বিশ্বাস-বিতর্ক

Dainik Janambhumi August 04, 2026

ডিজিটেল ডেস্ক : প্রাচীন ভাৰতীয় সভ্যতাই কালান্তবৰ যাত্ৰাৰ মাজেৰে আহি একৈশ শতিকাত উপনীত হোৱা পর্যন্ত, এই সভ্যতাৰ কিছুমান উপাদান বিশ্বাসৰ ৰূপত প্রৱাহ ঘটি আজিৰ আধুনিক জীৱন যাত্রাতো এনেদৰে সংপৃক্ত হৈ পৰিছে যে বিজ্ঞানমনস্ক বিচাৰত এইবোৰ অর্থহীন যেন লাগিলেও বৃহত্তৰ ভাৰতীয় সমাজে এই বিশ্বাসবোৰ জীৱনযাত্রাত পৰিহাৰ কৰিব পৰা নাই। যিমানেই বিজ্ঞানৰ উত্তৰণ নঘটক বা বিজ্ঞান শিক্ষাৰ প্ৰসাৰ নঘটক কিয়, জীৱন যাত্রাত বদ্ধমূল হৈ থকা এনে বিশ্বাসবোৰ পৰিহাৰ কৰাৰ চিন্তা গৰিষ্ঠ অংশৰ ভাৰতীয়ই কৰিব নোৱাৰে; ইয়াক বাদ দি জীৱন, সমাজ অসম্পূর্ণ। ২০২৩ চনৰ ১৩ জুলাইত 'ইছৰ'ৰ চন্দ্ৰ অভিযানৰ সাফল্য কামনা কৰি দেশৰ সৰ্বোচ্চ মহাকাশ অভিযান সংস্থাটোৰ বৈজ্ঞানিক সচিব শান্তনু ভাতাবডেকাৰ, প্রকল্প সঞ্চালক পি বীৰামুথুবেলৰ নেতৃত্বত এদল বিজ্ঞানীয়ে তিৰূপতিৰ ভেংকটচলপতি মন্দিৰত পূজা-অর্চনা কৰিছিল। 'ইছৰ'ৰ তদানীন্তন মুৰব্বী এছ সোমনাথেও 'চন্দ্রযান-৩' অভিযানৰ সময়ত পুজা দিছিল তিৰুপতি বালাজী মন্দিৰত।

এই বিশ্বাসবোৰে মানুহক সাহস দিয়ে বাবেই যুক্তিৰ বিচাৰ বহুক্ষেত্রত অচল। বিশ্বৰ সকলো সমাজৰে নিজস্ব কিছুমান পৰম্পৰা থাকে। এই পৰম্পৰা হৈছে বিভিন্ন ক্ষেত্ৰত মানুহৰ জ্ঞান আৰু কর্ম-অভ্যাসব অভিজ্ঞতালব্ধ একো একোটা ধাৰা। ইয়াৰে কিছুমান পৰম্পৰা সুস্থ, আৰু কিছুমান অসুস্থ। সুস্থ পৰম্পৰাবিলাকে সমাজক সুন্দৰ কৰাত অৱদান যোগায়। আয়ুর্বেদ এনে এক সুস্থ ভাৰতীয় পৰম্পৰা, যি হাজাৰ হাজাৰ বছৰজোৰা চিন্তা-সাধনা আৰু ব্যৱহাৰৰ মাজেৰে ভাৰতীয় জীৱনৰ অংগ হৈ পৰাৰ সমান্তৰালকৈ, ন ন চিন্তা আৰু পৰীক্ষাৰে ই সমৃদ্ধ হৈ, এই একৈশ শতিকাত ই ভাৰতীয় আনুষ্ঠানিক চিকিৎসা সেৱাৰ এক ধাৰালৈ ৰূপান্তৰিত হৈছে। এফালে হাজাৰ হাজাৰ বছৰীয়া সভ্যতাই বোৱাই অনা বিশ্বাস-পৰম্পৰাৰ ধাৰা, আৰু অন্যফালে বিজ্ঞানমনস্কতাই এনেকুৱা বিশ্বাসবোৰক অস্বীকাৰ কৰাৰ প্রৱণতা- এই দুই চিন্তাৰ মাজত এক সংঘাত প্রায়ে দৃষ্টিগোচৰ হয়। তেনে এটা সংঘাতৰ বিষয় হৈছে গো-মূত্র। হিন্দু ধর্মীয় বিশ্বাসৰ অনুগামী বৃহৎ অংশৰ ভাৰতীয়ই গো-মূত্রক এক পৱিত্র বস্তু হিচাপে কেনেদৰে জ্ঞান কৰে, সেয়া যুগ যুগ ধৰি পৰিলক্ষিত হৈ আহিছে। বৈদিক পূজাৰ এক অপৰিহার্য অংশ গো-মূত্র। অপৱিত্র স্থান শুদ্ধিকৰণৰ বাবেও ব্যৱহাৰ কৰা 'পঞ্চগব্য'ৰ অন্যতম এক উপাদান হ'ল এই গো-মূত্র। কেৱল বৈদিক অনুষ্ঠানতে নহয়, আয়ুর্বেদিক চিকিৎসাৰ কেইবাটাও জটিল ৰোগৰ ঔষধতো গো-মূত্রক অন্যতম উপদান হিচাপে ব্যৱহাৰ কৰে। কিছুমানে শোধিত গো-মূত্র খায়, আৰু বহু জটিল ৰোগ নিৰাময়ত ই সহায় কৰে বুলি বিশ্বাস কৰে। কিন্তু 'বিজ্ঞানমনস্ক' বহু লোকে ইয়াক বিশ্বাস নকৰে, উপলুঙা কৰে। সংঘাত তাতেই। যোৱা বছৰৰ জানুৱাৰী মাহত মাদ্রাজ আই আই টিৰ সঞ্চালক ভি কামকোটিয়ে গো-বিষয়ক এক অনুষ্ঠান (মাটু-পোংগল)ত কৈছিল যে গো-মূত্র বেক্টেৰিয়া প্রতিৰোধী (Anti-bacterial), ভেঁকুৰ প্রতিৰোধী (Anti-fungal) আক হজম শক্তিসম্পন্ন (Digestive benifits)। প্রত্যাশিতভাৱেই এই লৈ আৰম্ভ হয় বিতৰ্কৰ। সেই বিতর্কৰ এতিয়াও শাম কটা নাই। কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে লোক সভাব এক বিতর্কত কামকোটিক 'গো-মূত্র বিশেষজ্ঞ' বুলি ৰাজহুৱাকৈ উপহাস কৰে। ইয়াৰ বিপৰীতে কেইবাজনো উপাচার্য, প্রাঃ উপচার্যকে ধৰি ২১৫গৰাকী শিক্ষাবিদে এখন মুকলি চিঠিৰ জৰিয়তে সাংসদ গান্ধীক সমালোচনা কৰে। সমাজ ব্যৱস্থাত বিতর্ক অপৰিহাৰ্য। এসময়ত সূর্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি থকা বিশ্বাসক লৈও বিতর্ক হৈছিল। কিন্তু যেতিয়া বিষয় একোটাৰ বৈজ্ঞানিক ব্যাখ্যাক কেন্দ্র কৰি বিতর্ক হয়, তেতিয়াহ'লে তাৰ বিতর্ক সেইমতেই হোৱা উচিত। ইয়াক ৰাজনৈতিক বিষয় কৰিবলৈ গ'লে ইয়াৰ পৰা বিদ্বেষ সৃষ্টিৰ আশংকা থাকে। গো-মূত্র সম্পর্কীয় বিষয়টো বিতর্কলৈ অহাৰ পাছত যেতিয়া এন টি ভিৰ সাংবাদিক এগৰাকী আই আই টি মাদ্রাজৰ সঞ্চালকগৰাকীৰ অভিমত বিচাৰি গৈছিল, তেতিয়া সঞ্চালক কামকোটিয়ে সাংবাদিকগৰাকীক কৈছিল যে গো-মূত্রত 'এন্টি ফাংগেল', 'এন্টি-বেক্টেৰিয়েল' আৰু 'এন্টি ইনফ্লোমটৰী' উপাদান থকা কথাটো বিজ্ঞানসম্মতভাৱে প্রতিষ্ঠা কৰা হৈছে। মার্কিন যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ জার্নেলত ইয়াৰ বৈজ্ঞানিক ভিত্তি সম্পর্কীয় গৱেষণা-পত্র প্রকাশো হৈছে।

