কুইক কমাৰ্চৰ আগ্রাসন

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : ব্লিংকিট, ছুইগি ইন্‌ষ্টামাৰ্ট, জেপ্ট' হৈছে ভাৰতৰ প্ৰধান দ্রুত কমাৰ্চ প্লেটফৰ্ম, যি দহৰ পৰা বিশ মিনিটৰ ভিতৰতে গ্রাহকক গেলামালৰ লগতে অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰে। বৰ্তমান সময়ত ভাৰতৰ ১৫৩খনতকৈও অধিক চহৰত কাৰ্যক্ষম হৈ থকা ব্লিংকিটৰ দৰে আন কোম্পানীকেইটায়ো সমগ্র দেশতে নিজৰ আধিপত্য বিস্তাৰ কৰিছে। আজিৰ সময়ত অধিকাংশ লোকেই পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি মাজনিশালৈকে এই 'কুইক কমার্চ' প্রযুক্তি নিৰ্ভৰ হৈ পৰিছে। দূবৰি বনৰ পৰা কলপাতখিলালৈকে, পূজাৰ সামগ্ৰীৰ পৰা শাক-পাচলি, গেলামালৰ সামগ্রীলৈকে উপলব্ধ এই প্রযুক্তিয়ে অতি সহজ কৰি পেলাইছে মানুহৰ জীৱন। এতিয়া মানুহে চাহকাপ প্রস্তুত কৰি থকা সময়তেই অনলাইনযোগে খোৱা বস্তু অৰ্ডাৰ কৰিব পাৰে। দোকানলৈ ওলাই নগৈ ঘৰতে বহি শাক-পাচলি হাতত তুলি ল'ব পাৰে। চাকৰি কৰা দম্পতী, ছাত্ৰ-ছাত্ৰী নাইবা বয়োজ্যেষ্ঠ লোকৰ বাবে ই এক ডাঙৰ সকাহ। হঠাৎ গাখীৰ, শাক-পাচলি নাইবা ঔষধ লাগিলে ৰাস্তাৰ ভিৰ ঠেলি বজাৰলৈ যাব নালাগে এতিয়া। বৰষুণৰ বতৰেই হওক বা উৎকট গৰম, নিশা দেৰি হওক বা পুৱাই হওক ম'বাইলৰ এটা ক্লিকতেই অৰ্ডাৰ কৰিব পাৰি।

'কুইক কমার্চ' কোম্পানী ব্লিংকিটৰ জন্ম হৈছিল আজিৰ পৰা বাৰ বছৰ পূৰ্বে। অলবিন্দৰ ধিন্দচা আৰু সৌৰভ কুমাৰ নামৰ দুগৰাকী যুৱকে ২০১৩ ডিচেম্বৰত গুৰগাঁৱত প্ৰতিষ্ঠা কৰা এই কোম্পানীটোৰ নাম পূর্বতে আছিল গ্ৰোফাৰ্ছ। একেদৰে জেপ্ট'ৰ জন্ম ২০২১ চনত। অতি কম সময়ৰ ভিতৰতে ব্যাপক জনপ্রিয়তা লাভ কৰা এই কুইক কমাৰ্চৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হোৱাৰ সহজ কাৰণ হৈছে ইয়াৰ দ্রুততম সেৱা। চাহ কাপ প্রস্তুত হৈ নুঠোতেই গাখীৰ আহি হাজিৰ হয় গ্ৰাহকৰ দুৱাৰৰডলিত। কিন্তু, ইয়াৰ ভাল দিশবোৰৰ বিপৰীতে থকা কিছু বেয়া দিশৰ বাবে সমাজৰ বাবে ই অভিশাপস্বৰূপো হৈ উঠাৰ আশংকা নথকা নহয়। যাৰ বাবে, শেহতীয়াভাৱে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলং চহৰকে ধৰি ৰাজ্যখনত কুইক কমার্চ প্লেটফর্ম 'ব্লিংকিট' বন্ধ কৰি দিয়া হৈছে। খাছি পার্বত্য স্বায়ত্তশাসিত জিলা পৰিষদ (KHADC) আৰু অন্যান্য থলুৱা সংস্থাই স্থানীয় চাৰি হাজাৰৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত প্রতিষ্ঠানটোৰ বাণিজ্য অনুজ্ঞাপত্ৰ নাকচ কৰে। এই পদক্ষেপৰ মূল কাৰণসমূহ হৈছে স্থানীয় ব্যৱসায়ীক সুৰক্ষা দিয়া। কাৰণ, দ্রুতগতিত সামগ্রী ডেলিভাৰী দিয়া এপ্সমূহে দিয়া বৃহৎ ৰেহাইৰ ফলত স্থানীয় সৰু সৰু দোকানবোৰ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। খাছি পার্বত্য স্বায়ত্তশাসিত জিলা পৰিষদৰ স্পষ্ট কথা এয়ে যে এনে কোনো ব্যাৱসায়িক আর্হিক তেওঁলোকে অনুমতি নিদিয়ে, যি থলুৱা খিলঞ্জীয়া ব্যৱসায়ীসকলৰ অৰ্থনীতিত বাধাৰ সৃষ্টি কৰে। পূর্বেও এনেধৰণৰ কুইক-কমার্চ এপ 'ইন্‌ষ্টামার্ট' কো মেঘালয়ত ব্যৱসায় কৰাৰ অনুমতি প্রদান কৰা হোৱা নাছিল। স্থানীয় ব্যৱসায়ীৰ ওপৰত পৰা হেঁচাৰ বাবেই খাছি পার্বত্য স্বায়ত্তশাসিত পৰিষদে হয়তো এইধৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে। কাৰণ শ্বিলঙত বহু পৰিয়াল খুচুৰা দোকানৰ ওপৰত নিৰ্ভৰশীল। কুইক কমাৰ্চৰ দৰে ব্যৱসায়ৰ আগ্রাসনে তেওঁলোকৰ দৈনিক বিক্রীত বাৰুকৈয়ে প্রভাৱ পেলাব পাৰে। অৱশ্যে এই সিদ্ধান্তক লৈ স্থানীয় পর্যায়ত মতবিৰোধো দেখা গৈছে। কিছুমান পৰম্পৰাগত গাঁও পঞ্চায়তে বা স্থানীয় লোকে অনলাইন সেৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ইয়াৰ বিৰোধিতা কৰিছে।

