ডিজিটেল ডেস্ক : প্রশ্নকাকত ফাদিল আৰু পৰীক্ষাত অনিয়ম প্ৰতিৰোধৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এখন বৈঠকত প্রশ্নকাকত বিধেয়ক সংশোধনীত অনুমোদন জনোৱা হয়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী কিৰণ ৰিজিজুৱে জনোৱা মতে অহা ২৭ জুলাইত এই বিধেয়কখন সংসদত উত্থাপন কৰা হ'ব।
উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে বৃহস্পতিবাৰে নিশা জাৰি কৰা এটা ভিডিঅ'ত এই বুলি জনাইছিল যে প্রশ্নকাকত ফাদিল প্রতিৰোধ সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে কেবিনেটত আলোচনা কৰা হ'ব আৰু পাছত এই বিধেয়ক সংসদত উত্থাপন কৰা হ'ব। ৰিজিজুৱে কয়, চৰকাৰে সোমবাৰে ছাত্র-ছাত্রীসকলৰ সৈতে জড়িত বিধেয়ক সংসদত উত্থাপন কৰিব। এই বিধেয়কত অকণো পলম হ'ব নালাগে বুলি প্রধানমন্ত্রীয়ে কৈছে। যদি কংগ্রেছে ছাত্র-ছাত্রীসকলৰ বিষয়টোক লৈ সংসদৰ কামকাজত বাধাৰ সৃষ্টি কৰে তেতিয়া দলটো নিজে জালত পৰিব।'
নতুন সংশোধনী আইনত প্রশ্নকাকত ফাদিল তথা পৰীক্ষাত অনিয়মৰ অভিযোগত দোষী সাব্যস্ত হ'লে সর্বাধিক ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে প্রশ্নকাকত ফাদিলৰ অভিযোগৰ গোচৰৰ খৰতকীয়া বিচাৰৰ বাবে ফাষ্ট ট্রেক আদালতক আইনী বৈধতা দিয়া হ'ব। এই আদালতে তিনি মাহৰ ভিতৰত এনে গোচৰৰ ৰায়দান কৰিব লাগিব।