ডিজিটেল ডেস্ক : অসমত এতিয়া সর্বত্র দুর্যোগময় পৰিস্থিতি। উজনি অসমৰ অভাৱনীয় প্রলয়ংকৰী বানৰ তাণ্ডৱত সমগ্ৰ অসম কঁপি উঠিছে। বান, খহনীয়া, মথাউৰি নিৰ্মাণ, উদাস্তু কৃষক ইত্যাদি এশ এবুৰি সমস্যাৰ সৈতে ইতিমধ্যেই যুঁজি থকা অসমবাসীৰ মূৰৰ ওপৰত এক অৰ্থত বজ্রপাত পৰা দি পৰিছে উজনি অসমৰ বান। এই বানত উজনি অসমৰ তিনি জিলাৰ লক্ষাধিক জনতা সর্বস্বান্ত হৈছে। সমগ্র অসমে সাহায্য লৈ উজনি অসমলৈ ঢাপলি মেলিছে। কিন্তু এই সাহায্য, এই সকাহ কিমান দিনলৈ। সাধাৰণ জনতাই এটা সীমিত সময়লৈকে নিজৰ সঞ্চয়ৰ ধনেৰে মানুহখিনিক সকাহ দিব। কিন্তু দীর্ঘম্যাদী চিন্তাৰ বাবে চৰকাৰৰ ওপৰত ভৰসা কৰাৰ বাদে সাধাৰণ জনতাৰ লগতে এই আৰ্তসকলৰো হাতত কোনো বেলেগ উপায় নাই। ভয়াৱহ আর্থিক সংকটৰ সন্মুখীন হোৱা দেশৰ অৰ্থব্যৱস্থা এতিয়া তেনেই টুলুঙা নাৱৰ দৰে হৈ আছে। যদিও দুৰ্গতসকলৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰে অন্তৰ্বর্তীকালীন সাহায্যৰ কেইবাটাও ঘোষণা কৰিছে, কিন্তু সাধাৰণ জনতা যেন এতিয়াও এনেবোৰ ঘোষণাত পতিয়ন যাব পৰা নাই। কিয়নো অসম চৰকাৰে বাৰে বাৰে কেন্দ্ৰীয় সাহায্যৰ কথা দাবী কৰি আহিলেও কেন্দ্ৰৰ তৰফৰ পৰা এই পর্যন্ত প্রধানমন্ত্রী অথবা গৃহ মন্ত্রী বাদেই, এটা প্রতিনিধি দলো শিৱসাগৰৰ বন্যাৰ্তৰ কাষত উপস্থিত হোৱা নাই। আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ লগতে অসমৰ সুযোগ্য সন্তান বিজ্ঞানী ৰুবুল মাউতেও সুদূৰ বিদেশৰ পৰাই প্রধানমন্ত্রী অথবা গৃহ মন্ত্ৰীৰ কোনোৱেই অসমৰ দুৰৱস্থা চাবলৈ এবাৰো আহিবলৈ সময় নোপোৱাক লৈ আশ্চর্য প্ৰকাশ কৰাৰ লগতে এবাৰ নিজ চকুৰে পৰিস্থিতি অনুধাৱন কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। ইফালে, তৈল সংকটৰ অচিলাৰে বৃদ্ধি হোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য এই পর্যন্ত একেই আছে। চৰকাৰী সূত্র মতেই যদিও তৈল সংকটৰ পৰিস্থিতি এতিয়া সুস্থিৰ হৈছে, ইন্ধন সংকটৰ অচিলা লৈ বৃদ্ধি হোৱা সামগ্ৰীৰ মূল্য কমাৰ সলনি বাঢ়িছেহে। শেহতীয়াকৈ উজনি অসমৰ বানত সাধাৰণ জনতা সৰ্বস্বান্ত হোৱাৰ লগতে উজনি অসমৰ অৰ্থ ব্যৱস্থাও একেবাৰে ভাগি পৰিছে। কিন্তু এইহেন ৰাজ্যিক দুৰ্যোগৰ মাজতো বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয় লগা দামে খাটি খোৱা জনতাক মূৰে-কপালে হাত দিবলৈ বাধ্য কৰাইছে। শিৱসাগৰলৈ সাহায্যৰ ঢল বোৱাই যোৱা এইসকল খাটি খোৱা অসমীয়াই অনিয়ন্ত্রিত বজাৰ আৰু সামগ্ৰীৰ চৰা দাম মূৰত লৈ কিমান দিনলৈ এই আর্তসকলক সহায় কৰিব পাৰিব সেয়া চিন্তনীয়।
