ফিফাৰ উপাৰ্জনৰ নতুন সুযোগ, ফাইনেলৰ পিটচৰ টুকুৰা বিক্ৰী কৰিব

dainik janambhumi July 12, 2026

ডিজিটেল ডেস্ক : ফুটবলৰ বিশ্বকাপৰ জৰিয়তে ফিফাই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ আশা কৰা হৈছে। শেহতীয়াকৈ ফিফাই বিশ্বকাপৰ পৰা বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ আন এক সুযোগ বিচাৰি উলিয়াইছে। 

ফিফাই এতিয়া বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হ'বলগীয়া নিউয়কৰ মেটলাইফ ষ্টেডিয়ামৰ পিটচৰ টুকুৰা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। বিশ্বকাপৰ টিকট উচ্চ দামত বিক্ৰী কৰাক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে ফিফাই এই সিদ্ধান্ত লয়। 

উল্লেখযোগ্য যে ফাইনেলখন ১৯ জুলাইত মেটলাইফ স্টেডিয়ামত অনুষ্ঠিত হ'ব। ইয়াত ব্যৱহাৰ কৰা পিটচৰ প্ৰতি টুকুৰা ৪৫০ ডলাৰ অৰ্থাৎ প্রায় ৪৩ হাজাৰ টকাত বিক্ৰী কৰিব। ফিফাৰ তথ্য মতে পিটচৰ প্রতিটো টুকুৰা ১৭.৫×১৭.৫×১৭.৫। কিন্তু ইয়াৰ একক ইঞ্চি নে চেন্টিমিটাৰ নে মিলি মিটাৰ সেই কথা প্রকাশ কৰা হোৱা নাই। ফাইনেলৰ পাছতে ক্ৰয় কৰিবলৈ বিচৰা লোকলৈ এই টুকুৰা প্ৰেৰণ কৰা হ'ব।

Share This