ৰঘুৰাম ৰাজন, ৰাজ চেত্রী, আশা শর্মা, আমেৰিকাৰ কেন্দ্রীয় বেংকত ভাৰতীয় মূলৰ ৩ ব্যক্তিক নিযুক্তি

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ কেন্দ্ৰীয় বেংক 'ইউ এছ ফেডাৰেল ৰিজার্ভ' (ফেড)-এ আর্থিক নীতি পর্যালোচনা কৰিবলৈ নিয়োগ কৰা প্ৰধান কাৰ্যবাহী গোটত (টাস্ক ফ'ৰ্চ) ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজন, দিল্লীত জন্ম গ্রহণ কৰা অর্থনীতিবিদ ৰাজ চেট্টী আৰু মাইক্ৰছফ্টৰ কাৰ্যবাহী আশা শর্মাক নিয়োগ কৰা হৈছে। 

যোগাযোগ, বেলেন্স শ্বীট নীতি, ডাটা, উৎপাদনশীলতা আৰু চাকৰি তথা মুদ্রাস্ফীতিৰ ৰূপৰেখাকে ধৰি আৰ্থিক নীতি নির্ধাৰণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ পৰীক্ষাৰ বাবে ফেডৰ নৱনিযুক্ত অধ্যক্ষ কেভিন ৱার্শ্বে পাঁচটা কার্যবাহী গোটৰ ঘোষণা কৰে। ফেডাৰেল ৰিজাৰ্ভৰ মতে উক্ত গোটবোৰক বেংকটোৰ কৰ্মচাৰীয়ে সহায়-সহযোগ কৰিব, কিন্তু এইবোৰে স্বতন্ত্রভাবে কাম কৰিব তথা ফেডাৰেল অ'পেন মার্কেট কমিটীলৈ (এফ অ' এম চি) পৰামৰ্শ প্ৰেৰণ কৰিব। ৰঘুৰাম ৰাজনক বেলেন্স শ্বীট নীতি কাৰ্যবাহী গোটৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ সৈতে গোটটোত আছে হার্ভার্ডৰ অৰ্থনীতিবিদ কাৰেন ডাইনান আৰু ফেডাৰেল ৰিজাৰ্ভৰ প্ৰাক্তন গৱৰ্নৰ জেৰেমী ষ্টেইন। 

হার্ভার্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ ৰাজ চেট্টীয়ে সেৱা আগ বঢ়াব ডাটা কার্যবাহী গোটত। তেওঁৰ সৈতে থাকিব ডাগ মেকমিলন আৰু চিকাগো বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ কেভিন মার্ফি। মাইক্ৰ'ছফটৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু এক্সবক্সৰ মুখ্য কাৰ্যবাহী বিষয়া আশা শর্মাক নিয়োগ কৰা হৈছে উৎপাদনশীলতা আৰু চাকৰি বিষয়ৰ কাৰ্যবাহী গোটত। তেওঁৰ সৈতে থাকিব মার্ক এণ্ড্ৰীছেন আৰু অর্থনীতিবিদ চার্লছ আই জ'ন্‌ছ।

Share This