আজিৰ সম্পাদকীয়, ইথানল

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : ইথানল প্রসংগই এতিয়া বিশেষ চর্চা লাভ কৰিছে সমগ্র দেশতে। এই কথা ঠিক যে খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু প্ৰদূষণৰ সমস্যা-এই দুয়োটাৰ পৰা মুক্তি পাবলৈ বিকল্প ইন্ধনৰ সন্ধান দেশে কৰিবই লাগিব। কিন্তু এই কামত আগবাঢ়োঁতে জনতাক আশ্বস্ত কৰি চৰকাৰ আগবাঢ়িব পাৰিব লাগিব। পেট্রলত ইথানল মিহলোৱা বিষয়টোৰ বৈজ্ঞানিক আৰু প্রযুক্তিগত দিশবোৰ লৈ ইতিমধ্যে উদ্ভৱ হোৱা মৌলিক প্রশ্নবোৰ কিন্তু জ্বলন্ত। আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰা, কৃষকৰ বাবে নতুন আয়ৰ উৎস সৃষ্টি কৰা তথা কার্বন নির্গমন হ্ৰাসৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে পেট্রলত ২০ শতাংশ ইথানল মিশ্ৰণ আৰম্ভ কৰি অতি সোনকালেই ২৫ শতাংশ ইথানল মিশ্ৰণৰ দিশে আগবঢ়াৰ সময়ত প্রথম প্রশ্নই হ'ল এই ৰূপান্তৰৰ বাবে দেশ, বাহন-উদ্যোগ আৰু সাধাৰণ উপভোক্তা সাজুনে?

বিষয়টোৰ লগত বিভিন্ন প্ৰসংগ, বিভিন্ন স্বাৰ্থৰ মানুহ জড়িত আছে। খাৰুৱা তেলৰ নিৰ্ভৰশীলতা হ্রাস কৰাটো চৰকাৰৰ বাবে যিদৰে জৰুৰী, সেইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাহনৰ মাইলেজ হ্রাস হোৱা, বাহনত সঘন বিজুতি হোৱা বুলি উত্থাপিত অভিযোগসমূহো দলিয়াই পেলাব পৰা বিধৰ নহয়। আকৌ নতুন আধুনিক ইঞ্জিনসমূহে কিছু পর্যায়লৈকে ইথানল গ্রহণ কৰিব পাৰিলেও পুৰণি ইঞ্জিনসমূহৰ ক্ষেত্ৰত কি হ'ব, এই লৈ চৰকাৰৰ বিশেষ সদুত্তৰ নাই। কাৰণ পথত চলি থকা বহু বাহনেই ই-২০ ইন্ধন গ্রহণ কৰিব পৰাকৈ উপযুক্ত নহয়। এনে ক্ষেত্ৰত ইথানলৰ ৰাসায়নিক বিক্রিয়াত বাহনৰ বহু অংশ ক্ষতিগ্রস্ত হোৱাৰ আশংকা উপেক্ষা কৰিব নোৱাৰি। সাধাৰণ জনতাৰ মনত স্বাভাৱিকতেই প্রশ্ন হয় পৰিৱেশ ৰক্ষাৰ মূল্য তেওঁলোকে এতিয়া পকেটৰ ধন আৰু মৰমৰ বাহনখনৰ বিনিময়ত দিব লগা হ'ব নেকি? একে সময়তে ভাৰতবৰ্ষৰ দৰে সৰ্বস্তৰত দুর্নীতি আৰু কেলেংকাৰিত নিমজ্জিত এখন দেশত যেতিয়া কোনোবা মন্ত্ৰীৰ পুত্ৰ এই ইথানল প্ৰসংগৰে জড়িত বুলি সৰৱ চর্চা চলে, তেতিয়া স্বাভাৱিকতেই বিষয়টোৰ প্ৰতি জনসাধাৰণৰ সন্দেহ বাঢ়ে-দুশ্চিন্তা হয় তেওঁলোকৰ কষ্টোপার্জিত বাহনখনৰ আয়ুসক লৈ কোনোবাই 'মুনাফা লুটিব' খুজিছে নেকি বুলি।

