দাম বৃদ্ধি

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : দাম বৃদ্ধিৰ হেঁচাত আজিৰ তাৰিখত সাধাৰণ জনতাই দিক-বিদিক হেৰুৱাব লগা হৈছে। ৰাজ্যৰ জনগণে মুখামুখি হোৱা কেইবাটাও সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটোৱেই হ'ল অভাৱনীয় হাৰত বৃদ্ধি হোৱা সামগ্ৰীৰ দাম। দিনকদিনে খাদ্য সামগ্রী, পেট্রলজাত সামগ্ৰী, ৰন্ধন গেছৰ পৰা জীৱনদায়িনী ঔষধলৈ সকলোৰে দাম বৃদ্ধি ঘটিছে। দুবছৰ পূৰ্বৰ চাউলৰ দাম আৰু আজি সেই একে চাউলৰে দামৰ মাজত আকাশ-পাতাল পার্থক্য।দাইল-চেনি-মিঠাতেলৰ পৰা ৰন্ধন গেছলৈ পাকঘৰৰ সকলো সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িল। মিঠাতেলৰ দাম এতিয়া প্রতিলিটাৰত আঢ়ৈশ টকা। বিশ দিনৰ পূৰ্বে যিটো ব্ৰেডৰ দাম আছিল ৩৫ টকা, সেই ব্ৰেডটোৰ আজি দাম ৫ টকাকৈ বৃদ্ধি পাইছে। প্রতি কিল'গ্রাম চেনিৰ দাম ৫ টকা বৃদ্ধি পাইছে, চাউল প্রতি বেগত দুশৰ পৰা আঢ়ৈশ টকা বৃদ্ধি পাইছে। সোণাশক্তি চাউল প্রতিবেগত পূৰ্বৰ ১৫৭০ টকাৰ বিপৰীতে আজিৰ তাৰিখত ১৮২০ টকালৈ বৃদ্ধি পাইছে। বি পি টি চাউলৰ দাম প্রতিবেগত ১২২০ টকাৰ পৰিৱৰ্তে এতিয়া ১৪১০ টকা হৈছে। প্রতি কিল' পিঁয়াজৰ দাম ৫০ টকা, ডেৰশ টকীয়া জহা চাউলৰ প্ৰতি কিল' আজি গুৱাহাটীৰ বজাৰত দুশ টকাত বিক্রী হৈছে। এইদৰে প্ৰতিদিনেই প্রতিবিধ সামগ্রীতে এটকা-দুটকাকৈ দাম বৃদ্ধি পাইছে। কাৰো যেন একো নিয়ন্ত্রণ নাই বজাৰত। কণীৰ দামো এতিয়া যথেষ্ট বৃদ্ধি পাইছে। ২২০ টকীয়া প্রতিপ্লেট কণীৰ দাম এতিয়া ২৭০ টকা পর্যন্ত হৈছে। মিঠাতেল প্রতিলিটাৰত দহৰ পৰা বিশ টকা বৃদ্ধি হৈছে। শাক-পাচলিৰ মূল্যও ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ঔষধৰ দাম পূৰ্বতকৈ কেইবাগুণো বাঢ়িল। মুঠতে নিয়ন্ত্রণহীন দাম বৃদ্ধিত দিশহাৰা হৈ পৰিছে ৰাইজ।

