ডিজিটেল ডেস্ক : ভাৰতীয় মহিলাৰ কৰ্কট ৰোগজনিত মৃত্যুৰ অন্যতম প্রধান কাৰণ হৈছে ছার্ভাইকেল কেঞ্চাৰ। অৱশ্যে শেহতীয়াভাৱে এইক্ষেত্রত কিছু উৎসাহজনক খবৰ আহিছে। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চে (আই চি এম আৰ) শেহতীয়াকৈ প্রকাশ কৰা তথ্য অনুসৰি, বিগত দশকত ভাৰতত ছার্ভাইকেল কেঞ্চাৰ ৰোগীৰ সংখ্যা ৩৭ শতাংশ হ্রাস পাইছে। ইয়াৰ অন্যতম কাৰণ হৈছে উন্নত স্ক্রীনিং প্রগ্রেম, অধিক সজাগতা আৰু এইচ পি ভি টিকাকৰণৰ প্ৰচলন।
আনহাতে, আন এক উদ্বেগজনক তথ্য এয়ে যে ডব্লিউ এইচ অ'ৰ তথ্য অনুসৰি বিশ্বৰ কৰ্কট ৰোগৰ বোজাৰ সৰ্বাধিক অংশ অর্থাৎ আধাতকৈও বেছি কৰ্কট ৰোগী আৰু এই ৰোগত মৃত্যু হোৱাসকল এছিয়া মহাদেশৰ। বিশ্বৰ জনসংখ্যাৰ মাত্র প্রায় ৯ শতাংশ লোকৰ আৱাসস্থলী ইউৰোপত কৰ্কট ৰোগী আৰু মৃতকৰ সংখ্যা বিশ্বৰ প্ৰায় এক পঞ্চমাংশ। হৃদৰোগৰ পিছতে কৰ্কট ৰোগ হৈছে বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় প্রধান কাৰণ। প্রতি বছৰে প্ৰায় এক কোটি লোক কর্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে, অৰ্থাৎ প্রতিদিনে ২৬ হাজাৰতকৈ অধিক লোকে এই ব্যাধিত প্রাণ হেৰুৱাবলগীয়া হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল'বেল ষ্টেটাছ ৰিপ'ৰ্ট অন কেঞ্চাৰ ২০২৬ৰ শেহতীয়া প্রতিবেদন মতে, অহা ২৫ বছৰত বিশ্বজুৰি কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাব। ২০৫০ চনলৈকে বছৰি এই ৰোগত মৃতকৰ সংখ্যা হ'বগৈ ৩.৫ কোটি।
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে প্রকাশ কৰা তথ্য অনুসৰি ভাৰতত বছৰি প্ৰায় ১৫ লাখ নতুন কৰ্কট ৰোগী চিনাক্ত হয়। চিকিৎসা বিজ্ঞানৰ চমকপ্রদ উত্থানৰ সময়তো দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত লোকৰ সংখ্যা সমগ্র বিশ্বজুৰি কমক ছাৰি ভয়ংকৰভাৱে বৃদ্ধিহে পাইছে। তথ্য অনুসৰি ভাৰতত আগন্তুক সময়ত প্রতি দহজন লোকৰ মাজৰ এজন কৰ্কটত আক্রান্ত হ'ব। প্রতিবছৰে লাখ লাখ লোক এই ৰোগত আক্রান্ত হৈ অকালতে মৃত্যুমুখত পৰে। বিশ্বত মৃত্যু হোৱা প্রতি ৬জন লোকৰ মাজৰ এজনৰ মৃত্যু হয় এই ব্যাধিত। ব্যয়বহুল এই ৰোগৰ চিকিৎসাৰ বাবে থানবান হৈ যায় একো একোটা পৰিয়াল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০২২ বর্ষত সমগ্র বিশ্বতে ১ কোটি লোকৰ মৃত্যু ঘটে এই ৰোগত। ইয়াৰে ভিতৰত সৰ্বাধিক লোকৰ মৃত্যু হয় স্তন কর্কটত। ২০২২ বর্ষত স্তন কর্কটত ২.২১ নিযুত লোক আক্রান্ত হয়। দ্বিতীয় স্থানত আছে হাঁওফাঁওৰ কৰ্কট। এই ৰোগত আক্ৰান্তৰ সংখ্যা ২৩ লাখ। তৃতীয় স্থানত আছে কল'ৰেক্টেল কর্কট। ১৯ লাখ লোক এই ৰোগত আক্রান্ত হৈছিল ২০২২ বৰ্ষত। মৃত্যুৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কটত আক্ৰান্তৰ সংখ্যাই শীর্ষস্থান দখল কৰে। হাঁওফাঁওৰ কৰ্কটত ১৮ লাখ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯ লাখ মৃত্যুৰে কল'ৰেক্টেল কর্কটে দ্বিতীয় স্থানত থাকে। ভাৰতৰ প্রেক্ষাপটলৈ চালে দেখিম যে ২০২২ বর্ষত দেশত ১৪,৬১,৪২১ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ্কট ৰোগ। ইয়াৰ পূৰ্বৰ বৰ্ষ ক্রমে ২০২১-ত এই সংখ্যা আছিল ১৪,২৬,৪৪৭ আৰু ২০২০ চনত আছিল ১৩,৯২,১৭৯।
