বহুচর্চিত বিধেয়কক লৈ আজি সংসদত আলোচনা

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : সংসদৰ বর্ষাকালীন অধিৱেশনত নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ চলি থকা অচলাৱস্থা আজি আঁতৰ হোৱাৰ সম্ভাৱনা আছে। সংসদীয় সূত্রই প্রকাশ কৰা মতে লোক সভাৰ অধ্যক্ষ ওম বিৰলাৰ তৎপৰতা আৰু সকলো দলৰ নেতাৰ সৈতে হোৱা আলোচনাৰ পাছত আজি ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্রতিবোধ) সংশোধনী বিধেয়কক লৈ বিতৰ্কৰ বাবে চৰকাৰ আৰু বিৰোধী পক্ষ সন্মত হৈছে। 

আজি লোক সভাত এই সংশোধনী বিধেয়কখনক লৈ আলোচনা কৰা হ'ব। বিতৰ্কত অংশগ্রহণ কৰিবলৈ সকলো আগশাৰীৰ বাজনৈতিক দলে সন্মতি জনাইছে। লোক সভাৰ অধ্যক্ষ বিৰলাই সকলো দলক এইবুলি অনুৰোধ জনায় যে এই বিষয়টো দেশৰ কোটি কোটি শিক্ষার্থী, যুৱক-যুৱতী আৰু প্রতিযোগিতামূলক পৰীক্ষাৰ স্বচ্চতাৰ সৈতে জড়িত হৈ আছে আৰু সেয়েহে ইয়াক লৈ ব্যাপক আৰু সার্থক আলোচনা হোৱা উচিত। অধ্যক্ষই এই আহবান জনোৱাৰ পাছতে বিভিন্ন ৰাজনৈতিক দলৰ সদনৰ নেতাসকলৰ সৈতে নিজে আলোচনা কৰে। ইয়াৰ পাছত বিৰোধী আৰু চৰকাৰী পক্ষাই সন্মতি জনাই আজি বিধেয়কখনক লৈ বিতংভাৱে আলোচনা কৰাৰ সিদ্ধান্ত লয়। এই বিধেয়কখনৰ জৰিয়তে ৰাজহুৱা পৰীক্ষাত প্রশ্নকাকত ফাদিল, নকল, সংগঠিত পৰীক্ষা মাফিয়া আৰু আন অনুচিত উপায়সমূহ প্রভাৱশালীভাৱে প্রতিৰোধ কৰাৰ উদ্দেশ্যে সংসদত উত্থাপন কৰা হৈছে। 

বিধেয়কখনক লৈ আজি হ'বলগীয়া বিতৰ্কৰ সময়ত বিভিন্ন দলে ইয়াৰ ব্যৱস্থাসমূহক লৈ নিজৰ পৰামৰ্শ তথা সংশোধনী প্রস্তাৱো উত্থাপন কৰিব পাৰিব। বিতৰ্কৰ পাছত চৰকাৰে সংশোধনী প্রস্তাৱসমূহৰ উত্তৰ দিব আৰু বিধেয়কখন গৃহীত কৰাৰ বাবে ভোটিঙৰ ব্যৱস্থা কৰিব। ইফালে বিৰোধী পক্ষই কালি একেৰাহে ষষ্ঠ দিনৰ বাবে সদনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰাত লোক সভা কেইবাবাৰো স্থগিত ৰখাৰ পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ মাজতে কালি পুৱা ১১ বজাত সদন মিলিত হোৱাৰ সময়তে কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে বিধেয়কখন লোক সভাত উত্থাপন কৰে। 

উল্লেখযোগ্য যে লোক সভা প্রথমে দুপৰীয়া ১২ বজা, পাছত ২ বজালৈ আৰু পাছত বিয়লি ৫ বজালৈ স্থগিত ৰাখে। ৫ বজাত সদন মিলিত হোৱাৰ সময়তো একেধৰণৰ পৰিৱেশে বিৰাজ কৰাত দিনটোৰ বাবে সদন স্থগিত ৰখা হয়। ৰাজ্য সভাতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰাত সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। ইফালে ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ পাছত কালি প্রথমবাৰৰ বাবে লোক সভাত উপস্থিত হোৱাত শাসকীয় পক্ষৰ সদস্যসকলে তেওঁক বীৰৰ দৰে আদৰণি জনায়। প্রাক্তন শিক্ষা মন্ত্রীজনক এন ডি এৰ সাংসদসকলে শ্বল আৰু মিথিলা পাগ পিন্ধাই আদৰণি জনোৱাৰ লগতে 'ধর্মেন্দ্র প্রধান জিন্দাবাদ' ধ্বনিও দিয়ে। উল্লেখযোগ্য যে নীট প্রশ্নকাকত ফাদিলক লৈ ককৰ'চ জনতা পার্টিয়ে কৰা আন্দোলনৰ পাছত ধর্মেন্দ্র প্রধানে যোৱা শনিবাৰে শিক্ষা মন্ত্ৰীৰ পদ ত্যাগ কৰিছিল ।

Share This