ডিজিটেল ডেস্ক : এফালে উন্নয়নৰ সপোন, আৰু আনফালে এক প্রতিবাদী পৰিৱেশ, বৰ্তমান আমাৰ ৰাজ্যত এই দুয়ো অৱস্থাৰ সংঘাতে নিৰপেক্ষ মানুহবোৰক বিভ্রান্ত কৰিছে। নিৰপেক্ষ মানুহবোৰে বুজি পায় যে ১৯৭০-৮০ৰ দশক আৰু আজিৰ একৈশ শতিকাৰ ৩০ৰ দশকৰ পৰিৱেশ-পৰিস্থিতিৰ আকাশ-পাতাল পার্থক্য আছে। ১৯৭০-৮০ ৰ দশকৰ মানুহৰ জীৱন নিৰ্বাহৰ পৰিৱেশ আছিল সীমাবদ্ধ। অন্য কথা বাদেই, নিজৰ মহকুমাটোৰ বা জিলাখনৰ বাহিৰৰ পৰিৱেশৰ কথাই গম পোৱা নাছিল বহুতে; অসমৰ বাহিৰ বা ভাৰতৰ বাহিৰৰ কথা চিন্তাৰ পৰিসৰত নাছিলেই। সৰু-সুৰা চাকৰি, দিন হাজিৰা বা অন্য শ্রম, বছৰত এবাৰ শালি খেতি আৰু বাৰীত দুটামান শাক-পাচলি কৰি পোহপাল গৈছিল বেছিভাগ পৰিয়াল। বয়সে কুৰিৰ ডেওনা পাৰ হ'লেই ছোৱালীকেইজনীক কোনোবা এঘৰলৈ উলিয়াই পঠাব পাৰিলেই মাক-বাপেকৰ দায়িত্ব শেষ, নামঘৰটো আৰু স্থানীয় সমাজখনেই আছিল বৌদ্ধিক-আধ্যাত্মিক সাংস্কৃতিক চৰ্চাৰ শেষ সীমা। আজি সেই পৰিৱেশ নাই। সাধাৰণ কৃষকৰ সন্তানটোৱেও সপোন দেখে ৰুবুল মাউত হোৱাৰ, হিমা-লাভলীনা হোৱাৰ। উন্নত স্থানত, উন্নত পৰিৱেশত নিজৰ এটা পৰিচয় গঢ়ি তোলাৰ হাবিয়াস বুকুত লৈ দুর্গম গাঁৱৰ ল'ৰা-ছোৱালীবোৰেও পঢ়া-শুনা কৰে, সমান্তৰালভাৱে ব্রতী হয় নিজক বিকশিত কৰাৰ অন্য সাধনাত। নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীবিলাকৰ এই সপোন সাৰ্থক কৰাৰ বাবে উন্নত এটা পৰিৱেশৰ দৰকাৰ, ৰাজ্যখনৰ অৰ্থনৈতিক ভেটিটো টনকিয়াল হোৱা দৰকাৰ। ১৯৭০-৮০ৰ দশকত ৰাজ্যৰ বেছিভাগ মানুহে খৰিৰ জুইত ৰন্ধা-বঢ়া কৰিছিল, টিপ চাকিৰ পোহৰত কটাইছিল নিশাৰ জীৱন, বাঁহৰ চাং বা চালপীৰাত শুইছিল। এতিয়া ৰন্ধন গেছ, বিজুলী বাতি হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৰো জীৱন-যাত্ৰাৰ অবিচ্ছেদ্য অংগ। এই বন্ধন গেছ, পেট্রল-ডিজেল, বিজুলী বাতি, গাড়ী-ট্রেক্টৰবোৰ চলি থাকিবলৈও ৰাজ্যৰ শক্তিশালী অর্থনৈতিক ভেটি এটা লাগিব।
এক কথাত ক'বলৈ গ'লে, ন্যূনতম সাধাৰণ জীৱন এটা যাপন কৰিবলৈকে আমাক সকলোকে সবল অর্থনৈতিক আন্তঃগাঁথনি এটাৰ প্রয়োজন। কিন্তু, আমাৰ সকলোৰে সপোনবোৰ, প্ৰয়োজনবোৰ পূৰণ কৰিবৰ বাবে প্রয়োজনীয় অর্থনৈতিক ভেটিটো কেনেকৈ নির্মাণ হ'ব? বুধবাৰে (১৫ জুলাই, ২০২৬) অসম বিধানসভাৰ মজিয়াত ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটক লৈ হোৱা বিতর্কত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিয়া ভাষণটোত এই প্রশ্নটোৰেই অৱতাৰণা কৰা হৈছে। আমি ইমান দিনে অসমখন প্রাকৃতিক সম্পদত চহকী বুলি গর্ব কৰি আহিছিলোঁ; কিন্তু আমাৰ সম্পদৰ উৎসবোৰ এতিয়া শুকাই গৈছে। আমাৰ ৰাজ্যৰ ভূগৰ্ভৰ পৰা উৎপাদিত খাৰুৱা তেলে নুমলীগড় শোধনাগাৰ পাৰ হ'ব নোৱাৰে। বাহিৰৰ পৰা আমদানি কৰা তেলত চলে ৰাজ্যৰ বাকী দুটা শোধনাগাৰ। অসমৰ কয়লাৰ চাহিদা নাই। অসমৰ চাহৰ কদৰো বিশ্বৰ বজাৰত পূৰ্বৰ দৰে নাই। চাহপাতৰ মূল্য এতিয়া কিমান, সেয়া ক্ষুদ্র চাহ খেতিয়কসকলে ভালদৰে জানে। খেতিৰ পথাৰ কেন্দ্রিক অর্থনীতি এটা গঢ়িবৰ বাবেও নতুন প্রজন্মৰ উৎসাহ নাই, তাত বাধা-বিপত্তিও অলেখ। গতিকে, আমাৰ ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ হ'লে বিকল্প উপায়বোৰ কি হ'ব? নিশ্চিতভাৱে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উদ্যোগপতি-পুঁজিপতিৰ বিনিয়োগ। আমাৰ ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ গুৰুত্বক উপজীব্য কৰি ব্যৱসায়িক ঔদ্যেগিক ক্ষেত্র এখন গঢ়াৰ বাবে আমাৰ সন্মুখত অন্য কোনো বিকল্প বর্তমান স্পষ্ট হৈ থকা নাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে অসম বিধানসভাৰ মজিয়াত তেওঁৰ চৰকাৰৰ বাজেটখনৰ লক্ষ্য-উদ্দেশ্য স্পষ্ট কৰি এই বিকল্প অর্থনীতিৰ বিষয়বোৰ আৰু ইয়াৰ প্ৰতি অহা প্রত্যাহ্বানবোৰৰ বিষয়ে অৱলোকন কৰে। চৰকাৰৰ অৰ্থনৈতিক প্রকল্পসমূহৰ বিৰুদ্ধে বিভিন্ন ঠাইত প্রতিবাদ হৈছে। মুখ্যমন্ত্রীয়ে ইয়াক বাওঁপন্থীৰ প্রতিবাদ বুলি অভিহিত কৰি কৈছে যে- ১০২টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাই পঠোৱাসকলে এই প্রতিবাদ কৰা নাই। কৰিছে ৰাজ্যৰ উন্নয়ন নিবিচৰা শক্তিবোৰে। আমি সেইধৰণে সৰলীকৰণ কৰিব নোখোজোঁ। এই প্রতিবাদবোৰৰ যুক্তি নাই বুলিও নকওঁ। কিন্তু, লগতে এইটোও স্বীকাৰ কৰিব লাগিব যে যোৰাবাটৰ কৃত্ৰিম বানে যোৱা কিছুদিনত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি কৰা দুৰ্যোগৰ পৰা পৰিত্ৰাণ পীবলৈ 'ৰিং ৰ'ড' বা উৰণ সেতুৱেই লাগিব। গুৱাহাটীৰ উৰণ সেতুকেইখনে মানুহক কিমান সকাহ দিছে, সেইটো ভুক্তভোগীসকলেহে জানে।
প্রশ্নটো হৈছে শক্তি প্রকল্প এটা, ছেটেলাইট টাউনশ্বিপ এখন, উদ্যোগ এটা, পঞ্চতাৰকা হোটেল এখন নির্মাণ উচিত নে অনুচিত? ইয়াৰ পোনপটীয়া উত্তৰ হ'ব অন্য বিকল্প নাথাকিলে এনেকুৱা পদক্ষেপকে গ্রহণ কৰাৰ গত্যন্তৰ নাই। কাৰণ, অর্থনীতি গঢ়াৰ তথা সংস্থাপনৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰ কিছুমান মুকলি কৰিব লাগিব, এনে কৰিবলৈ যাওঁতে যিসকল লোক পোনপটীয়াকৈ ক্ষতিগ্রস্ত হ'ব, তেওঁলোকক যথোচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা উচিত। আনহাতে, কিছুমান প্ৰকল্পৰ বিৰোধিতা কৰি ৰাজ্যত চলা আন্দোলনৰ আৱেগ আৰু যুক্তি অস্বীকাৰ নকৰিও এটা কথা ক'বই লাগিব যে বিৰোধিতাই সর্বশেষ কথা হ'ব নোৱাৰে। ৰাজ্যৰ অর্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিবলৈ যদি উদ্যোগ, শক্তি প্রকল্প স্থাপন হ'ব নালাগে, যদি ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে বা যদি পঞ্চতাৰকা হোটেল হ'ব নালাগে তেতিয়াহ'লে বিকল্প কি হ'ব লাগে তাকো স্বচ্ছ আৰু স্পষ্ট ৰূপত তুলি ধৰাৰ দায়িত্ব প্রতিবাদকাৰীসকলে ল'ব লাগিব। কাৰণ, ৰাজ্যবাসীৰ জীৱন-যাত্রা, লাখ লাখ সংস্থাপনহীন যুৱক-যুৱতীৰ ভৱিষ্যতৰ কথা ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটোৰ সৈতে জড়িত হৈ আছে।