীক্ষাত হোৱা অনিয়মৰ প্ৰতিবাদত তথা কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্ৰধানৰ পদত্যাগৰ দাবীত অনির্দিষ্টকালীন অনশনত বহিছে ৱাংচুক। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ পীঠে দৈনিক ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা আৰু প্রয়োজন হ'লে তাৎক্ষণিক চিকিৎসা কৰিবলৈ নিৰ্দেশ দিয়ে। ৱাংচুকৰ স্বাস্থ্যৰ বিষয়ত উদ্বিগ্ন ৰাকেশ কুমাৰ সৈনীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) শুনানিত পীঠে এই নির্দেশ দিয়ে। আৱেদনত ৱাংচুকক জোৰ-জবৰদস্তি কৰি খাদ্য গ্ৰহণৰ নিৰ্দেশ দিবলৈও দাবী কৰা হৈছিল। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ন্যায়ালয়ত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক জনায় যে চৰকাৰী চিকিৎসকে ৱাংচুকৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিছে। তেওঁ আশ্বাস দিয়ে যে প্রয়োজন হ'লে যথোচিত চিকিৎসা কৰোৱা হ'ব। পি আই এলখনত সৈনীয়ে কৈছিল যে পৰিস্থিতিয়ে যেতিয়া দাবী কৰে তেতিয়া প্রশাসনে হস্তক্ষেপ কৰা উচিত তথা ৱাংচুকৰ অৱনতি ঘটা স্বাস্থ্যৰ যতন লোৱা উচিত।
উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি যোৱা ২০ জুনৰ পৰা যন্তৰ মন্তৰত ককৰ'চ জনতা পার্টিয়ে (চি জে পি) প্রতিবাদ কৰি আছে। উক্ত প্রতিবাদলৈ সমর্থন জনাই ৱাংচুকে ২৮ জুনত প্রতিবাদস্থলীত অনির্দিষ্টকালীন ধৰ্ণা আৰম্ভ কৰিছিল।
অনশনৰত অধিকাৰ কৰ্মী সোনম ৱাংচুকৰ অনশনে বৃহস্পতিবাৰে ১৯ দিনত ভৰি দিয়ে আৰু তেওঁৰ ওজন ৯ কিল'তকৈ অধিক হ্রাস পায়। ইফালে চিকিৎসকসকলে সকীয়াই দিছে যে তেওঁ দীঘলীয়া অনশনৰ সংকটজনক পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ই তেওঁৰ অংগ-প্রত্যংগত প্ৰভাৱ পেলাব পাৰে। ডাঃ সতীশ লাম্বাই জাৰি কৰা শেহতীয়া মেডিকেল বুলেটিনৰ মতে, অনশন ধৰ্মঘট আৰম্ভ কৰাৰ পৰা বৃহস্পতিবাৰলৈ ৱাংচুকৰ শৰীৰৰ ওজন ৯ কিল'গ্রামতকৈ অধিক হ্রাস পাইছে। তেওঁৰ ব্লাড ছুগাৰ হৈছে প্রতি ডেচিলিটাৰত ৮০ মিলিগ্রাম। পাল্ব ৰেট প্রতি মিনিটত ৭২। আনহাতে ৰক্তচাপ হৈছে শায়িত অৱস্থাত ১০৫/৬১ এম এম এইচ জি আৰু বহি থকা অৱস্থাত ১০১/৬৫ এম এম এইচ জি।