চৰকাৰী হস্পিটেলতে থাকিব সোনম ৱাংচুক, ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আৱেদন অগ্রাহ্য আদালতৰ

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : পৰিৱেশ কৰ্মী সোনম ৱাংচুকক দিল্লীৰ ছফদৰজং হস্পিটেলখনৰ পৰা এখন ব্যক্তিগত হস্পিটেললৈ স্থানান্তৰ কৰিবলৈ বিচাৰি কৰা আৱেদনখন অগ্রাহ্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। বাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আৱেদনখনৰ জৰুৰী শুনানি লৈ উচ্চ ন্যায়ালয়খনে আদেশ দিয়ে যে চৰকাৰী হস্পিটেলতে চিকিৎসাধীন হৈ থাকিব সোনম ৱাংচুক। আদালতে পৰৱৰ্তী ৩ দিনৰ ৱাংচুকৰ স্বাস্থ্যৰ বিষয়ত এখন প্রতিবেদনো বিচাৰিছে। 

অহা ২৪ জুলাইত আৱেদনখনৰ পৰৱৰ্তী শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে শনিবাৰে যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা দিল্লী আৰক্ষীয়ে ৱাংচুকক বলপূর্বক আনি ছফদৰজং হস্পিটেলত ভর্তি কৰোৱাইছিল। ইয়াক লৈ ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) কর্মী-নেতাই প্রতিবাদ কৰাৰ লগতে বিৰোধী দলৰ নেতাসকলেও প্ৰতিক্রিয়া প্রকাশ কৰিছিল। 

আনহাতে, পৰীক্ষাত অনিয়মৰ অভিযোগত শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোমবাৰে চি জে পিয়ে 'সংসদ চলো' প্রতিবাদী কার্যসূচী ল'ব। এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে যে সংসদ ভৱনলৈ সমদল কৰাৰ অনুমতি চি জে পিক দিয়া নহ'ব। ইফালে, বিভিন্ন ৰাজনৈতিক দল আৰু সমাজকৰ্মীয়ে কাইলৈ চি জে পিয়ে আয়োজন কৰা 'সংসদ চলো' কাৰ্যসূচীৰ প্ৰতি সমর্থন জনাইছে।

Share This