এনে সময়তে ইথানল মিশ্রিত পেট্রলৰ পৰা হোৱা ক্ষতিৰ প্ৰসংগত দেশত পঞ্জীয়ন হোৱা প্ৰথমটো গোচৰৰ ৰায় গৈছে উপভোক্তাৰ পক্ষলৈ। ছট্টিশগড়ৰ ৰায়পুৰ জিলা উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে বাহনৰ গৰাকীৰ পক্ষত ৰায় দিলে। উল্লেখযোগ্য যে বাহনৰ গৰাকীয়ে তেওঁ ২০২৩ চনত কিনা বাহনখনৰ ই-২০ পেট্রল ভৰোৱাৰ পাছৰ পৰাই বাহনখনৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰাৰ লগতে মাইলেজো হ্রাস পোৱা বুলি উল্লেখ কৰি গোচৰ তৰিছিল। নিঃসন্দেহে এয়া আৰম্ভণি। কিন্তু দেশৰ ক্ষুব্ধ, অসন্তুষ্ট বাহন-গ্রাহকসকলক আদালতৰ এই ৰায়ে এক নৈতিক সমর্থন দিলে, তেওঁলোকে আৰু গভীৰভাৱে ভাবিবলৈ-বিশ্বাস কৰিবলৈ সুযোগ পালে তেওঁলোকৰ বাহনৰ কাৰ্যক্ষমতা দুৰ্বল হোৱা, মাইলেজ হ্রাস পোৱাৰ আঁৰত ই-২০ পেট্রলেই আছে।

বিষয়টোৰ আৰু এটা সুকীয়া দিশো আছে। কুঁহিয়াৰৰ পৰা উৎপাদিত গুৰ হৈছে ইথানল উৎপাদনত ব্যৱহৃত প্রধান কেঁচামাল। ইয়াৰ উপৰি মাকৈ, ঘেঁহু, বার্লি, চাউল, আলুৰ দৰে শ্বেতসাৰ সমৃদ্ধ কেইবাবিধো খাদ্য ইথানল উৎপাদনত ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত অনেকৰ মনত এই প্রশ্ন-শংকাৰো সৃষ্টি হৈছে ভাৰতৰ দৰে এখন দেশত, য'ত কোটি কোটি মানুহ খাদ্য সুৰক্ষা আৰু পুষ্টিহীনতাৰ সৈতে নিৰন্তৰ সংগ্ৰাম কৰিব লগা হৈছে, তেনে অৱস্থাত ইন্ধন শস্যৰ খেতিৰ বাবে খাদ্যশস্যৰ ভূমি ব্যৱহাৰ কৰিব লগীয়া হ'লে দেশৰ খাদ্যৰ সংকট নহ'বনে? ইথানল উদ্যোগলৈ কেঁচামালৰ যোগান নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে ইন্ধন শস্য উৎপাদনৰ বাবে নানান আঁচনি গ্রহণ কৰিছে। এনে পদক্ষেপে কিন্তু কৃষকক খাদ্য শস্যৰ পৰিৱৰ্তে ইন্ধন শস্য উৎপাদনলৈ উৎসাহিত কৰাৰ সম্ভাৱনা সৰহ। ইয়াৰ প্ৰভাৱ হয়তো পৰিব দেশৰ খাদ্য উৎপাদনত, খাদ্য শস্যৰ উৎপাদন কমিব, স্বাভাৱিক পৰিণতিত বৃদ্ধি হ'ব খাদ্য শস্যৰ মূল্য। ইথানল প্রসংগত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চৰকাৰে এইবোৰ দিশো বিবেচনাৰ মাজলৈ অনা অত্যন্ত জৰুৰী। 

আৰম্ভণিতে উল্লেখ কৰা মৌলিক প্রশ্নটো সেয়েহে আজি অত্যন্ত প্রাসংগিক- ইন্ধনত অধিক ইথানল মিশ্রণ ঘটাবলৈ, অর্থাৎ ইন্ধনৰ এই ৰূপান্তৰৰ বাবে দেশ, বাহন উদ্যোগ আৰু সাধাৰণ উপভোক্তা সাজুনে? চৰকাৰে এই মৌলিক প্রশ্নটো বস্তুনিষ্ঠভাৱে পর্যবেক্ষণ নকৰাকৈ আগবাঢ়িলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা কিন্তু সৰহ। আৰু সর্বোপৰি, চৰকাৰে জনসাধাৰণক স্পষ্টকৈ জনাব লাগিব যে যিবোৰ বাহন ই-২০ৰ বাবে উপযোগী নহয়, কিন্তু বর্তমান স্বাচ্ছন্দ্য পথত চলি আছে, সেইবোৰৰ ক্ষেত্ৰত চৰকাৰৰ কৰ্তব্য আৰু ভূমিকা কি হ'ব। ভাৰতবৰ্ষৰ ইন্ধনৰ সমস্যা লৈ হোৱা বিচাৰ-বিৱেচনা, চিন্তা-চর্চা নিঃসন্দেহে আদৰণীয়। কিন্তু বৈজ্ঞানিক আৰু প্রযুক্তিগত বাস্তৱক নাকচ কৰি তথা জনস্বাৰ্থৰ সৈতে আপোচ কৰি কোনো 'ইন্ধন বিপ্লৱ' কল্যাণকামী হ'ব নোৱাৰে।

Share This