আজিৰ সম্পাদকীয়, দৃষ্টান্তমূলক

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : 'নীট'ক কেন্দ্ৰ কৰি বাৰম্বাৰ হোৱা বিজুতিয়ে দেশৰ যুৱ প্ৰজন্মক নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে সংগ্রাম গঢ়ি তোলাৰ এক পটভূমি নিৰ্মাণ কৰি দিলে। এই আন্দোলনৰ সূচনা কৰা ককৰ'চ জনতা পার্টি (চি জে পি) কোনো প্রতিষ্ঠিত সংগঠন নহয়। এই সংগঠনৰ নাই পূর্বে কোনো সংগ্ৰামৰ নেতৃত্ব দিয়াৰ বা উল্লেখযোগ্য সামাজিক কাম কৰাৰ অভিজ্ঞতা। 

দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই এটা গোচৰৰ শুনানিকালত বৰ্তমানৰ যুৱ প্ৰজন্মৰ একাংশক ককৰ'চ, অর্থাৎ পঁইতাচোৰাৰ লগত তুলনা কৰাৰ পাছতে, এক 'অনলাইন' প্রচাৰেৰে ককৰ'চ জনতা পার্টিয়ে দেশৰ ৰাজনৈতিক-সামাজিক পৰিৱেশত যি জোকাৰণিৰ সৃষ্টি কৰিলে, সেয়া আছিল অভূতপূর্ব। সেই অনলাইন প্ৰচাৰ বন্ধ কৰিবলৈ কেনেধৰণৰ তৎপৰতা চলিছিল সেই বিষয়ে ইতিমধ্যে বিভিন্ন মাধ্যমত বহু সংবাদ ওলাইছিল, তাৰ পুনৰুল্লেখ নিষ্প্রয়োজন। সেই অনলাইন প্ৰচাৰক লৈ ক্রিয়া-প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে, নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিল আৰু অনুষ্ঠিত হোৱা এটা কঠিন পৰীক্ষা বাতিল কৰি, পুনৰ সেই পৰীক্ষাত বহিবলৈ ২২ লক্ষাধিক শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া বোজাৰ ফলত সৃষ্টি হোৱা গণ অসন্তুষ্টিক ভিত্তি কৰি চি জে পিৰ প্ৰতিষ্ঠাতা অভিজিত দীপকেই যন্তৰ মন্তৰত আৰম্ভ কৰা আন্দোলনটোৱে তীব্র গতিত জনসমর্থন লাভ কৰি ইয়াৰ মাত্রা ইমানেই তীব্ৰ কৰি তুলিলে যে মাথোঁ ৩৬টা দিনৰ আন্দোলনে দিল্লীৰ মছনদ কঁপাই দিলে। ৰাজ্যই ৰাজ্যই বিস্তাৰিত হ'ল সেই প্রতিবাদৰ ফিৰিঙতি। তাৰ পাছৰখিনি সকলোৰে জ্ঞাত ইতিহাস। এতিয়া স্বাভাৱিকতেই প্রশ্ন উঠিছে যে এই অভূতপূর্ব সংগ্ৰামৰ পৰা দেশৰ যুৱ প্ৰজন্মই, যাক 'জেন জি' বুলিয়েই কোৱা হয়, কি পালে? এই সংগ্ৰামৰ পোনপটীয়া ফল হ'ল- কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ, শিক্ষা আৰু পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ চি জে পিৰ দাবী কেন্দ্ৰীয় চৰকাৰে মানি লোৱা, আৰু চি জে পিৰ আন্দোলন মষিমূৰ কৰিবলৈ চৰকাৰে নিৰাপত্তা বাহিনী নমোৱাৰ পাছত দুয়োপক্ষৰ মাজত হোৱা সংঘাতৰ বাবে আৰক্ষীৰ লোক আহত হ'ব লগীয়া ঘটনাক লৈ প্রতিবাদী ছাত্ৰৰ বিৰুদ্ধে কোনো গোচৰ নতৰা আৰু নীট-ইউ জিৰ অব্যৱস্থাৰ বাবে আত্মহত্যা কৰা প্ৰাৰ্থীসকলৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা। 

