দিখৌৰ পানী হ্রাস পাইছে, কিন্তু বাঢ়িছে নতুন বিপদ, তলাতল ঘৰ-ৰংঘৰলৈ আহিছে ভাবুকি

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : দিখৌ নদীৰ বাঢ়নী পানী ক্রমশঃ হ্রাস পাইছে যদিও তাৰ লগে লগে ভয়ংকৰ ৰূপ লৈছে নদীখনৰ খহনীয়াই। এইবাৰৰ বিধ্বংসী বানৰ পাছত শিৱসাগৰৰ দিখৌ নদীৰ মথাউৰিৰ একাধিক স্থানত নতুনকৈ সংকটৰ সৃষ্টি হৈছে। বিশেষকৈ শিৱসাগৰ নগৰৰ সমীপৰ মেটেকা মাজগাঁও অঞ্চলত দিখৌৰ প্ৰচণ্ড খহনীয়াই মথাউৰিটোক মৃত্যুফান্দত পৰিণত কৰিছে। ইতিমধ্যে প্রায় এশ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নদীৰ গৰ্ভত জাহ গৈছে, যাৰ ফলত অঞ্চলবাসীৰ মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে। 

বিশেষজ্ঞসকলৰ মতে, আগন্তুক সময়ত পুনৰ যদি দিখৌত উজনিৰ ধল নামি আহে, তেন্তে এই দুর্বল অংশ যিকোনো মুহূর্ততে ছিগি যাব পাৰে। এনে পৰিস্থিতি সৃষ্টি হ'লে কেৱল বিস্তীর্ণ অঞ্চল পুনৰ জলমগ্ন হোৱাই নহয়, ব্যাপক হাৰত কৃষিভূমি, বাসগৃহ আৰু জনসম্পদ ধ্বংস হোৱাৰ আশংকা প্রকট হৈ উঠিছে। ইয়াৰ উপৰি অসমৰ গৌৰৱৰ প্ৰতীক ঐতিহাসিক তলাতল ঘৰ, কাৰেংঘৰ, ৰংঘৰ আৰু গোলাঘৰৰ অস্তিত্বও ভাবুকিৰ সন্মুখীন হ'ব পাৰে। মথাউৰি ছিগি গ'লে মেটেকা মাজগাঁও, মেটেকা কুৰুলাকটীয়া, মেটেকা লাইমেকুৰী, মেটেকা হাত আলি, দুৱৰণি আলি, বৰ আলি, মেটেকা শলগুৰীয়া চুক, ৰাংচলিহা গাঁও, আমগুৰি গাঁও, জোলা গাঁও, চিপাহী গাঁও, সুন্দৰপুৰ, পাহি গাঁও, শলগুৰি, কালুগাঁও, গায়ন গাঁও, মগৰাহাট চেতিয়া গাঁও, চাংমাই গাঁও, গড়কাষৰীয়া গাঁও, দোলাকাষৰীয়া গাঁও, জয়সাগৰ, ৰুদ্ৰসাগৰ, বগীদ'ল, ভকতগাঁও, বেজগাঁও, ৰংঘৰ চাৰিআলি, ঢুলীয়াপাৰ, জোনাকী নগৰ, ন-আলি আৰু হাতীখোঁক আদি বিস্তীর্ণ অঞ্চল বানপানীৰ কবলত পৰাৰ আশংকা কৰা হৈছে। 

ইফালে, বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগৰ অভিযন্তা আৰু কৰ্মচাৰীসকলে মেটেকা মাজগাঁৱত খহনীয়া প্ৰতিৰোধৰ বাবে জৰুৰী ভিত্তিত কাম অব্যাহত ৰাখিছে। কিন্তু স্থানীয় ৰাইজৰ মতে, সাময়িক মেৰামতিৰে এই বিশাল খহনীয়া কিমানদিন নিয়ন্ত্ৰণ কৰিব পৰা যাব, সেয়া এতিয়াও অনিশ্চয়তাৰে আৱৰি আছে। কেৱল মেটেকা মাজগাঁৱতেই নহয়, ইয়াৰ উজনিৰ প্ৰায় দুই কিল'মিটাৰ দূৰত মেচাগড় কোঁৱৰ গাঁৱৰ দিখৌ মথাউৰিও অতি দুৰ্বল হৈ পৰিছে। বিভাগে বালি আৰু মাটিৰ বস্তাৰে মথাউৰিটো সুৰক্ষিত কৰাৰ চেষ্টা চলাই আছে যদিও বিপদ এতিয়াও আঁতৰা নাই। একেদৰে, মেটেকা মাজগাঁৱৰ নামনিত থকা মেটেকা ঘাট অঞ্চলতো মথাউৰিৰ বহু অংশ দুৰ্বল হৈ পৰিছে। ইয়াতো মাটি-বালিৰ বস্তা আৰু বাঁহৰ জোং ব্যৱহাৰ কৰি মথাউৰি ৰক্ষাৰ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে, দিছিয়াল অঞ্চলতো দিখৌৰ খহনীয়াই মথাউৰিৰ স্থায়িত্বক ভয়ংকৰভাৱে ক্ষতিগ্রস্ত কৰিছে। 

স্থানীয় লোকসকলে অভিযোগ কৰিছে যে বৰ্তমান চলি থকা মেৰামতিৰ কামে তাৎক্ষণিক সকাহ দিব পাৰে যদিও দীৰ্ঘম্যাদী সুৰক্ষাৰ বাবে স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ অতি প্রয়োজন। অন্যথা, সামান্য বৰষুণ বা উজনিৰ নতুন ধলেও পুনৰ শিৱসাগৰ জিলাৰ বিস্তীর্ণ অঞ্চলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এইপৰিস্থিতিত জলসম্পদ বিভাগে যদি আগতীয়াকৈ বিজ্ঞানসন্মত আৰু স্থায়ী ব্যৱস্থা গ্রহণত ব্যর্থ হয়, তেন্তে দিখৌৰ কাষৰীয়া অঞ্চলসমূহত পুনৰ এক ভয়াৱহ দুর্যোগে দেখা দিয়াৰ আশংকা একেবাৰে উলাই কৰিব নোৱাৰি। দিখৌৰ পানী কমিলেও, নদীখনৰ বুকুত নীৰৱে আগবাঢ়ি অহা এই খহনীয়াই এতিয়া শিৱসাগৰৰ বাবে নতুন আৰু অধিক ভয়ংকৰ বিপদৰ ঘণ্টা বজাইছে।

Share This