পাৰপত্ৰ অবিহনে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত, শাস্তিৰ ম্যাদ ওকলাত সূতাৰকান্দী শুল্ক বন্দৰেৰে বাংলাদেশীক হস্তান্তৰ

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : পাৰপত্ৰ অবিহনে অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা এক বাংলাদেশীৰ ম্যাদ উকলাত কালি নিজ দেশলৈ ওভতাই পঠিওৱা হয়। শ্রীভূমি জিলাৰ সূতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে স্থল বন্দৰেৰে হস্তান্তৰ কৰা হয়। 

সূতাৰকান্দী বিয়ানীবজাৰ শেওলা সীমান্তৰে বি এছ এফ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাই ব'ৰ্ডাৰ গার্ড বাংলাদেশ আৰু ইমিগ্রেশ্যন পুলিচৰ হাতত পৰিয়ালৰ উপস্থিতিত চমজাই দিয়ে। এই বাংলাদেশীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ আৰক্ষীয়ে সূতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্রত উপস্থিত হয়। দিনৰ ১১-৪৫ বজাত ১৩৬০ নং পিলাৰত নি বি এছ এফৰ সহযোগত অসম আৰক্ষীয়ে চমজায়। 

উল্লেখযোগ্য যে ২০২২ চনত মেঘালয় সীমান্তৰ চোৰাং পথেৰে অবৈধভাৱে এই বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে। তাৰ পৰা দালালৰ সহযোগত কাছাৰ জিলাৰ লক্ষীপুৰত উপস্থিত হয়। লক্ষীপুৰ আৰক্ষীয়ে ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত আটক কৰি আদালতত হাজিৰ কৰায়। আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে। দীর্ঘ চাৰি বছৰ কাৰাবাস খটাৰ পিছত শাস্তিৰ ম্যাদ উকলাত কালি এই বাংলাদেশীজনক হস্তান্তৰ কৰা হৈছে। ওভতাই পঠিওৱা বাংলাদেশীটো হ'ল সুনামগঞ্জ জিলাৰ দোৱাৰ বজাৰ থানাৰ অন্তৰ্গত কালিকাপুৰ গাঁৱৰ বাসিন্দা আব্দুল মান্নানৰ পুত্ৰ জাকিৰ হুছেইন (৩৪)। 

বাংলাদেশী জাকিৰক হস্তান্তৰ কৰাৰ সময়ত বাংলাদেশৰ বিয়ানীবজাৰ উপজিলাৰ শেওলা ইমিগ্ৰেশ্যনৰ পুলিচ ইনচার্জ এছ আই এছ, এইচ চজল, ৫২ বি জি বিৰ বৰগ্ৰাম কেম্পৰ কোম্পানী কামাণ্ডাৰ, বি জি বি সদস্য শ্রীভূমিৰ বি এছ এফৰ সূতাৰকান্দীৰ কোম্পানী কমাণ্ডাৰ, ইমিগ্ৰেশ্যনৰ পুলিচ ইনচার্জ, সীমান্ত শাখাৰ আৰক্ষী উপস্থিত থাকে।

Share This