মানুহে মানুহৰ বাবে

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : মানুহে মানুহৰ বাবে/যদিহে অকণো নাভাবে...। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই গাই যোৱা গানৰ কথাৰে, অসমী আইৰ পো জুবিন গার্গে দেখাই যোৱা পথেৰে এতিয়া অসমৰ বুকুত মানুহৰ জয়গান বাজিছে। পাটকাই পৰ্বত পাৰ হৈ সোণগুটিৰ বাগিচা পতাৰ সপোনেৰে প্ৰাচীন সৌমাৰপীঠত ভৰি দিয়া চাওলুং চ্যুকাফায়ো সাত ৰাজ মাৰি এক ৰাজ কৰাৰ একেটা সপোনেই দেখিছিল। এই সপোনেৰেই জাতি-ধর্ম বিলীন হৈ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰে আজিৰ তাৰিখত অসমীয়া জাতি ঠন ধৰি উঠিছিল। বিভিন্ন সময়ত নানা ভাঙোনমুখী শক্তিয়ে অসমীয়া জাতিক থানবান কৰিবলৈ চেষ্টা কৰি আহিছে যদিও ক'ৰবাত নহয় ক'ৰবাত অসমীয়াৰ মজ্জাত জীয়াই থকা সেই তাহানিৰ চ্যুকাফাৰ পৰা কুমাৰ ভাস্কৰ বৰ্মাৰ তেজ অথবা এইটো যুগৰেই সুধাকণ্ঠ আৰু জুবিন গাৰ্গৰ মাত-কথাই আদর্শ হৈ যেন এই অপশক্তিৰ বৃহৎ প্রত্যাহ্বান হৈ থিয় দি আহিছে।

উজনি অসমৰ ৩ জিলাত এতিয়া জলপ্রলয়ৰ কৰুণ ছবি দৃশ্যমান। প্রাচীন সৌমাৰপীঠৰ পৰা এতিয়া উজনি অসম হোৱা শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাত দিখৌ নৈয়ে লিখি পেলাইছে কাললৈকে এক বিষাদময় অধ্যায়। চৰকাৰে কোৱা ধৰণৰ ডাৱৰ বিস্ফোৰণেই হওক বা চৰকাৰে লুকুৱাব খোজা অন্য কোনো কাৰণতেই হওক, প্রকৃতিৰ তাণ্ডৱেই হওক বা মানৱসৃষ্ট বিপর্যয়েই হওক, দিখৌ নৈৰ বলিয়া বানে বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰক একপ্ৰকাৰ চাঁহি-মুহি লৈ গ'ল। নিমিষতে একোখন গাঁও উছন হৈ গ'ল। ঘৰৰ মূধচ, গছৰ ফেৰেঙনিৰ পৰা মথাউৰিৰ ওখ টিং ক'তো ৰৈ থাউনি নোপোৱা এখিনি মানুহ পলকতে সর্বস্বান্ত হৈ পৰিল। দশক দশক জুৰি বান নেদেখা শিৱসাগৰ, যোৰহাট, নাজিৰা শিমলুগুৰি, জয়সাগৰ, সোণাৰি, চৰাইদেউকে ধৰি উজনি অসমৰ বিস্তীর্ণ অঞ্চল বুৰ গ'ল পানীত। অসমৰ ধেমাজি-লখিমপুৰৰ পৰা আদি কৰি বিভিন্ন অঞ্চলত বানে তাণ্ডৱ চলাই অহাটো নতুন কথা নহয়। বাৰিষাৰ ওফন্দি উঠা নৈৰ বুকুত বিগত সময়ত বহু গাঁও, বহু এলেকা এনেকৈয়ে উছন হৈ আহিছে। পাঁচ-ছয়টা দশক পূৰ্বৰ পৰাই আনকি অসমৰ বলিয়া বানক ৰাষ্ট্ৰীয় দুর্যোগ হিচাপে ঘোষণা কৰিবলৈ অহৰহ দাবী উত্থাপন হৈ আহিছে। সেই দাবী কিন্তু আজিলৈকে পূৰণ কৰা নাই কোনো এখন চৰকাৰে। সেই বিষয় এতিয়া তেহেলৈকে থাকক। কিন্তু শেহতীয়া উজনি অসমৰ বান কেৱল বান নহয়, এয়া প্রলয়। দিখৌকে ধৰি শিৱসাগৰ, যোৰহাটৰ সৰু-বৰ নদীয়ে উজনি অসমত কেৱল বানৰ সৃষ্টি কৰা নাই, এই বানত কেৱল ঘৰ-বাৰী, পথেই উটি যোৱা নাই, উটি গৈছে দশক দশক জোৰা বিশ্বাস, কষ্টৰ ফচল, জীৱিকাৰ লগতে আগন্তুক দহ-পোন্ধৰ বছৰলৈকে পূৰ কৰিব নোৱাৰা সপোনৰ আশা-আকাংক্ষা। আনৰ ওচৰত হাত পাতিব নোৱাৰা এই মানুহখিনি এতিয়া তেনেই নিঃস্ব। থাকিবলৈ ঘৰ নাই। উটুৱাই নিয়া কেঁচা ঘৰ বাদেই, পকী ভাল ভাল ঘৰৰো অৱস্থা তথৈবচ। ঘৰৰ ভিতৰত একাঁঠুকৈ পলস। শিমলুগুৰি, সোণাৰি, বেতবাৰী ইত্যাদি বহু এলেকাত এতিয়াও ৰাস্তা-পদূলিয়েই নহয়, ঘৰৰ ভিতৰতো একাঁঠুলৈকে পানী। ঘৰৰ ভিতৰৰ লাম-লাকটু পর্যন্ত উটুৱাই নিয়া বানে উটুৱাই নিছে কিতাপ-পত্ৰ আদিকে ধৰি শৈক্ষিক জীৱনৰ সমলৰ পৰা মাটি-বাৰী, বীমা, বেংক ইত্যাদিৰ গুৰুত্বপূৰ্ণ নথি-পত্রলৈকে। এক অর্থত শূন্যৰ পৰা আৰম্ভ হোৱা জীৱন শূন্যত শেষ হোৱা নাই, বৰঞ্চ এই নিঃস্ব মানুহখিনিৰ জীৱন এতিয়া বিয়োগৰ পৰাহে আৰম্ভ হৈছে। এইহেন দুৰ্যোগৰ সময়ত অসম আৰু অসমীয়া এক হৈ পৰিছে। নিঃস্ব মানুহখিনিৰ কাষলৈ গাড়ীয়ে গাড়ীয়ে সাহায্য গৈছে। সৰ্বস্বান্ত মানুহখিনিৰ কাষত গৈ ৰৈছে প্রতিজন অসমীয়া। নোৱাৰাজনেও আশীর্বাদ দিছে। পৰাজনে ১০-২০ টকাৰ পৰা লাখ টকালৈকে সাহায্য আগবঢ়াইছে। শিৱসাগৰৰ ৰাজপথত অভূতপূর্ব ট্রেফিক জাম। পিছে এই ট্রেফিক জামতো মানুহে অস্বস্তি ভোগা নাই। বৰঞ্চ মানুহ হৈ জীয়াই থকাৰ আশাৰ ৰেঙনি দেখা পাইছে। সাহায্যৰ ধল বৈছে শিৱসাগৰৰ বন্যাৰ্তৰ কাষলৈ। সততে বিতর্কলৈ অহা কন্টেন্ট ক্রিয়েটৰ, ইউটিউবাৰো উঠি-পৰি লাগিছে এবুকু পানীৰ মাজত আবদ্ধ হৈ থকা বন্যার্তক সকাহ দিবলৈ। চুবুৰিয়ে চুবুৰিয়ে সহায়ৰ টোপোলা লৈ মানুহ গৈছে সেই মানুহখিনিৰ ওচৰলৈ। আজমল, আনফৰৰ পৰা ভোজপুৰী পৰিষদ, নাপিত পৰিষদ, মাৰোৱাৰী যুৱ মঞ্চ, লায়নছ ক্লাব, আছু, ফে'চবুক গ্রুপ- কোনো বাকী নাই। এই সহায়ৰ হাতে হাত ধৰি যোৱা বাটটোত কোনো হিন্দু নাই, কোনো মুছলমান নাই, কোনো বিহাৰী, বঙালী, মাৰোৱাৰী নাই। 