এই কথা উল্লেখ কৰা উচিত যে আই আই টি মাদ্রাজ দেশৰ ভিতৰতে সর্বশ্রেষ্ঠ প্রযুক্তি শিক্ষা প্রতিষ্ঠান। সুদীর্ঘ দিন ধৰি ই বিশ্বৰ শৈক্ষিক ক্ষেত্রত ইয়াৰ গৰিমা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। তেনে এটা শৈক্ষিক প্রতিষ্ঠানৰ মুৰব্বী এগৰাকীয়ে এনেকুৱা বিশ্বাসভিত্তিক বিষয় এটাত মন্তব্য কৰিলে সাধাৰণ মানুহৰ মাজত এই বিশ্বাস দৃঢ় হ'ব। কিন্তু, লগতে এই কথাও উল্লেখ কৰিব লাগিব যে সঞ্চালক ভি কামকোটি কম্পিউটাৰ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্রীধাৰী। তেওঁ জীৱবিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ ছাত্র নহয়। মাদ্রাজ আই আই টিৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল, আৰু তেওঁৰ গৱেষণাৰ বিষয় হৈছে কম্পিটাৰ আর্কিটেক্সাৰ, ইনফরমেশান ছিকিউবিটি আক ভি এল এছ আই ডিজাইন। এই ক্ষেত্ৰত তেওঁৰ বিশ্বজোবা প্রসিদ্ধি আছে। ভাৰতীয় সমাজ ব্যৱস্থাটোৰ সৈতে যিহেতুকে হাজাৰ বছৰীয়া বিশ্বাস-পৰম্পৰাৰ ধাৰা সংপৃক্ত হৈ আছে, গতিকে সাধাৰণ মানুহৰ মনত বদ্ধমূল হৈ থকা বিশ্বাস কিছুমানক লৈ মন্তব্য কৰোঁতে দায়িত্বশীল ব্যক্তিসকল যেনেকৈ সচেতন হোৱা উচিত, তেনেকৈ বিৰোধিতা কৰোঁতেও ইয়াৰ এটা বিশ্বাসযোগ্য স্তৰ থকা উচিত। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দেশৰ তথা বিভিন্ন ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত এনেকুৱাধৰণৰ বিশ্বাসকেন্দ্রিক বিতর্ক বা বাদানুবাদবিলাক বেছিকৈ হ'বলৈ ধৰিছে। এনে বাদানুবাদ বেছিভাগেই বাজনৈতিক বা সামাজিক। বৈজ্ঞানিক বিতর্ক অবিহনে এই বিষয়বিলাকৰ সন্দর্ভত শুদ্ধ জ্ঞান জনসাধাৰণে নাপাব।

Share This