ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত ভাইৰেল হৈ থকা প্রতিটো ভিডিঅ' চালে অনুভৱী মানুহৰ অন্তৰে হাহাকাৰ কৰি উঠে। ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে অভাৱনীয় প্রলয়ংকৰী বানত জনজীৱন বিধ্বস্ত হৈ পৰা যোৱা চাৰিদিনৰ ছবিখনৰ ৰূপ এটা তুলি ধৰি মন্তব্য কৰিছে যে উত্তৰাখণ্ডত ২০১৩ চনত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাতকৈ উজনি অসমৰ ৩খন জিলাৰ অৱস্থাটো অধিক ভয়াৱহ। তেখেতে এটা 'প'ষ্ট'ত লিখিছে যে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বিহুবৰ অঞ্চলটো গাখীৰ উৎপাদনৰ কেন্দ্ৰ। তাত বিভিন্ন ঠাইৰ পৰা শ্ৰম কৰিবলৈ যোৱা কিমান মানুহ মৰিল কোনেও ক'ব নোৱাৰে। পৰিস্থিতি শান্ত হ'লেহে আচল ছবিখন পোহৰলৈ আহিব। কিছুমান মানুহ চিনাক্ত নোহোৱাকৈয়ে থাকি যাব পাৰে। তাত হাজাৰ হাজাৰ পশুধন ওপঙি আছে। অন্য এটা 'প'ষ্ট'ত এগৰাকী মহিলাই নিজৰ তচনচ্ হৈ পৰা ঘৰটোত সোমাই উচুপি উচুপি কৈছে- 'শূন্য হাতে আহিছিলোঁ, বহু কষ্ট কৰি ঘৰখন গঢ়িছিলোঁ, এতিয়া আকৌ শূন্য হৈ গ'লোঁ, একোৱেই নাই।' এজনে এটা 'প'ষ্ট'ত বোকা-পানীৰে বিধ্বস্ত হৈ থকা নিজৰ চুবুৰিটোৰ দূৰৈত বোকাৰ মাজত পৰি থকা মানুহৰ মৃতদেহ এটালৈ আঙুলিয়াই কৈছে, 'জীৱনৰ একো মূল্য নাই দেই...!' ভাইৰেল হোৱা প্ৰতিটো 'প'ষ্ট', প্রতিটো ভিডিঅ'ই উজনি অসমৰ মানুহখিনিয়ে সম্মুখীন হোৱা জীৱনৰ চৰম দুৰ্যোগৰ বুকু ভঙা কাহিনী কৈছে। কথাটো হ'ল, গম নোপোৱাকৈ, সাজু হ'বলৈ অলপো সময় নোপোৱাকৈ অহা পানীৰ ধলত যিসকল হেৰাই গ'ল, গ'লেই। তেওঁলোকৰ বাবে হৃদয়ত গভীৰ বেদনা অনুভৱ কৰাৰ বাদে কৰিবলৈ একো নাই। কিন্তু, যিসকলৰ প্ৰাণৰক্ষা পৰিল তেওঁলোকে এতিয়া বাকী থকা জীৱনটো কেনেকৈ কটাব সেইটোহে জ্বলন্ত প্রশ্ন। এই অভাৱনীয় বানৰ কবলত পৰা হাজাৰ হাজাৰ পৰিয়াল (প্রকৃত সংখ্যাটো পাছতহে জনা যাব, ওলাব) যি সর্বস্ব হেৰুৱালে, কেৱল প্রাণটোহে বাচি আছে, সেই মানুহবোৰে পানী শুকোৱাৰ পাছত উভতি গৈ নিজৰ ঘৰখনত কি পাব! কোনোবাই হয়তো ঘৰটোও থাকিব পৰা অৱস্থাত নেদেখিবগৈ।
জঁকাটোৰ দৰে কাৰোবাৰ ঘৰটো থাকিব যদিও, ভিতৰত গৈ একোৱেই নাপাব। খাবলৈ একো নাপাব, পিন্ধিবলৈ নাপাব বস্তু, ভঁৰালৰ ধানকেইটাও বোকা-পানীৰ সৈতে একাকাৰ হৈ থাকিব। গোহালিৰ গৰু, গড়ালৰ ছাগলী, হাঁহ একোৱেই নাপাবগৈ উভতি গৈ। কোনোবাই যদি দোকান এখন দি পৰিয়াল পোহপাল দি আছিল, সিও হয়তো এতিয়া পৰিণত হৈছে ধ্বংসস্তূপত। ল'ৰা-ছোৱালীকেইটাই পঢ়িবলৈ কিতাপ এখনো নাপাবগৈ। শুনিবলৈ পোৱা মতে এজন ব্যক্তিয়ে পোন্ধৰ বছৰ ধৰি শ্ৰম কৰি