কমনৱেলথত ভাৰত

Dainik Janambhumi August 05, 2026

ডিজিটেল ডেস্ক : যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগো চহৰত অনুষ্ঠিত ২৩সংখ্যক কমনৱেলথ গেমছৰ সামৰণি পৰে ২ আগষ্টত। অ'ভো হাইড্র' ইনড' এৰিনাত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ক্রীড়া প্রতিযোগিতাত এইবাৰ ২,৭২৯ গৰাকী এথলীটে অংশগ্রহণ কৰে। উদ্বোধনী অনুষ্ঠানৰ দৰে ৰং-পোহৰৰ অপূৰ্ব সংমিশ্ৰণৰ লগতে নৃত্য-গীতৰ লহৰৰ মাজত সফল পৰিসমাপ্তি ঘটে কমনৱেলথ গেমছৰ। এইবাৰৰ কমনৱেলথ গেমছত ভাৰতে পদকৰ তালিকাত চতুর্থ স্থানত থাকিবলৈ সক্ষম হয়। ভাৰতীয় খেলুৱৈয়ে বিভিন্ন বিভাগত সর্বমুঠ ৩৯টা পদক অর্জন কৰে। ইয়াৰে ১৩টা সোণৰ পদক, ১৭টা ৰূপৰ পদক আৰু ৯টা ব্ৰঞ্জৰ পদক। উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈয়ে ২০২২ বর্ষত বার্মিংহামত অনুষ্ঠিত ২২সংখ্যক কমনৱেলথ গেমছৰ বিভিন্ন বিভাগত সর্বমুঠ ৬১টা পদক অর্জন কৰিবলৈ সক্ষম হৈছিল। উক্ত বর্ষত বিভিন্ন বিভাগত অর্জন কৰা পদকৰ সৰ্বমুঠ সংখ্যাও আছিল অধিক। মুঠ ৬১টা পদক অর্জন কৰিছিল ভাৰতীয় দলটোৱে। ইয়াৰে ২২টা আছিল সোণৰ পদক। গ্লাছগো কমনৱেলথ গেমছত ভাৰতীয় বক্সাৰসকলে আশাতীত সাফল্যৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনে। দলটোৱে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ৭টা সোণসহ ১০টা পদক লাভ কৰে। মহিলা বক্সাৰে ৫টা আৰু পুৰুষৰ শাখাত শচীন শিৱাজ আৰু অংকুশ পাংঘালে সোণ জয় কৰে। ডিফেন্ডিং বিশ্ব চেম্পিয়ন জেছমিন লাম্বুৰিয়া (৫৭ কেজি), প্রীতি পাৱাৰ (৫৪ কেজি), এছিয়ান চেম্পিয়ন প্রিয়া ঘাংঘাছ (৬০ কেজি), সাক্ষী চৌধুৰী (৫১ কেজি) আৰু অৰুন্ধতী চৌধুৰীয়ে (৭০ কেজি) সোণৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি শাখাত ৰূপৰ পদক পায়। ইফালে, পুৰুষৰ শাখাত শচীন শিৱাজ (৬০ কেজি) আৰু অংকুশ পাংঘালে (৭০ কেজি) সোণ জয় কৰাৰ বিপৰীতে যদুমণি সিং (৫৫ কেজি) আৰু এছিয়ান গেমছৰ ব্ৰঞ্জজয়ী নৰিন্দৰ বাৰৱালে ৯০ কেজি ঊর্ধ্বৰ শাখাত ৰূপৰ পদক পায়। ইয়াৰ আগেয়ে ভাৰতে ২০১৮ চনৰ গ'ল্ড কোষ্টৰ কমনৱেলথ গেমছত তিনিটা সোণসহ ৭টা পদক পাইছিল। ইফালে, জুডো ইভেন্টত ভাৰতে উল্লেখনীয় প্রদর্শন আগবঢ়াই দুটা সোণসহ মুঠ ৪টা পদক হস্তগত কৰে। আনহাতে, ২৮জনীয়া ভাৰতীয় পেৰা এথলীটে তিনিটা সোণ, দুটা ৰূপ আৰু ২টা ব্রঞ্জসহ মুঠ সাতটা পদক জয় কৰে। কমনৱেলথ গেমছৰ ৫০০০ মিটাৰৰ দৌৰত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীটত পৰিণত হৈছে গুলভীৰ সিং।

ইতিহাস ৰচি প্রতিযোগিতাখনত ব্ৰঞ্জৰ পদক অর্জন কৰে গুলভীৰে। ডিফেন্ডিং এছিয়ান চেম্পিয়ন গুলভীৰে তেনেদৰেই কমনৱেলথ গেমছৰ এটা সংস্কৰণতে দুটা পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ট্রেক এণ্ড ফিল্ড এথলীট হিচাপে ইতিহাস গঢ়ে। এইবাৰৰ কমনবেলথ গেমছত শুটিং অন্তর্ভুক্ত নোহোৱা বাবে ভাৰতীয় দলটোৰ পদকৰ সংখ্যা আৰু অধিক নহ'ল, কিয়নো ভাৰতে এই ইভেন্টত সদায়ে ভাল প্রদর্শন দেখুৱাই আহিছে। কমনৱেলথ গেমছৰ ইতিহাসত এইবাৰ তৃতীয়বাৰৰ বাবে অন্তর্ভুক্ত হোৱা নাছিল শ্বুটিং ইভেন্ট। ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতীয় স্পুটাৰসকলে সর্বমুঠ ১৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে সাতটাই আছিল স্বর্ণ, চাৰিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ। আনহাতে, এইবেলি ভাৰতীয় বক্সাৰসকলে প্ৰদৰ্শন কৰা সাফল্য ইতিহাসৰ পাতত সোণালী আখৰেৰে খোদিত হৈ ৰ'ব। কাৰণ এইবেলি ভাৰতীয় বক্সাৰসকলে সাতটা স্বর্ণ আঁজুৰি আনিবলৈ সক্ষম হয়, যি হৈছে কমনৱেলথ গেমছৰ ইতিহাসৰ সৰ্বশ্রেষ্ঠ প্রদর্শন। ইয়াৰ পূৰ্বে ইংলেণ্ডে ১৯৩৪ আৰু ২০১৮ চনত সর্বোচ্চ ৬টাকৈ স্বর্ণ আৰু কানাডাই ১৯৮৬ চনত সর্বোচ্চ ৬টা স্বর্ণ পদক এই ইভেন্টত লাভকৰিবলৈ সক্ষম হৈছিল।

