আঘাতপ্রাপ্ত পোৰোৰ সৈতে সুকীয়াকৈ অনুশীলন, ফাইনেলৰ পূৰ্বে য়ামালক লৈ জল্পনা-কল্পনা

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : বিশ্বকাপৰ ফাইনেলৰ আগেয়ে উদ্বেগ বৃদ্ধি পাইছে লামিনে য়ামালক লৈ। স্পেইনৰ ১৯ বছৰীয়া ষ্ট্ৰাইকাৰ য়ামালে সুকীয়াকৈ অনুশীলনত নমাৰ বাবেই এই জল্পনাৰ সৃষ্টি হৈছে। য়ামালৰ সৈতে একেলগে অনুশীলনত ব্যস্ত আছে ডিফেণ্ডাৰ পেড্রো পোৰো।

বৃহস্পতিবাৰে নিউজাছীত সমগ্র স্পেইনৰ দলটোৱে অনুশীলন কৰিলেও য়ামাল আৰু পোৰো অনুপস্থিত আছিল। উভয়ে সুকীয়াকৈ ঘাম পেলাইছিল। য়ামাল আৰু পোৰোৱে পাতলীয়া অনুশীলন কৰিছিল। স্বাভাৱিকভাৱেই আর্জেন্টিনাৰ বিৰুদ্ধে ১৯ জুলাইৰ ফাইনেলৰ আগেয়ে প্রথম একাদশৰ দুই গুৰুত্বপূৰ্ণ সদস্যক লৈ উদ্বেগৰ সৃষ্টি হৈছে সমৰ্থকৰ মাজত। তাৰ মাজতে স্পেনিছ ফুটবল ফেডাৰেশ্যনে প্ৰকাশ কৰিছে যে ১৯ জুলাইৰ ফাইনেলত দুয়োগৰাকী ফুটবলাৰেই খেলিব। 

গুৰুতৰ কোনো আঘাত নাই য়ামাল আৰু পোৰোৰ। ফ্ৰান্সৰ বিৰুদ্ধে ছেমি ফাইনেলত উভয়ে স্বছন্দে খেলিছিল। অৱশ্যে, জানিব পৰা মতে, ছেমি ফাইনেলত পোৰোৰ হেমষ্ট্রিঙত সামান্য টান লাগিছিল। সেয়ে, তেওঁক বিশ্রাম দিয়া হৈছে।

Share This