ৰাজ্যিক ভিত্তিত চালে উত্তৰ প্ৰদেশ আছিল কৰ্কট আক্ৰান্তৰ শীৰ্ষত। ৰাজ্যখনত ২.১০ লাখ লোক আক্রান্ত হৈছিল কর্কটত। ইয়াৰ বিপৰীতে ১,২১,৭১৭জন আক্ৰান্তৰ সংখ্যাৰে মহাৰাষ্ট্ৰ দ্বিতীয় স্থানত আৰু ১,০৯,২৭৪গৰাকী আক্রান্তৰে বিহাৰ তৃতীয় স্থানত থাকে। আনহাতে, ২০২২ বৰ্ষত ভাৰতত ৮,০৮,৫৫৮জন লোক কর্কটত আক্রান্ত হৈ মৃত্যুমুখত পৰে। অসমত ২০২১ৰ পৰা ২০২৫ চনলৈকে কৰ্কটত আক্ৰান্তৰ সংখ্যা হৈছে ২.৪৫ লাখ। ৰাজ্যখনত প্রতিবছৰে গড়ে ৫০ হাজাৰ লোক আক্রান্ত হয়। এই তথ্য শেহতীয়াভাৱে অসম বিধানসভাত উন্মোচিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চিগাৰেট তথা ধঁপাত সেৱন কৰা লোকৰ সংখ্যা দেশৰ ভিতৰতেই সর্বাধিক। এই ধঁপাত সেৱন ইমানেই বিপজ্জনক যে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা তথ্য মতে, প্রতি বছৰে বিশ্বত ৭০ লাখ লোকৰ মৃত্যু হয় এই ধঁপাত সেৱনৰ ফলতেই। ভাৰতত ধঁপাত সেৱনৰ ফলত বছৰি ১৩ লাখ লোকৰ মৃত্যু হয়। ধঁপাত সেৱনৰ ফলত শ্বাস-প্রশ্বাসজনিত ৰোগ আৰু কৰ্কট ৰোগত আক্রান্ত হৈ এইদৰে বিশ্বত বছৰি লাখ লাখ লোকৰ অকাল মৃত্যু ঘটে। কিন্তু ইমানৰ পাছতো দেশত প্রতিদিনে কোটি কোটি টকাৰ চিগাৰেট নাইবা ধঁপাতজাতীয় সামগ্রী বিক্ৰী হৈয়ে আছে। চৰকাৰে এই সামগ্ৰীসমূহৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব পৰা নাই। ফলত ধঁপাত আসক্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি হৈ গৈ আছে। চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ দাম চৰকাৰে যথেষ্ট পৰিমাণে বৃদ্ধি কৰি বুজন পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
একেদৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সুৰাপান কৰা লোকৰ সংখ্যাও সর্বাধিক বুলি ক'লে ভুল কোৱা নহ'ব। কৰ্কটৰ ক্ষেত্ৰত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল দেশৰ মাজত যথেষ্ট প্রভেদ দেখা যায়। ইয়াৰ এক অন্যতম কাৰক হৈছে এই ব্যাধিবিধৰ বাবে প্রয়োজনীয় উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ, ঔষধ ক্ৰয়ৰ বাবে ধনৰ অভাৱ। সেয়ে এই ৰোগবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা হ্রাস কৰিবলৈ হ'লে চৰকাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্রহণ কৰা নাইবা স্ক্রীনিং কাৰ্যসূচীৰ জৰিয়তে ৰোগৰ সংক্ৰমণ আগতীয়াকৈ ধৰা পেলালেই নহ'ব, ইয়াৰ বিৰুদ্ধে যুঁজ দি জয়ী হোৱাৰ বাবে উন্নত চিকিৎসা ব্যৱস্থা সকলোৰে বাবে উপলব্ধ কৰিব লাগিব। নহ'লে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা আমাৰ নিচিনা দেশত দিনক দিনে বৃদ্ধি হৈয়ে থাকিব।