ডিজিটেল ডেস্ক : চৌদিশে কেৱল হেৰুওৱাৰ আৰ্তনাদ। লাখ লাখ মানুহে হৃদয়ত কঢ়িয়াই ফুৰিছে বেদনা, ক্ষোভ আৰু হতাশা। হঠাৎ অহা দুর্যোগটোৱে লক্ষাধিক পৰিয়ালক এনেদৰে সর্বস্বান্ত কৰিলে যে নিমিষতে তেওঁলোকৰ আশা-সপোন সকলো চূৰৰ্মাৰ হৈ গ'ল। পাৰ্থিৱ সুখ-সম্পদক কেন্দ্ৰ কৰি প্ৰৱহমান হৈ থকা জীৱন যাত্ৰাত আকস্মিকভাৱে পোৱা এই চৰম আঘাতত তেওঁলোক এতিয়া দিক্-বিদিক শূন্য। খাটি খাটি গোটোৱা সম্পদবোৰ চকুৰ সন্মুখত এতিয়া বিধ্বস্ত হৈ পৰি আছে। সেইবোৰৰ এতিয়া একো মূল্য নাই। গাড়ীখন বোকাত পোত গৈ আছে, স্কুটীখন বোকাৰে লুটুৰি-পুতুৰি হৈ গছ এজোপাত ওলমি আছে। ফ্রীজটো, ইনভার্টাৰটো ধ্বংসস্তূপৰ মাজত অসাৰ হৈ পৰি আছে; আলমিৰা, ছোফা, কিতাপ-পত্ৰ একোৰেই অৱস্থা নাই। কোনোটো সম্পদেই হৈ থকা নাই ব্যৱহাৰযোগ্য। ঘৰৰ গৰু-গাই, ছাগলী-গাহৰিবোৰৰ মৃতদেহবোৰ অ'ত-ত'ত সিঁচৰতি হৈ পৰি আছে। সেই কাৰণে সপোন দেখিবলৈ, আশা কৰিবলৈ তেওঁলোকৰ এতিয়া একোৱেই নাই। মানুহবোৰৰ জীৱনটো বাচি আছে মন-মগজুত অনিশ্চিত ভৱিষ্যৎ দুশ্চিন্তাৰ পৰ্বতপ্রমাণ বোজা একোটা কঢ়িয়াই। ১৯ জুলাইৰ গধূলিৰ পৰা অহা পানীৰ ধল আৰু নৈকেইখনে বৈ অনা পানীৰ অভূতপূর্ব সোঁতত শ শ গাঁও যে নিমিষতে বুৰি গ'ল, সেই পানী বহু গাঁৱত এতিয়াও ভালকৈ শুকুৱাই নাই। শুকোৱাবিলাকৰো অৱস্থা নাই। ঘৰবোৰৰ ৰূপবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ছবিবোৰে দেখুৱায়ে আছে। এই মহাপ্রলয়ৰ মহা দুৰ্যোগৰ পৰা স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ গাঁওবিলাকক বহুদিন লাগিব। এমাহ-দুমাহত সেয়া অসম্ভৱ। বানত পীড়িত মানুহবোৰৰ মনলৈ উদাসীনতা আহিছে। জীয়াই থকাৰ বা জীয়াই থাকি উপভোগ কৰাৰ হেঁপাহতো নায়েই, ইচ্ছাও নোহোৱা হৈ পৰিছে বহুতৰ। এই করুণ দৃশ্যবিলাকৰ মাজতো কিছুমান ভাল লগা দৃশ্য, কিছুমান ভাল লগা কথা, ভাল লগা কামে মানুহবোৰৰ শুকাই যোৱা মনটোলৈ কিঞ্চিৎমান হ'লেও আনিছে আশা-আনন্দৰ ৰেঙনি, পাৰ্থিৱ সুখ-সম্পদৰ আৱৰ্তত ঘূৰি ফুৰোঁতে অনুভৱ কৰিব নোৱাৰা এক পৰম আনন্দৰ অনুভৱ। দহ/বাৰ দিনৰ আগৰ পৰিৱেশ আছিল সম্পূৰ্ণ পৃথক।
ৰাজনৈতিক-সামাজিক বা ব্যক্তিগত সংঘাতৰ কিছুমান বিষাক্ত পৰিৱেশে ভাৰাক্ৰান্ত কৰি ৰাখিছিল জীৱন যাত্রা। পার্থির ভোগকেন্দ্রিক, আত্মকেন্দ্রিক জীৱন যাত্ৰাত বিভোৰ হৈ থকা অৱস্থাত ঘটা বিভিন্ন অঘটনে আমাৰ মাজৰ পৰা নিঃস্বার্থ মৰম, চেনেহ, মানৱীয় গুণবোৰ কাঢ়ি নিয়া যেনেই বহু সময়ত ধাৰণা হৈছিল। ইটোৰ পাছত সিটো নৃশংস