পেৰা ক্রীড়াবিদসকলেও তিনিটা স্বর্ণসহ মুঠ সাতটাকৈ পদকেৰে এইবেলি আশাৰ কিৰণ দেখুৱাবলৈ সক্ষম হয়। আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ছয়গৰাকী ক্রীড়াবিদে সাফল্যৰ জয়গান গাবলৈ সক্ষম হয়। ইয়াৰে অসম আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ খেলুৱৈ আৰু মণিপুৰৰ চাৰিগৰাকীয়ে পদক লাভ কৰে। এইবেলি উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ষোল্ল গৰাকী খেলুৱৈয়ে এই প্রতিযোগিতাত অংশগ্রহণৰ সুযোগ লাভ কৰিছিল। এইসকলৰ ভিতৰত সোণ হৈ জিলিকি উঠে ক্ৰমে মণিপুৰৰ মীৰাবাঈ চানু, ঋষিকান্ত সিং, বিন্দিয়াৰাণী দেৱী আৰু যদুমণি সিং, ত্ৰিপুৰাৰ অস্মিতা দে' আৰু অসমৰ লাভলীনা বৰগোহাঁই। ভাৰোত্তোলনত মীৰাবাঈ চানুৱে একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত পদক অৰ্জন কৰি হিংসাজৰ্জৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। মল্লযুঁজ, টেবুল টেনিছ, বেডমিন্টন আৰু হকী ইভেন্টো এইবাৰ কমনৱেলথ গেমছত সংযোজন নহ'ল। উক্ত ইভেন্টকেইটাৰ পৰা ২০২২ বৰ্ষত ভাৰতে ২৫টা পদক লাভ কৰিছিল। উল্লেখনীয় যে ভাৰতৰ মুঠ ৩৯টা পদকৰ যোল্পটাই মহিলাৰ। এইসকল মহিলাৰ মাজৰেই অসম কন্যা লাভলীনা বৰগোহাঁয়ে এক অনন্য কৃতিত্বৰ অধিকাৰী হৈ ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াইছে। বিশ্বৰ তিনিখন বৃহৎ ক্রীড়া প্রতিযোগিতা ক্রমে-অলিম্পিক গেমছ, কমনরেলথ গেমছ আৰু এছিয়ান গেমছত পদক অর্জনকাৰী দেশৰ ষষ্ঠগৰাকী মহিলা ক্রীড়াবিদত পৰিণত হ'ল লাভলীনা। এই বিৰল কৃতিত্ব অর্জনেৰে লাভলীনাই নিজৰ দীর্ঘদিনীয়া কষ্ট, একাগ্রতা, সাধনা আৰু লক্ষ্যত উপনীত হোৱাৰ সপোন সার্থক কৰে।

এইবাৰৰ কমনৱেলথ গেমছৰ ১২২জনীয় ভাৰতীয় দলটোত অসমৰ চাৰিগৰাকী খেলুৱৈয়ে প্রতিনিধিত্ব কৰি এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। কমনরেলথ গেমছত অসমৰ চাৰিজনীয়া দলটোত আছিল ক্রমে- লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু লিছা দাস। ২০২২ৰ কমনৱেলথ গেমছত অসমৰ দলটোৰ একমাত্র নয়নমণি শইকীয়াই লন বলত স্বর্ণপদক লাভ কৰিছিল। এইবেলি নয়নমণি শইকীয়া পদক লাভত ব্যর্থ হয় যদিও লাভলীনাই জয়ৰ মুখ দেখে। আগন্তুক কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব ভাৰতৰ আহমেদাবাদত। উল্লেখনীয় যে অহাবাৰ হ'ব কমনৱেলথ গেমছৰ এশ বছৰ। অনাগত দিনত অসমত আৰু অধিক এনে ক্রীড়াবিদৰ সৃষ্টি হওক, আৰু চৰকাৰে তাৰবাবে যথোচিত পদক্ষেপ গ্রহণ কৰিব বুলি আমি আশাবাদী। আগন্তুক কমনৱেলথ গেমছত অসমৰ পৰা যাতে আৰু অধিক ক্রীড়াবিদে অংশগ্রহণ কৰি পদক অর্জন কৰিব পাৰে তাৰ বাবে ৰাজ্যখনত এতিয়াৰ পৰাই এক ক্ৰীড়াৰ পৰিৱেশ সূচনা কৰাত চৰকাৰে আগভাগ লওক।

Share This