এফালৰ পৰা চালে ইয়াৰ বেয়া দিশসমূহ চকুত পৰিলেও, আন এফালৰ পৰা কিন্তু ই এক যোগাত্মক দিশো প্রতিফলিত কৰে। কাৰণ, আমি আমাৰ এণ্ড্ৰয়ড ম'বাইলটোৰ জৰিয়তে লাভ কৰা এই সেৱা তথা সুবিধাবোৰৰ আঁৰত বহুকেইটা পার্টি যুক্ত হৈ আছে, যেনে ম'বাইল এপ, দ্রব্য বা সেৱাসমূহৰ উৎপাদন প্রতিষ্ঠান আৰু দ্রব্য বা সেবাসমূহ যোগান ধৰা শ্ৰমিকসকল। সাধাৰণ অৰ্থত এই পদ্ধতিত পঞ্জীয়নকৃত শ্রমিকসকল হৈছে গিগ শ্রমিক আৰু ইয়াৰ পৰাই উৎপত্তি হৈছে গিগ অর্থনীতি (gig economy)। ই হৈছে এনে এক অর্থনৈতিক ব্যৱস্থা, য'ত এচাম লোকে স্থায়ী চাকৰিৰ বিপৰীতে সৰু সৰু কাম (gig) কৰি আয় আহৰণ কৰে। এই ব্যৱস্থাৰ ক্ৰমবিকাশ ২১ শতিকাৰ আৰম্ভণিৰ পৰাই হোৱা দেখা গৈছে আৰু বৰ্তমান এই ব্যৱস্থা বিশ্বৰ প্ৰায় সকলো উন্নয়নশীল আৰু উন্নত দেশৰ বাবে এক গুৰুত্বপূৰ্ণ অর্থনৈতিক ধাৰা হৈ পৰিছে। গিগ অর্থনীতিয়ে দেশসমূহত ক্ষিপ্র গতিত বিস্তাৰ লাভ কৰিছে। সেয়ে কুইক কমার্চক পোনছাটেই নাকচ কৰিব নোৱাৰে। আজিৰ পৰিৱৰ্তিত সমাজৰ সৈতে খাপ খোৱাকৈ এইধৰণৰ প্লেটফৰ্মৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। কিন্তু এইটো কথাও ঠিক যে থলুৱা ব্যৱসায়ীক পেটে-ভাতে মাৰি আমি এইধৰণৰ প্লেটফৰ্মৰ উত্থান চাই হাত সাবটি বহি থাকিলে নহ'ব। কুইক কমাৰ্চৰ আগ্রাসনৰ সমান্তৰালভাৱে আমাৰ থলুৱা ব্যৱসায়ীসকলৰ জীৱন-জীৱিকা যাতে স্তব্ধ নহয়, তাৰ বাবে সময়োচিত পদক্ষেপ গ্রহণ কৰিব লাগিব।

Share This