ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আমাৰ ৰাজ্যৰ সীমান্ত অঞ্চল-কেন্দ্রিক সংঘাতব মীমাংসা কৰা হ'ব বুলি বিভিন্ন সময়ত দিছপুৰত শাসনাধিষ্ঠিত চৰকাৰে আশ্বাস-বাণী শুনাই থাকিলেও, বিভিন্ন স্পর্শকাতৰ অঞ্চলৰ সীমান্তবাসী অসমীয়াই জীয়াই থকাৰ শান্তিপূর্ণ অৱস্থা এটা আজিলৈকে নোপোৱাটো চৰকাৰৰ ব্যর্থতা বুলিয়েই ক'ব লাগিব। শেহতীয়াকৈ গোলাঘাট জিলাৰ উবিয়ামঘাট অঞ্চলত নগাৰ উপদ্রৱে এনেকুৱা এটা অবস্থা পাইছেগৈ যে যিকোনো মুহূর্ততে তাত ডাঙৰ কিবা ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি বহুতে আশংকা ব্যক্ত কৰিছে। দুদিন পূর্বে উৰিয়ামঘাটৰ ২ নং চেইনপুৰ গাঁৱত অস্ত্র-শস্ত্র লৈ জৰীপ চলাবলৈ অহা ৫০/৬০জনীয়া নগা দুর্বৃত্তৰ দলে চি আৰ পি এফৰ লগতো হতাহতিত লিপ্ত হোৱা আৰু সীমান্তবাসী এজন যুৱকক শুৰুতৰভাৱে আহত কৰা ঘটনাই পৰিস্থিতি কেনে এক গুৰুতৰ অৱস্থালৈ গৈছে তাৰ উমান দিয়ে। উবিয়ামঘাটত এইটোৱেই একমাত্র ঘটনা নহয়। তাত যোৱা কেইবামাহো ধবি নিৰস্তুৰ গতিত নগাৰ উপদ্রৱ চলি আছে। যোরা বছৰ নৱেম্বৰ মাহত বেংমা বনাঞ্চলত অসম চৰকাৰে ৰোপণ কৰা হেজাৰ হেজাৰ গছপুলি নগা দুর্বৃত্তই কাটি পেলাইছিল, খেবাৰী সীমান্ত অঞ্চলত জ্বলাই দিছিল বন বিভাগ-চি আব পি এফৰ নিৰীক্ষণ শিবিৰ। সিমানেই নহয়, বিশাল সংখ্যক গাড়ী লৈ অহা অস্ত্ৰধাৰী দলে সীমান্তত অসমীয়া মানুহৰ চলা-ফিৰাৰ ক্ষেত্রতে। কিছুমান নিয়ম বান্ধি লিছিল, আৰু সেই নিয়ম অমান্য কৰিলে ব্যৱস্থা গ্রহণৰ হুংকাৰ দিছিল। বাতৰিকাকত আৰু দৃশ্য-শ্রব্য মাধ্যমত নগাৰ এই উপদ্রৱবিলাকৰ কথা প্রায় প্রতিদিনেই প্রকাশ পাই আহিছে। এনেকৈ অনধিকাৰ প্রৱেশ, উচ্ছেদিত ভূমিত নগাব নামফলক লগোৱা, বন বিভাগৰ শিবিব জ্বলাই দিয়া, বলপূর্বক জৰীপ চলোৱা আদি ঘটনাক লৈ অঞ্চলটোত উত্তেজনাৰ মাত্রা বঢ়াই নি আছে। তাত বিভিন্ন ছাত্র-যুৱ সংগঠনে প্রতিবাদী কার্যসূচী গ্রহণ কৰি, চৰকাৰক সমস্ত পৰিস্থিতিৰ বিষয়ে অৱগত কৰি, যিকোনো মুহূর্ততে অৱনতি ঘটিব পবা পৰিস্থিতি সম্পর্কে সকীয়নি দি আছে।
যোৱা নৱেম্বৰ মাহত চিলনীজানত এই বিষয়ক লৈ এখন বিশাল জনসভাও অনুষ্ঠিত হৈছিল। ৰাইজে সেই সভাৰ পৰা চৰকাৰক সমস্যাটোৰ সমাধানৰ ব্যৱস্থা ল'বলৈ আহবান জনাইছিল, সীমান্তৰ বিবদমান স্থানৰ হেক্টৰসমূহত মোতায়েন কৰাৰ কথা 'নিৰপেক্ষ বাহিনী' চি আব পি এফৰ পক্ষপাতিত্বৰ উদাহৰণ দিও অভিযোগ দাখিল কৰিছিল। কিন্তু বাজ্য চৰকাৰে অদ্যপৰিমিত পৰিস্থিতি নিয়ন্ত্রণ কিম্বা শান্ত কৰাৰ কোনো পদক্ষেপ গ্রহণ কৰা পবিলক্ষিত হোৱা নাই। ববঞ্চ, উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বিষয় হোৱা বাবে, বাজ্য চৰকাৰে বিষয়টোৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাহে কোনো কোনো সময়ত দৃষ্টিগোচৰ হৈছে। উল্লেখযোগ্য যে নগালেণ্ডে অসমৰ ৫৯,৪৯০.