উল্লেখ কৰা উচিত হ'ব যে চি জে পিৰ আন্দোলনৰ প্ৰতি সমমর্মিতা প্রকাশ কৰি লাডাখৰ কিংবদন্তি পৰিৱেশবিদ সোনম ৱাংচুকেও প্রথমে যন্তৰ মন্তৰ আৰু পাছত চিকিৎসালয়ত কৰা অনশনে আন্দোলনটো অধিক তীব্ৰ হৈ পৰাত ইন্ধন যোগাইছিল। এই আন্দোলনক লৈ চি জে পিৰ নেতৃবৰ্গৰ সৈতে দুই কেন্দ্রীয় মন্ত্রী জে পি নড্ডা আৰু জিতেন্দ্ৰ সিঙৰ আলোচনাত হোৱা সিদ্ধান্ত মর্মে উল্লিখিত পোনপটীয়া প্রাপ্তিকেইটা আন্দোলনকাৰীয়ে লাভ কৰিলে, আন্দোলনৰ বিজয় ঘোষণা কৰা হ'ল আৰু তাৰ পাছত যন্তৰ মন্তৰ শান্ত হৈ পৰিল। কিন্তু উল্লেখ কৰাকেইটাতকৈ আন্দোলনটোৰ প্রাপ্তি আৰু বহুত বেছি বুলি ক'ব লাগিব এই কাৰণেই যে দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাটোক লৈ দেশৰ যুৱ প্ৰজন্ম ক্ষুব্ধ আৰু হতাশাগ্রস্ত হৈ পৰিছিল, সেই জুইকুৰাৰ শক্তিৰ অনুভৱ হয়তো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সঠিকভাৱেই অনুধাৱন কৰিলে আৰু ছাত্র শক্তিৰ দাবী অনুসৰি সংসদত বৃহস্পতিবাৰে এখন কঠোৰ বিধেয়ক উত্থাপন কৰাৰ সমান্তৰালকৈ বুধবাৰে প্ৰচাৰ কৰা এটা ভিডিঅ' বার্তাযোগে শিক্ষা তথা পৰীক্ষা সংস্কাৰৰ বাবে ইনফ'চিছৰ প্রতিষ্ঠাতা নন্দন নীলেকানিৰ নেতৃত্বত যিখন অতি শক্তিশালী টাস্ক ফ'ৰ্ট গঠন কৰা হৈছে, সেইখনৰ প্ৰতিগৰাকী সদস্যৰ দেশৰ প্ৰতি থকা নিষ্ঠাৰ লগতে দক্ষতাক লৈ প্রশ্ন তোলাৰ অৱকাশেই নাই। ইয়াত আই বিৰ অৱসৰী মুৰব্বী, অসম সন্তান তপন ডেকাও আছে। তপন ডেকাৰ মেধা আৰু দেশ সেৱাৰ বিশিষ্টতাক বহুতেই জানে। গতিকে, এনে এখন টাস্কফ'ৰ্ট গঠন কৰাটোৱেই জ্বলন্ত বিষয়টোক লৈ চৰকাৰৰ গুৰুত্বৰ গভীৰতা প্ৰকট হৈ উঠে। এই টাস্ক ফ'র্চে নিশ্চয় দেশৰ উদীয়মান ছাত্র শক্তিৰ ক্ষোভৰ কাৰণবোৰ জানি লৈ তাক সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক উচিত পৰামৰ্শ দিবলৈ সক্ষম হ'ব। দ্বিতীয় কথাটো হ'ল, দেশৰ এন্ট্রেন্স পৰীক্ষাবিলাকক ব্যৱসায়ত পৰিণত কৰা হৈছে। 

অভিভাৱকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কাঠফুলাৰ দৰে সকলো ৰাজ্যৰ গুৰুত্বপূৰ্ণ স্থানত গঢ় লৈ উঠিছে ক'চিং চেণ্টাৰবিলাক। এই ক'চিং চেণ্টাৰবোৰ আচলতে নিষিদ্ধ হ'ব লাগে, কাৰণ ই শিক্ষার্থীক বিশেষ সহায় কৰিব পৰা নায়েই, বৰঞ্চ শিক্ষাৰ্থীৰ মাজত দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। এই কথা ৮০ শতাংশ শিক্ষার্থীয়ে ক'ব যেড়নীট-ইউ জি বা জে ই ই, জে ই ই এডভান্সত যিসকলে নামভৰ্তিৰ যোগ্যতা অর্জন কৰিছে, তেওঁলোক প্রকৃততে মেধাৱী। কচিং চেণ্টাৰ নহ'লেও তেওঁলোকে পৰীক্ষাবিলাকত যোগ্যতা অনুসৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লহেঁতেন। কিন্তু, ক'চিং চেণ্টাৰে মধ্যভোগীৰ দৰে এই উত্তীৰ্ণৰ কৃতিত্ব লৈ আহিছে। বিদ্যার্থীৰ মেধা শক্তিক উৎসাহিত কৰিব পৰাৰ যথোচিত দক্ষতা এই ক'চিং চেণ্টাৰবোৰৰ নাই বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। তেওঁলোকে মাত্র শিক্ষার্থীক লুণ্ঠনেৰে বেপাৰ এটা চলাই আছে। তদুপৰি, বৰ্তমানৰ এই এন্ট্রেন্স ব্যৱস্থাটোৱে বা পৰীক্ষা ব্যৱস্থাটোৱে প্রকৃত মেধাসম্পন্নসকলক চিনাক্ত কৰিবলৈ সক্ষম হৈছেনে, যিসকল শিক্ষার্থীক তথাকথিত নম্বৰৰ প্ৰতিযোগিতা এটাত নমাই দি, তেওঁলোকৰ কুমলীয়া মস্তিষ্কত অতিৰিক্ত চাপ সৃষ্টিৰ পৰিৱেশ এটা ৰচনা কৰি, তেওঁলোকক আচলতে পংণ্ড কৰিছে নেকি সেইটোহে চাবলগীয়া। তদুপৰি, চি বি এছ ইৰ পৰীক্ষাত বিদ্যালয়ৰ পৰা ২০ নম্বৰ দিয়া ব্যৱস্থাটো হৈছে এটা অর্থহীন ব্যৱস্থা। 

শিক্ষাৰ্থীৰ অভ্যন্তৰীণ মূল্যায়নৰ নামত ইয়াৰ দ্বাৰা এক দুর্নীতিৰ বীজ প্রোথিত কৰা হৈছে নেকি, বা ইয়াৰ পৰা যোগ্য শিক্ষার্থী এগৰাকী লাভৱান হৈছে নে নাই, সেইটোত সন্দেহৰ অৱকাশ আছে। মুঠতে পৰীক্ষা ব্যৱস্থাটোত থকা সকলো দোষ-ত্রুটী টাস্ক ফ'ৰ্চে বিচাৰলৈ আনি সুস্থ বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা এটা গঢ়িব পাৰিব নে নোৱাৰে সেইটো অহা দিনবোৰত লক্ষণীয় হ'ব। অন্যহাতে, দেশত তৰুণ প্ৰজন্মৰ মঞ্চ এই 'চি জে পি' আগন্তুক দিনবোৰত এটা শক্তিশালী 'প্ৰেছাৰ গ্ৰুপ' হ'ব। ৰাজনৈতিক লক্ষ্য নথকা শক্তিশালী 'প্ৰেছাৰ গ্ৰুপ'ৰ দেশত বৰ প্ৰয়োজন হৈছে। এই সকলো দিশলৈ চাই যুৱ প্ৰজন্মৰ আন্দোলনটো এটা দৃষ্টান্তকাৰী অধ্যায় ৰূপে চিহ্নিত হ'ল।

Share This