ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপত মঙলবাৰে নিশা ১২-৩০ বজাত এখন মহাৰণ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। সেইদিনা ছেমি ফাইনেলত খেলিব বিশ্বকাপৰ দুই প্ৰবল দাবীদাৰ দল ফ্রান্স আৰু স্পেইনে। এই ছেমি ফাইনেলখনে ইতিমধ্যে এইবাৰৰ বিশ্বকাপৰ ফাইনেলৰ আগতে হ'বলগীয়া ফাইনেল বুলি কোৱা হৈছে। এই মহাৰণখন অনুষ্ঠিত হ'ব ডালাছত।
উল্লেখযোগ্য যে স্পেইনে শুকুৰবাৰে লছ এঞ্জেলছত বেলজিয়ামক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত উপনীত হয়। আনহাতে ফ্রান্সে বষ্টনত মৰক্কোক ২-০ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলৰ টিকট কাটে। ক্লাব পর্যায়ত পৰস্পৰৰ প্ৰতিদ্বন্দ্বী কিলিয়ান এমবাপে আৰু লামিন য়মলৰ আকৰ্ষণীয় যুঁজ এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেই দিনা দেখিবলৈ পোৱাৰ আশা কৰা হৈছে। দুয়ো দলৰ মাজৰ এই মেচখনত অনুষ্ঠিত হ'ব ২০২৪ চনৰ ইউৰ' কাপৰ ছেমি ফাইনেলৰ ঠিক দুবছৰৰ পাছত।
ইউৰ' কাপৰ এই ছেমি ফাইনেল মেচখনত স্পেইনে ফ্রান্সক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰিছিল। এইবাৰৰ বিশ্বকাপত ফ্রান্সে সম্পূর্ণৰূপে আধিপত্য বিস্তাৰ কৰি আছে। প্রতিযোগিতাত এতিয়ালৈকে খেলা ৬খন মেচৰ ছয়খনতে ফ্রান্সে জয়লাভ কৰিছে। যদি ছেমি ফাইনেলত ফ্রান্সে স্পেইনক পৰাজিত কৰিব পাৰে তেতিয়া এক অভিলেখৰ সৃষ্টি হ'ব। একেখন বিশ্বকাপত একেৰাহে সাতখন মেচত জয়লাভ কৰি ২০০২ চনত ব্রাজিলে গঢ়া অভিলেখ স্পর্শ কৰিব।
ফ্ৰান্সৰ অধিনায়ক এমবাপে এই বাৰৰ প্রতিযোগিতাত দুর্দান্ত খেল প্ৰদৰ্শন কৰি দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ উইনাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ বিশ্বকাপত এতিয়ালৈকে খেলা ছয়খন মেচত আঠটা গ'ল দিয়ে। ইয়াৰ লগতে একেৰাহে দুখন বিশ্বকাপত কমেও আঠটা গ'ল দিয়া তেওঁ প্রথমজন খেলুৱৈৰূপে পৰিগণিত হৈছে। ইফালে প্ৰথমবাৰলৈ বিশ্বকাপত খেলা মাইকেল ওলিছ ফৰাচী দলটোৰ এক তৰুণ ফুটবল চাঞ্চল্যৰূপে ফুটি উঠে। তেওঁ এতিয়ালৈকে ছখন মেচত ছটা গ'লত সহায় কৰিছে। তেওঁ আৰু এটা গ'লত সহায় কৰাৰ লগে লগে ব্রাজিলৰ মহান পেলেৰ অভিলেখ স্পর্শ কৰিব পাৰিব। ইফালে এইবাৰৰ বিশ্বকাপত স্পেইনে ফ্ৰান্সৰ দৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু দলটোৱে জয় কেনেকৈ অৰ্জন কৰিব লাগে সেই কৌশল সুন্দৰকৈ আয়ত্ত কৰিছে। ছৌডি আৰব আৰু অষ্ট্ৰিয়াৰ বিৰুদ্ধে জয়ক বাদ দি স্পেইনে আন কেউখন মেচতে মাত্ৰ এটা গ'লৰ ব্যৱধানত জয়লাভ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথাটো হ'ল স্পেইনে দুখন মেচত বিজয়সূচক গ'ল দিয়ে খেলৰ ৮৫ মিনিটৰ পাছত। এইবাৰৰ বিশ্বকাপত স্পেইনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল শক্তিশালী ডিফেন্স। বেলজিয়ামৰ বিৰুদ্ধে গ'ল খোৱাৰ আগলৈকে স্পেইনক একেৰাহে ছখন মেচত প্রতিদ্বন্দ্বী দলে গ'ল দিব পৰা নাছিল। বিশ্বকাপৰ ই এক অভিলেখ। ইয়াৰ লগতে গ'ল বাৰৰ সন্মুখত প্ৰাচীৰৰ দৰে থিয় হৈ থকা গ'লকীপাৰ উনাই চিমনো দলটোৰ আন এক প্রধান শক্তি। উনাই ছিমনে একেৰাহে ৬৫০ মিনিট দলক গ'লৰ পৰা ৰক্ষা কৰি এক বিশ্ব অভিলেখো গড়ে।
উল্লেখযোগ্য যে ২০২১ চনৰ নেশ্যন্দু লীগৰ ফাইনেলত ফ্রান্সে স্পেইনক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰিছিল। ইয়াৰ পাছত দুয়োটা দলে খেলা দুখন খেলত স্পেইন আগবাঢ়ি আছে। ২০২৪ চনৰ ইউৰ' কাপৰ ছেমি ফাইনেলত স্পেইনে ফ্রান্সক ২-১ গ'লত পৰাজিত কৰে। আনহাতে যোৱা বছৰ নেশ্যন্ন্থ লীগত স্পেইনে ফ্রান্সক ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰিছিল।