ফাইনেলৰ ৰেফাৰী শ্লাভকো ভিনচিচ

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : আর্জেন্টিনা আৰু স্পেইনৰ মাজৰ বিশ্বকাপ ফুটবলৰ ফাইনেলৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিছে শ্লোভেনিয়াৰ শ্লাভকো ভিনচিচে। অহা ১৯ জুলাইত নিউজাছীৰ মেট লাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ফুটবলৰ এইবাৰৰ মহাৰণখনত ৰেফাৰী হিচাপে নামিব ৪৬ বছৰীয়া ভিনচিচে।

অভিজ্ঞ ৰেফাৰী ভিনচিচে ২০২৪ উৱেফা চেম্পিয়নাহ লীগৰ ৰিয়েল মাদ্রিদ আৰু বৰুছিয়া ডর্টমুণ্ডৰ মাজৰ ফাইনেলত দায়িত্ব পালন কৰিছিল। ভিনচিচে ২০২২ উৱেফা ইউৰোপা লীগৰ ফ্ৰেংফুর্ট আৰু ৰেঞ্জাৰ্ছৰ মাজৰ ফাইনেলতো ৰেফাৰিঙৰ দায়িত্বত আছিল। 

আনহাতে, ২০২২ চনৰ কাটাৰ বিশ্বকাপতো ৰেফাৰী হিচাপে আছিল ভিনচিচ। সেইবাৰ গ্ৰুপ পৰ্যায়ত ছৌডি আৰবৰ হাতত ২-১ গ'ল আর্জেন্টিনা অপ্রত্যাশিতভাৱে পৰাজিত হোৱা খেলখনতো ৰেফাৰিঙৰ দায়িত্ব পালন কৰিছিল ভিনচিচে।

Share This