বিশ্বকাপ শীর্ষ ৪টা মহাশক্তিৰ হ'ব যুঁজ

dainik janambhumi July 13, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপ আটাইতকৈ ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে। প্রতিযোগিতাৰ ছেমি ফাইনেল খেলিবলগীয়া চাৰিওটা দল কালি নিশ্চিত হৈ পৰে। এইবাৰৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেলিবলগীয়া দল চাৰিটাই এনে এক অভিলেখৰ সৃষ্টি কৰে। বিশ্বকাপৰ ৯৬ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিঙত শীর্ষ স্থানত থকা চাৰিওটা দলে ছেমি ফাইনেলত প্রতিদ্বন্দ্বিতা কৰিব। 

বিশ্বকাপৰ ছেমি ফাইনেলত সর্বপ্রথমে উপনীত হোৱা ফ্রান্স বিশ্বৰ প্ৰথম স্থানৰ দল। আনহাতে, আর্জেন্টিনা দ্বিতীয়, স্পেইন তৃতীয় আৰু ইংলেণ্ড চতুর্থ স্থানত আছে। বিশ্ব ফুটবলৰ আটাইতকৈ শক্তিশালী এই দল চাৰিটাৰ মাজত হ'বলগীয়া যুঁজ দুখন সঁচাকৈয়ে অতি আকর্ষণীয় হ'ব বুলি আশা কৰা হৈছে। ইফালে, ছেমি ফাইনেলত উপনীত হোৱা চাৰিটা দলৰ ভিতৰত তিনিটাই ইউৰোপৰ। একমাত্র আর্জেন্টিনা দক্ষিণ আমেৰিকা মহাদেশৰ দল। মন কৰিবলগীয়া যে সাধাৰণতে বিশ্বকাপত শীর্ষস্থানীয় দলসমূহৰ এটা নহয় এটা দল অঘটনৰ সন্মুখীন হয়, কিন্তু এইবাৰ সেইটো দেখা পোৱা নগ'ল। 

উল্লেখযাগ্য যে ফিফাই বিশ্ব ফুটবলত ৰেংকিং ব্যৱস্থা প্রথমে আৰম্ভ কৰিছিল ১৯৯২ চনত। তেতিয়াৰ পৰা বিগত ৮খন বিশ্বকাপত প্রথম চাৰিটা দলে কেতিয়াও ছেমি ফাইনেলত খেলা নাছিল।

Share This