২১ হেক্টৰ ভূমি দখল কৰি থকা বুলি অলপতে বিধানসভাত তথ্য দাখিল কৰিছিল মন্ত্রী অতুল বৰাই। গোলাঘাট জিলাতে আছে নগাই দখল কৰা সর্বাধিক ৩৬,২৯৪.০৭ হেক্টৰ মাটি। এনে এক অৱস্থাৰ মাজতে, শেহতীয়াকৈ চলা লোক গণনাৰ গইনা লৈ, নগা লোকে আহি উৰিয়ামঘাটৰ গাঁৱত জবীপ চলোৱা বিষয়টোৱে প্রতিৱেশী বাজ্যখনৰ আগ্রাসী চৰিত্র প্রকট কৰি তুলিছে। এতিয়া প্রশ্ন হ'ব, এই আগ্রাসন তথা উপদ্রৱ কোনে চলাইছে? নগালেণ্ডৰ কোনোবা ব্যক্তি বিশেষে নে চৰকাৰে। কেইদিনমান পূর্বে অসম বিধানসভাৰ মজিয়াত সংসদীয় পৰিত্ৰমা মন্ত্রী পীযূষ হাজৰিকাই কৈছিল যে গোলাঘাটৰ উৰিয়ামঘাটত যিবোৰ ঘটনা ঘটিছে তাত নগা সম্প্রদায় জড়িত নহয়, একাংশ দুর্বৃত্তইহে হেনো অঞ্চলটোত দুষ্কাৰ্য চলাই আছে। সেই দুর্বৃত্তক চিনাক্ত কৰা হৈছে, আৰু তেওঁলোক বর্তমান পলাই আছে। মন্ত্রীগৰাকীৰ বক্তব্য নিশ্চয় জিলাখনৰ সংশ্লিষ্ট বিভাগে দিয়া তথ্যৰ আধাৰিত, কিন্তু সংশ্লিষ্ট সীমান্ত অঞ্চলত যোৱা কেইবামাহো ধৰি নিৰন্তৰ চলি থকা আগ্রাসন আৰু সন্ত্রাসৰ কার্যকলাপবোৰ মুষ্টিমেয় দুর্বৃত্তই কৰাটো সম্ভৱনে। নগাৰ আগ্রাসনৰ সমগ্র ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ অসমৰ মাটি দখলৰ কৌশল এনেকুৱাই। কেতিয়াবা সশস্ত্র দলে আহি ভয়-ভাবুকি দিয়ে, কেতিয়াবা জৰীপ চলায়, কেতিয়াবা প্রলোভন দিয়ে আক কেতিয়াবা চলায় সন্ত্রাস। ২০২১ চনত নগালেণ্ডে ঘোষণা কৰা 'নিউলেণ্ড' জিলাখনৰ বুজন অংশ অসমৰ আছিল। কেইমাহমান পূর্বে, নগাই সৰুপথাৰ মহকুমাৰ অন্তর্গত চুঙাজানৰ নবমিলনপুৰ গাঁৱত বলপূর্বকভাৱে এখন গেট স্থাপন কৰি, তাত 'নিউলেণ্ড জিলা' বুলি লিখি দিয়াটো এনে আগ্রাসনৰে শেহতীয়া অধ্যায়। এই সন্দর্ভত সৰুপথাৰৰ জনসাধাৰণে মুখ্যমন্ত্রীলৈ স্মাৰক-পত্র প্রেৰণ কৰিছিল।
গতিকে, এই উদাহৰণবিলাকেই প্রমাণ কৰে যে অসমৰ সীমান্তৰ মাটি বেদখল কৰাটো নগালেণ্ডৰ এক পৰিকল্পিত অভিযান। চৰকাৰে এই আগ্রাসন কেনেকৈ ইমানতে অন্ত পেলাব পাবে, আৰু স্পর্শকাতৰ সীমান্তৰ অসমীয়া জনসাধাৰণক উদ্বেগ-অশান্তিৰ পৰা মুক্ত কৰিব পাৰে, সেইটোৱেই আজিৰ তাৰিখত প্রধান কথা। সম-নগালেণ্ডৰ সীমা বিবাদক লৈ ১৯৮৮ চনৰ পৰাই উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰটোৰ আজিলৈকে নিষ্পত্তি নহ'ল। ন্যায়ালয়ৰ বাহিৰত ৰাজ্য দুখনৰ চৰকাৰেও আজিলৈকে এই বিষয়ত বুজাবুজিত উপনীত হোবাত ব্যর্থতা প্রদর্শন কৰিছে। দেশত বিজেপিৰ চৰকাৰ থকা তথা অসম আৰু নগালেণ্ডত এন ডি এৰে চৰকাৰ থকা সূত্রে, কেন্দ্রেীয় চৰকাৰে, বিশেষকৈ অমিত শ্বাহৰ কর্তৃত্বাধীন গৃহ মন্ত্র্যালয়ে দুয়োখন ৰাজ্যৰ নেতৃত্বক আলোচনাৰ মেজত বহুৱাই সীমান্তৰ সংঘাতৰ সমাধান-সূত্র উলিওৱাৰ চেষ্টা কৰা উচিত।