উল্লেখযোগ্য যে অসমত এতিয়া চাউল, দাইলৰ পৰা পাচলি, মাছ, মাংস, কণী, গাখীৰলৈকে সকলোতে অভাৱনীয় হাৰত দাম বৃদ্ধি হৈছে। চৰকাৰী তথ্য অনুসৰিয়েই অসমত প্রতিদিনে সাতাৱন্ন লাখ কণীৰ প্ৰয়োজন হয়। কিন্তু এই চাহিদাৰ ১০-ৰ পৰা ১২ শতাংশহে অসমে নিজাববীয়াকৈ উৎপাদন কৰাৰ বিপৰীতে ৩৫ লাখ কণী প্রতিদিনে অন্ধ্র প্রদেশ আৰু কৰ্ণাটকৰ পৰা আমদানি কৰিব লগা হয়। লক্ষণীয়ভাৱে এই কণীৰো প্ৰতিটোৰ পাইকাৰী দাম বিগত চৈধ্য দিনত ৭.৬৪ টকাৰ পৰা ৬.৪৪ টকালৈ হ্রাস পাইছে যদিও খুচুৰা বজাৰত একোটা কণী ৯ টকাৰ পৰা ১০ টকালৈকে একেই বর্ধিত দামতেই বিক্রী হৈ আছে। আনকি যোৰহাট আৰু বজালীৰ পৰা থলুৱাভাৱে উৎপাদিত বাহুবলী বা শক্তিমান কণীৰ দামো খুচুৰা বজাৰত দহ টকাৰ পৰা হঠাৎ তেৰ টকা হৈছেগৈ ইন্ধন সংকটৰ দোহাই দি, কিন্তু ইন্ধন সংকট হ্রাস পোৱাৰ পাছতো ইয়াৰ মূল্য হ্রাস পোৱা নাই।
শেহতীয়াকৈ সদনত মন্ত্রী নীলিমা দেৱীয়ে বিগত পাঁচ বছৰত কণীৰ উৎপাদন অসমত ৫১ শতাংশ বাঢ়িছে বুলি সদৰী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰখনত বজাৰত ইয়াৰ কোনো প্রভাৱেই পৰা নাই। এতিয়া অসমে প্রতিদিনে ৬০ লাখ কণী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা বুলি সদনত মন্ত্ৰীগৰাকীয়ে সদৰী কৰিলেও ইয়াৰ বাবে উপযুক্ত কার্যব্যৱস্থা কি হ'ব তাৰ কোনো উত্তৰ নাই। মাছ উৎপাদনৰ ক্ষেত্ৰতো কথাবোৰ একেই। বিগত পাঁচ বছৰত 'ফিছাৰী হাব' হিচাপে খ্যাত অসমত ৩৩ শতাংশলৈকে মাছৰ উৎপাদন বৃদ্ধি পোৱা বুলি দাবী কৰা বিত্ত মন্ত্ৰীয়ে ২০৩০-৩১লৈ অসমত দহ লাখ মেট্রিক টন মাছ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰাৰ কথা সদৰী কৰিছে। একেদৰে ২৮ শতাংশলৈকে গাখীৰ উৎপাদনো বৃদ্ধি পোৱাৰ দাবীৰে আগন্তুক সময়ত ৫৭ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য ধাৰ্য কৰাৰ কথা কোৱা হৈছে। কিন্তু এই দাবী আৰু লক্ষ্যৰ বিপৰীতে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চাহিদাতকৈ যোগান কম হোৱাৰ সেই একেই অচিলাৰে ক্ৰমাৎ বৃদ্ধিহে হৈ আহিছে। পাচলিৰ বজাৰততো এতিয়া সোণ কিনাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে ভয়াৱহ দামৰ জুই লগা বজাৰত সামগ্ৰী ক্ৰয় কৰি কোনোমতে পেট প্ৰৱৰ্তাই থকা সাধাৰণ জনতাই দুৰ্যোগৰ সময়ত আর্তজনক সহায় কৰি থকাটোৱে আচলতে মানৱীয়তা আৰু সহৃদয়তাকেই সূচায়। উজনি অসমৰ বানে ধোৱা সেই বিস্তৃত অঞ্চল ধনে ধানে একপ্ৰকাৰ উভৈনদী অঞ্চল। কিন্তু দুর্বিপাকত ধানে-শস্যই, মাছ-পুঠিৰে, গৰু-গাইৰে আৰ্থিকভাৱে সবল এই অঞ্চলসমূহত বানৰ পিছৰছোৱাত সুস্থিৰ কাৰ্যব্যৱস্থাৰে দীৰ্ঘম্যাদী জীৱিকাৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ দ্বাৰা বন্যার্ত জনতা উপকৃত হোৱাই নহয় উজনিৰ এই অর্থনীতিয়ে চৰকাৰৰ ভঁৰালো টনকিয়াল কৰিবলৈ সক্ষম হ'ব। 'অসমৰ মাটিত সোণ আছে বুটলিব জানিলেই হ'ল।' সততে বাহিৰৰ বণিকসকলে কোৱা এই কথা প্রমাণ কৰিবৰ সময় হ'ল। সোণ বুটলিবলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ এই দুৰ্যোগৰ সময়ত মাহী আইৰ চকুক উপেক্ষা কৰিও বানাক্ৰান্ত অসমে স্ব-নিৰ্ভৰশীলতাৰ বাট বুলিব পাৰে। বান-খহনীয়াৰ দুৰ্যোগক অতিক্ৰম কৰি এদিন উজনি অসম সুস্থিৰ হ'ব আৰু চৰকাৰেও সু-সংহত ব্যৱস্থাৰে দুৰ্গতক উদ্ধাৰ কৰি আৰ্থ-সামাজিকভাৱে অসমক সুস্থিৰ কৰিব। আশা এয়াই।