ডিজিটেল ডেস্ক : প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে দক্ষিণ কোৰিয়া। উষতা বৃদ্ধিয়ে দেশখনৰ জনজীৱন ব্যাহত কৰি তুলিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ কোৰিয়াত দেওবাৰে উষ্ণতা বৃদ্ধিয়ে অভিলেখ সৃষ্টি কৰে।
যোৱা প্ৰায় এটা শতিকাৰো অধিক সময়ৰ পাছত দেশখনৰ তাপমাত্ৰাই ৪২ ডিগ্রী চেলছিয়াছৰ সীমা পাৰ কৰিলে। দেশখনৰ দক্ষিণ-পূবৰ মহানগৰ য়াংচানত দেওবাৰে তাপমাত্রা ৪২.৫ ডিগ্রী চেলছিয়াছ হয়গৈ। য়াংচান মহানগৰখন চলিত বৰ্ষৰ গ্ৰীষ্ম প্রবাহৰ অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছে। মহানগৰখনত একেৰাহে পঞ্চম দিনৰ বাবে তাপমাত্রাই ৪০ ডিগ্রী চেলছিয়াছৰ ঘৰ পাৰ কৰিলে।
উল্লেখযোগ্য যে দেশখনৰ বেছিভাগ স্থানতেই চলিত বর্ষত উষ্ণতা যথেষ্ট বৃদ্ধি হৈছে। প্রায়বোৰ নগৰ-চহৰতে উষ্ণতাই ৩০ ডিগ্রী চেলছিয়াছৰ ঘৰ পাৰ কৰিছে।