ডিজিটেল ডেস্ক : অৱশেষত সোনম ৱাংচুকে অনশন ভংগ কৰিলে। ককৰ'চ জনতা পার্টি, চমুকৈ চি জে পিৰ নেতৃত্বৰ ছাত্ৰ আন্দোলনলৈ সমর্থন জনাই ২৮ জুনত ৱাংচুকে অনির্দিষ্টকালীন অনশন ধর্মঘট আৰম্ভ কৰিছিল। তেওঁ অনশনত বহাৰ দিনাই আন কেইবাগৰাকী ছাত্র-ছাত্রীও অনশনত বহিছিল। ২৮ জুনৰ পৰা কৰি থকা অনশন ৱাংচুকে ২৭ দিনৰ মূৰত বৃহস্পতিবাৰে নিশা অন্ত পেলালে। গুৰুগ্ৰামত থকা মেদান্তা চিকিৎসালয়লৈ গৈ কেন্দ্রীয় মন্ত্রী জে পি নড্ডা আৰু জিতেন্দ্ৰ সিঙে ফলৰ ৰস খুৱাই অনশন ভংগ কৰায়।
উল্লেখযোগ্য যে মূলতঃ নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলক লৈ যোৱা ২০ জুনৰ পৰাই দিল্লীৰ যন্তৰ মন্তৰত চি জে পিৰ নেতৃত্বত প্রতিবাদী কাৰ্যসূচী আৰম্ভ হৈছিল। চি জে পিৰ দাবীসমূহৰ ভিতৰত আছিল কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ তথা ভাৰতৰ পৰীক্ষা সংকট আঁতৰ কৰিবলৈ তেওঁলোকৰ ৫ দফীয়া পৰীক্ষা বিষয়ক দাবী।
চি জে পিৰ নেতৃত্বত হোৱা এই প্রতিবাদলৈ সমর্থন জনাই সোনম ৱাংচুকে কৰা অনির্দিষ্টকালীন অনশনে কুৰি দিন পাৰ কৰাৰ পাছতে জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি হৈছিল, তেওঁৰ স্বাস্থ্যক লৈ। কেইবাজনো বিৰোধী নেতাই তেওঁক অনশন ভংগ কৰিবলৈ অনুৰোধ জনাইছিল। বাংচুকৰ স্বাস্থ্যৰ কথা ভাবি, জোৰেৰে অনশন ভংগ কৰাবলৈ ন্যায়ালয়ত আৱেদনো দাখিল কৰা হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে ৱাংচুকৰ স্বাস্থ্যৰ দৈনিক পৰীক্ষাৰ বাবে চৰকাৰক নির্দেশ দিছিল। যোৱা ২২ জুলাইতো ৫৫জন বিৰোধী সাংসদে অনশন ভংগ কৰিবলৈ তেওঁক অনুৰোধ জনায় এখন পত্ৰত স্বাক্ষৰ কৰিছিল। অৱশ্যে, এই পত্র প্রদান কৰিবলৈ যোৱা ১৫জন সাংসদক কর্তৃপক্ষই মেদান্তা হস্পিটেলত ৱাংচুকক সাক্ষাৎ কৰিবলৈ নিদিয়াত, উক্ত অনুৰোধ-পত্ৰ ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোকে প্রদান কৰিছিল। অৱশেষত হিতাকাংক্ষীসকলৰ অনুৰোধ আৰু চৰকাৰৰ প্ৰতিশ্ৰুতিত দেশৰ হিতাকাংক্ষী জলবায়ু কর্মী, সমাজকর্মী, উদ্ভাৱক তথা শিক্ষা-সচেতক সোনম বাংচুকে অনশন ভংগ কৰিলে।
বাংচুকে শুকুৰবাৰে প্ৰচাৰ কৰা ভিডিঅ' বার্তাত জনায় যে দুদিন একেৰাহে চৰকাৰৰ সৈতে তেওঁৰ আলোচনা চলিছিল। এই আলোচনাত তেওঁৰ তিনিটা প্রধান দাবীৰ বিষয়ত আলোচনা হৈছিল। চৰকাৰৰ ফালৰ পৰা এই দাবীকেইটাৰ