বজাৰলৈ গৈ মূৰ-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতা। নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ বিপৰীতে মানুহৰ উপার্জন সেই হাৰত বাঢ়িছেনে? নাই বঢ়া। বৰঞ্চ সংস্থাপনৰ অভাৱত প্রতি পৰিয়ালত নিবনুৱাৰ সংখ্যাহে বাঢ়িছে। সীমিত উপার্জনেৰে পৰিয়াল এটা পোহপাল দিয়া লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ এক অন্যতম কাৰক হৈছে পৰিবহণ ব্যয় বৃদ্ধি। ইন্ধনৰ দাম বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে সামগ্ৰীৰ মূল্যৰ ওপৰত। সম্প্ৰতি মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ সমগ্র বিশ্বতে পৰিছে। যুদ্ধৰ ফলত তেল আৰু প্ৰাকৃতিক গেছ, এল পি জিৰ ইন্ধনৰ দাম ভয়ংকৰভাৱে বৃদ্ধি হৈছে। এই যুদ্ধ ওৰ পৰাৰ বাতৰিত সমগ্ৰ বিশ্ববাসীয়ে এক স্বস্তিৰ নিশ্বাস এৰিছিল, যদিও পুনৰ ইৰান আৰু আমেৰিকাৰ মাজত হোৱা প্রচণ্ড আক্রমণ-প্রতি আক্রমণে সমগ্র বিশ্বতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। যুদ্ধৰ বাবে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম সৰ্বাধিক হৈ থকাৰ সময়ত ভাৰতত পেট্রল-ডিজেলৰ দাম প্রতি লিটাৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কিন্তু, যুদ্ধ কিছু শাম কটাত, এতিয়া দাম কমাৰ পাছতো দেশত পেট্রল, ডিজেলৰ দাম সেই হিচাপত হ্রাস পোৱা নাই। উল্লেখযোগ্য যে, বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ১ জুনৰ পাছত ৮০ ডলাৰৰ তললৈ নামে। যুদ্ধৰ সময়ত ৮ এপ্রিলত প্রতি বেৰলৰ দাম ১১৫ ডলাৰ হৈছিল। ২০১৮ চনত যেতিয়া খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৮০ ডলাৰ আছিল, তেতিয়া দিল্লীত প্রতিলিটাৰ পেট্ৰলৰ দাম আছিল ৭২.১৫ টকা। ২০২০ চনত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৪৩.৪১ ডলাৰ হোৱাৰ সময়ত দেশত পেট্রল বিক্ৰী কৰা হৈছিল প্ৰতিলিটাৰত ৬৮.২০ টকা দৰত। কিন্তু সেই হিচাপত আজিৰ তাৰিখত মূল্যৰ আকাশ-পাতাল প্রভেদ।

এতিয়া কথা হ'ল, চৰকাৰে বস্তুৰ ঊর্ধ্বমুখী দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিয়? দাইলৰ দাম বৃদ্ধি, মিঠাতেলৰ দাম বৃদ্ধিৰ মুখ্য কাৰণ কি? কৃষিজাত যিকোনো খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে দূৰদৃষ্টিৰে উচিত পদক্ষেপ ল'ব পাৰে। এইক্ষেত্ৰত চৰকাৰৰ ভিজন থকা উচিত। কিন্তু তেনে কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। ২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনত বিজেপিৰ মূল ইছ্যুটোৱেই আছিল দাম বৃদ্ধি ৰোধ কৰা। দাম বৃদ্ধিক এক ডাঙৰ সমস্যা বুলি কোৱা বিজেপিয়ে শাসনত বহিয়েই নিজে মূল্য বৃদ্ধিত অৰিহণাহে যোগালে। অত্যাৱশ্যকীয় প্রতিবিধ সামগ্ৰীৰ ঊর্ধ্বমুখী দাম নিয়ন্ত্ৰণ কৰি ৰাইজক সকাহ দিয়াৰ প্রতিশ্রুতি বিজেপিয়ে দিছিল। কিন্তু, বিজেপি চৰকাৰৰ আমোলত দাম বৃদ্ধিয়ে অভিলেখহে গঢ়িলে। মোদী চৰকাৰে কৈ আহিছে যে ভাৰত বিশ্বৰ ভিতৰত অর্থনৈতিকভাৱে শক্তিশালী হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু দেশৰ গৰিষ্ঠসংখ্যক মানুহৰ অৰ্থনৈতিক স্বচ্ছলতা অবিহনে, উপার্জন বৃদ্ধি অবিহনে, দাম বৃদ্ধিয়ে কোঙা কৰা সময়ত ই সম্ভৱ হ'বনে? এই প্রশ্ন ৰাইজৰ মাজৰ পৰাই উত্থাপন হ'ব লাগিব। দাম বৃদ্ধিৰ আঁৰত চৰকাৰৰ ভুল নীতিৰ অৰিহণা আছে নেকি? দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে চেষ্টা চলোৱা নাই কিয়? চৰকাৰৰ সদিচ্ছা নাই, নে ব্যর্থ? এইবোৰ প্ৰশ্নৰ উত্তৰো ৰাইজে বিচাৰিব লাগিব। পৰিৱৰ্তিত পৰিস্থিতিত দাম বৃদ্ধি অৱধাৰিত বুলি মূক জনতাই মানি ল'লে নহ'ব। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এই কামৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নিশ্চয় সকলোৰে আছে।

Share This