এখন ছাগলীৰ পাম গঢ়ি তুলি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰিছিল। সেই পামৰ সকলো ছাগলী পানীত উটি গ'ল। এনেকুৱা কত উদ্যোগীৰ জীৱনৰ সমস্ত শ্রম যে পানীয়ে উটুৱাই নিলে তাৰ সীমা-সংখ্যা নাই। এওঁলোকে এতিয়া নতুনকৈ জীৱনটো কেনেকৈ ঠন ধৰাব সেইটোৱেই আজিৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে তিনিওখন জিলাৰ কেইবাটাও আশ্রয় শিবিৰলৈ গৈ স্বীকাৰ কৰিছে যে ভবাতকৈ ক্ষয়-ক্ষতি বহুত বেছি হৈছে। তেখেতে লগতে পীড়িত মানুহবোৰক এইবুলিও আশ্বাস দিছে যে চৰকাৰে সকলোকে সহায় কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক ইতিমধ্যে দিয়া ১২০০ কোটি টকা মজুত আছে। কিন্তু বানপানীত যিমান ক্ষতি হ'ল তাৰ তুলনাত এই ধনৰাশি এপাচি শাকত এটা জালুকৰ দৰেহে হ'ব যেন লাগে। বানৰ ধলে গাঁও-ভূঁই, নগৰ-চহৰৰ যিমান পথ, দল, স্কুলৰ ক্ষতি সাধন কৰিলে সেইবোৰৰ মেৰামতি কৰিবলৈকে এইখিনি ধন পর্যাপ্ত হ'ব নে নাই সেয়া চৰকাৰেহে জানিব। তদুপৰি, মুখ্যমন্ত্ৰীৰ সহায়ৰ ইচ্ছা থাকিলেও চৰকাৰী সাহায্য পোৱাৰ প্ৰক্ৰিয়াটোৰ যি পাক তাত সকলো ক্ষতিগ্রস্ত পৰিয়ালে সহায় পাবই বুলি আশ্বস্ত হ'ব নোৱাৰি। এতিয়া বানৰ সময়ত খোৱাপানী এটুপি বিচাৰি মানুহে হাহাকাৰ কৰি থকা সময়ত স্থানীয় প্রশাসনসমূহে সকলোকে পানীয়েই যোগান ধৰিব পৰা নাই। গতিকে, বন্যাবিধ্বস্ত এই লোকসকলক জীয়াই থকাৰ পৰৱৰ্তী যুঁজখন যুঁজিবলৈ কেৱল চৰকাৰে আৰ্থিক বা অন্য সকাহ দিব পাৰিব বুলি ক'ব নোৱাৰি। তখন জিলাৰ এই যন্ত্রণাদগ্ধ অৱস্থাত পৰি থকা মানুহখিনিৰ জীয়াই থকাৰ যুঁজখনলৈ আচলতে সহায়ৰ হাত আগবঢ়াব লাগিব ৰাজ্যৰ অন্যান্য অংশৰ লোকসকলে।
এক অর্থত ক'বলৈ গ'লে উজনিৰ ৩ জিলাৰ মানুহখিনিক এতিয়া ৰাইজেই বচাব লাগিব। যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াওক। পীড়িতসকলক ঘৰখনত সোমাব পৰা অৱস্থা এটা কৰি দিব লাগিব, পুৱা-গধূলিৰ পেটৰ অন্নখিনিৰ ব্যৱস্থা কৰিব লাগিব, গাত ল'বলৈ এডোখৰ কাপোৰৰ ব্যৱস্থা কৰি দিব লাগিব। ইমানেই নহয়, শালি খেতিৰ এই ভৰ বতৰত দুৰ্যোগৰ কবলত পৰা মানুহখিনিক পথাৰত গুঁজিবলৈ কঠীয়াকেইডালো ৰাইজেই যোগাৰ কৰি দিব লাগিব। নহ'লে এই মানুহখিনি জীয়াই জীয়াই মৰিব। অসমীয়া জাতিয়ে 'মাউখে উটিব' জানে। এই মহাপ্রলয়ৰ সময়তো অসমীয়া জাতিয়ে 'মাউখে উটিব' পৰাৰ সক্ষমতা প্রদর্শন কৰিব লাগিব। সদৌ অসম ছাত্র সন্থা, অসম সেনা, লাচিত সেনা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে জাতীয় দল-সংগঠনসমূহে
এই 'মাউখে উটা' অভিযানৰ নেতৃত্ব লওক।