এই সময়ত আৰ্তজনৰ কাষত সকলো থিয় হৈছে অসমীয়া হৈ। অসমীয়াৰ এই অভূতপূর্ব একতা আৰু সহৃদয়তাক দেখি যেন চৰকাৰ যন্ত্ৰও এক মুহূৰ্তলৈ তধা লাগিছে। চৰকাৰে কৰা ঘোষণাসমূহক লৈ সাধাৰণ ৰাইজ সন্তুষ্ট নহয়। কাৰণ বন্যার্তক পর্যাপ্ত খাদ্য আৰু বস্ত্ৰ দিবলৈ সহায়ৰ হাতৰ এই মুহূর্তত অভাৱ নাই। কিন্তু তাৰ পাছৰ সময়খিনিহে ভয়াৱহ। কিয়নো হাজাৰ হাজাৰ মানুহৰ উছন হোৱা ঘৰ-বাৰী, উটি যোৱা পশুধন, ফচল পুনৰ ঘূৰাই পোৱাৰ কোনো সুযোগ নাই। চৰকাৰে এই সময়ত এই আৰ্তসকলৰ বাবে বাসস্থানৰ প্ৰয়োজনীয় সামগ্রী, গৰু-গাই, হাঁহ-পাৰ, ছাগলী ইত্যাদি জীৱিকাৰ পশুধন তথা তাৎক্ষণিকভাবে কঠীয়া যোগানৰহে দিহা কৰিব লাগে। কিয়নো মুধচহীন মানুহবোৰক বাসস্থানৰ লগতে আগন্তুক সময়ত এটা সুসংহত জীৱিকাহে জৰুৰী। আৰ্তজনক কাপোৰ ইত্যাদি দিয়া ঘোষণাৰ সলনি উটি যোৱা, ভগ্নস্তূপত পৰিণত হোৱা স্কুল, কলেজ, পথ ইত্যাদি নির্মাণতহে চৰকাৰে বিশেষ আঁচনি যুগুত কৰা উচিত। মানুহে মানুহৰ বাবে বুলি ৰাজপথলৈ ওলাই অহা মানুহবোৰে আৰ্তজনৰ কাষত থিয় হৈ চৰকাৰখনকো যেন সোঁৱৰাই দিছে দায়িত্বৰ কথা। 'মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।' সেয়া অসমীয়াই জানে আৰু সেই প্রবাদ আজি অসমীয়াই প্ৰমাণ কৰি দেখুৱালে।

Share This