সন্দর্ভত লিখিত প্রতিশ্রুতি পোৱাৰ পাছত ৱাংচুকে অনশন ভংগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ৱাংচুকৰ এই দাবীবোৰৰ ভিতৰত পূৰ্বৰ এটা দাবী নাই- সেইটো হৈছে কেন্দ্রীয় শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। এই দাবী ত্যাগ কৰা বাবে
প্রথম দেখাত ৱাংচুকে আপোচ কৰা যেন লাগিব পাৰে। কিন্তু বিশিষ্ট জলবায়ু কর্মী, সমাজকর্মী বাংচুকে তেওঁৰ অগ্রাধিকাৰ ভিত্তিত যি উদ্বেগ, সেই বিষয়ত বিবেচনা কৰিহে এই সিদ্ধান্ত যে গ্রহণ কৰিছে, সেই কথা তেওঁৰ তিনিটা দাবীতে প্রকাশ পায়। তেওঁৰ বাবে তাৎক্ষণিক উদ্বেগটো হৈছে প্রতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ। বিশেষকৈ, যোৱা ২০ জুলাইত 'সংসদ চলো' সমদল-যাত্ৰাৰ সময়ত দিল্লী আৰক্ষী তথা প্রশাসনে যি কঠোৰ ব্যৱস্থা গ্রহণ কৰিলে, তালৈ লক্ষ্য কৰি আৰক্ষীয়ে কিছু ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি সন্দেহ জন্মে। সেয়ে, ৱাংচুকে প্ৰথমটো দাবীত চৰকাৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰাটো বিচাৰিছে। চি জে পিৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ কাৰণ হৈছে প্রশ্নকাকত ফাদিল তথা পৰীক্ষাত অনিয়ম, যাৰ বাবে লাখ লাখ ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস হৈছে তথা কেইবাজনো পৰীক্ষার্থীয়ে আত্মহত্যা কৰিছে। সেয়ে, দ্বিতীয় দাবীত বাংচুকে বিচাৰিছে যে প্রশ্নকাকত ফাদিল আৰু পৰীক্ষা ব্যৱস্থাত জবাবদিহিতা নিশ্চিত কৰাৰ বিষয়টোৰ সংসদত আলোচনা হওক। তৃতীয় দাবীত ৱাংচুকে বিচাৰিছে পৰীক্ষাৰ অনিয়মৰ বাবে আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হওক।
সোনম ৱাংচুক তথা ছাত্ৰ-ছাত্ৰীসকলে বিচৰা ধৰণে দেশৰ শিক্ষা ব্যৱস্থা, পৰীক্ষা ব্যৱস্থাৰ পুংখানুপুংখ পর্যালোচনা হওক; নতুন ধৰণে পৰীক্ষা-শিক্ষা ব্যৱস্থা গঠন হওক, যাতে লাখ লাখ মেধাবী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ নিষ্কণ্টক হৈ থাকে; যাতে পৰীক্ষাৰ অনিময়ৰ বাবে মেধাবী ছাত্র-ছাত্রীয়ে আত্মহত্যা কৰিব লগীয়া নহয়। এটা কথা ঠিক যে ককৰ'চ জনতা পাৰ্টিৰ আহ্বানৰ প্ৰতি সঁহাৰি দি যুৱ প্ৰজন্মই শৈক্ষিক ক্ষেত্ৰখনত সংস্কাৰ বিচাৰি কৰা আন্দোলন, আৰু এইসকলৰ প্ৰতি সমমর্মিতা প্রকাশ কৰি সোনম ৱাংচুকে কৰা অনশন সংশ্লিষ্ট পক্ষলৈ এক সকীয়নি। এই সকীয়নিৰ গুৰুত্ব অনুধাৱন কৰাত চৰকাৰ ব্যৰ্থ হ'লে ভৱিষ্যতে ইয়াৰ পৰিণাম গুৰুতৰ হ'ব পাৰে।