হত্যা-ধর্ষণ, খিয়লা-খিয়লী, অসন্মান, অত্যাচাৰ, উপদ্ৰৱ আদিৰ দৰে ঘটনাবোৰে অনুভৱী মানুহৰ হৃদয় ভাৰাক্ৰান্ত কৰি ৰাখিছিল। ইজনক মাৰি সিজন জীয়াই থাকিব খোজাৰ প্রতিযোগিতা এখনহে চলি থকা যেন বোধ হৈছিল। কিন্তু উজনি অসমৰ ৪ জিলাৰ সাম্প্ৰতিক দুঃসহ পৰিৱেশৰ মাজত দৃশ্যমান হোৱা গভীৰ মানৱতাবোধৰ ছবি কিছুমানে মনত নতুন ভাল লগা অনুভৱৰ উদ্রেক ঘটাবলৈ লৈছে। এই পৰিৱেশে যেন কৈছে- মানুহৰ মাজত মানৱীয় চেতনা শেষ হৈ যোৱা নাই। অন্তঃসলিলা ফল্গুধাৰাৰ দৰে বৈ আছে এই মানৱতাবোধৰ প্ৰৱাহ! উজনি অসমৰ অকল্পনীয় বানত পীড়িত মানুহবোৰক বুকুৰ উম দি নতুন জীৱন আৰম্ভ কৰাৰ সাহস দিবলৈ সমগ্ৰ ৰাজ্যৰ মানুহ উঠি-পৰি লাগিছে। ৰাজ্যৰ বহু দূৰ-দূৰণিৰ পৰা সাহায্য সামগ্ৰী লৈ সেই ঠাইবোৰলৈ মানুহৰ ধল বৈছে। বোকা-পানীৰ মাজত বাট কুৰি বাই গৈ আটাইতকৈ বেছি ক্ষতিগ্রস্ত এলেকাটোলৈ গৈ মানুহক সান্ত্বনা দিবলৈ, হাতত পার্যমানে সাহায্য সামগ্রী তুলি দিবলৈ মানুহ উদ্বাউল হৈ পৰিছে। সাহায্য সামগ্রী কঢ়িওৱা গাড়ীৰ বাবে ৰাষ্ট্ৰীয় পথত যান-জটৰ সৃষ্টি হোৱা বাবে মানুহ অসন্তুষ্ট বা ক্ষুব্ধ হোৱা নাই, বৰঞ্চ পুলকিত হৈছে। তাতোকৈও ডাঙৰ কথা- বহু ঠাইৰ পৰা যুৱক-যুৱতীৰ দল উপস্থিত হৈছে সেই উপদ্রুত অঞ্চলবিলাকত কায়িক শ্রমদান কৰি অঞ্চলটো আৰু ঘৰবোৰ বাসোপযোগী কৰি তুলিবলৈ। কোনোবাই লেথাৰিকৈ আগবঢ়াইছে চিকিৎসা সেৱা। সামাজিক মাধ্যমত এই মানৱতাৰ সুৱাস বিলোৱা দৃশ্যবোৰ বহুতেই দেখা পাইছে। কিছুমানে বোকা-পলসৰ মাজত পথাৰত সিঁচৰতি হৈ পৰি থকা গৰু-ম'হবোৰ টানি টানি নি নির্দিষ্ট স্থানত সমাধিষ্ঠ কৰিছে, কিছুমানে ৰাজহুৱা স্থানত দিনে-নিশাই ৰান্ধি দুর্যোগগ্রস্ত লোকসকলক দুবেলা দুসাঁজৰ যোগান ধৰি আছে। পানী শুকোৱা পথাৰবোৰত এতিয়া খেতি কৰিব লাগিব। সেই কাৰণে কিছুমান অঞ্চলৰ যুৱ প্ৰজন্ম নামি পৰিছে কঠীয়া পৰাত, যাতে পীড়িত পৰিয়ালবোৰৰ পথাৰবোৰ আকৌ সেউজীয়া কৰি তুলিব পৰা যায়। ব্যক্তিগতভাৱেও বহু পৰিয়ালে এনে উদ্যোগ লোৱা দেখা গৈছে।
এই সমগ্র ঘটনাপ্রৱাহে মানুহৰ প্ৰতি মানুহৰ নিভৃত কোণত বিৰাজ কৰি থকা প্ৰেমৰেই উদ্ভাস ঘটাইছে। আকস্মিক দুর্যোগে বেদনাদগ্ধ, হতাশ কৰি পেলোৱা মানুহবোৰক এই প্ৰেমৰ আঁকোৱালিয়ে জীয়াই থকাৰ অন্য এক যুঁজত নতুনকৈ নমাৰ প্ৰেৰণা দিছে। যি দেখা গৈছে প্রাকৃতিক দুর্যোগটোৱে কোঙা কৰি পেলোৱা মানুহবোৰে কঁকাল পোনাব পৰা নোহোৱালৈকে মানুহৰ এই সহায়ৰ হাত প্ৰসাৰিত হৈয়ে থাকিব। এয়াই দুর্যোগৰ ভেটিত গোৱা মানৱতাৰ জয়গানৰ দৃশ্য।