ডিজিটেল ডেস্ক : প্রায় সমগ্র ধোদৰ আলিৰ দুয়োপাৰে অবর্ণনীয় পৰিস্থিতি। দেৰগাঁৱৰ পৰা শিৱসাগৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰৰ বহু ঠাইতো পৰিস্থিতি অতি শোচনীয়। ওখকৈ নিৰ্মাণ কৰা ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে একঁকাল পর্যন্ত পানী। দিখৌ, দিচাং, জাঁজী, ভোগদৈ নৈ এনেকৈ ওফন্দি পৰিছে যে কোনো ঠাইত বিপদসীমাৰ ডেৰ মিটাৰ পৰ্যন্ত ওপৰেদি বৈছে পানী। চৌদিশে কেৱল পানী, পানী আৰু পানী।
উজনি অসমৰ সংশ্লিষ্ট অঞ্চলৰ আশী-নব্বৈ বছৰীয়া বৃদ্ধয়েই কৈছে যে তেওঁলোকে জীৱনকালত বানপানীৰ এনে ভয়াৱহ ৰূপ কেতিয়াও দেখা পোৱা নাই। বহুতে বানপানীৰ কথা শুনিছিল বা ছবি দেখিছিল; বানত বুৰাৰ অভিজ্ঞতা মুঠেও নাছিল। এইবাৰ সেই অভিজ্ঞতা এনেকৈ হ'ল যে বহু মানুহ আক্ষৰিক অৰ্থতে এইবাৰৰ আকস্মিক আৰু অভূতপূর্ব বানটোত সৰ্বস্বান্ত হৈ পৰিল। সামাজিক মাধ্যম যোগে সোমবাৰৰ পুৱাৰ যিবোৰ দৃশ্য দেখা পোৱা গৈছে তাৰ পৰা উজনি অসমৰ বান পৰিস্থিতিৰ কিছু আভাস পোৱা যায়। সোণাৰি চহৰ, শিমলুগুৰি, নাজিৰা, আমগুৰি, টীয়ককে ধৰি নগৰাঞ্চলসমূহ পানীৰ তলত। সোণাৰি চহৰৰ ঠায়ে ঠায়ে এডিঙি পর্যন্ত পানী। সামাজিক মাধ্যমত যিবোৰ দৃশ্য প্রকাশ হৈছে, সেইবোৰ তুলনামূলকভাবে ওখ স্থানৰ। ভিতৰুৱা দ গাঁও কিছুমানত কি অৱস্থা হৈছে কোনেও নাজানে। পশুধন, অন্যান্য সম্পদ উটি যোৱাটোতো বাদেই, ক'ৰবাত যদি মানুহো উটি গৈছে, এই মুহূর্তত কোনেও ক'ব নোৱাৰে।
ৰাজ্যৰ এনে কিছুমান ঠাই আছে, য'ত বানপানী হোৱাৰ আশংকা থকা বাবে বাৰিষা মানুহ সজাগ হৈ থাকে, যাতে বান আহিলেই নিজৰ প্ৰয়োজনীয় সা-সম্পত্তি, নিৰাপদ উচ্চতাত থৈ বা লগত লৈ নিৰাপদ স্থানলৈ আঁতৰি যাব পাৰে। ধোদৰ আলিৰ দুয়োপাৰৰ, বিশেষকৈ সোণাৰি, চণ্টক, বিহুবৰ, শিমলুগুৰি, নাজিৰা আদি ঠাইৰ মানুহ এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰাৰ স্থল নাছিল; তেওঁলোকে জীৱনকালত বান পৰিস্থিতিৰ কবলত পৰি পোৱাই নাই। কিন্তু দেওবাৰে আবেলিৰ ফাললৈ পানীৰ ধল এনেকৈ আহিল যে কোনেও একো ততকে ধৰিব নোৱাৰিলে। সা-সম্পত্তি ৰক্ষা কৰা দূৰৈৰ কথা, নিজক নিৰাপদ স্থানলৈ আঁতৰাই নিয়াটোৱে বহুতৰ বাবে সম্ভৱ নহ'ল। এবুকু, এডিঙি পর্যন্ত পানীত ঘৰতে আবদ্ধ হৈ উদ্ধাৰৰ অপেক্ষাত থাকিব লগা হ'ল অগণন মানুহ। কোনোবাই ৰন্ধা ভাতকেইটা উলিয়াই খাবলৈও সময় নাপালে। গতিকে, এইটো ৰাজ্যৰ ইতিহাসৰ এক অভূতপূর্ব বান পৰিস্থিতি বুলি সকলোৱে গণ্য কৰিছে। ইয়াৰ আগতে মেঘালয়ৰ পৰা নামি অহা পানীৰ ধলে গোৱালপাৰা জিলাৰ কৃষ্ণাই-বলবলাতহে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এইবাৰ উজনি অসমৰ পৰিস্থিতি কৃষ্ণাই-বলবলা কাণ্ডতকৈ বেছি ভয়াৱহ। কোৱা হৈছে যে নগালেণ্ডৰ মন জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ পৰিণতিত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু দিখৌ, দিচাং, জাঁজী, ভোগদৈকে ধৰি বহুকেইখন উপনৈ আৰু
জুৰিৰ পানী ইমান দ্রুতগতিত নামি অহাৰ সেয়ে একমাত্ৰ কাৰণ নে অন্য কিবা সেয়া পৰিস্থিতিৰ শাম কাটিলেহে গম পোৱা যাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে যে তেখেতে নিজেই সমগ্ৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখি প্রয়োজনীয় পদক্ষেপৰ তদাৰক কৰি আছে। কেইবাগৰাকী মন্ত্ৰীক উদ্ধাৰ-সাহায্য অভিযানত নামিবলৈ নির্দেশো দিছে। ইতিমধ্যে এন ডি আৰ এফ, এছ ডি আৰ এফৰ দল উদ্ধাৰ অভিযানত নামিছে। কিন্তু, পৰিস্থিতিৰ ভয়াৱহতালৈ চাই উদ্ধাৰকাৰী দলৰ সংখ্যা আৰু অধিক হোৱা উচিত বুলি বিভিন্নজনে মত প্ৰকাশ কৰা, চৰকাৰক আহ্বান জনোৱা দেখা গৈছে। যি নহওক, এই পৰিস্থিতি অভাৱনীয়।
এতিয়া দুৰ্যোগৰ কবলত পৰা মানুহবোৰক কেনেকৈ সহায় কৰিব পৰা যায় সেইটোহে ডাঙৰ কথা। নতুনকৈ ডাৱৰ বিস্ফোৰণ বা অতিমাত্রা বৰষুণ নহ'লে দুই-এদিনত বান পৰিস্থিতি শান্ত হ'ব; ভয়াৱহ অৱস্থাৰ সন্মুখীন হোৱা মানুহবোৰ বানে ধুই নিয়া ঘৰখনলৈ উভতিব; সেইটোহে ডাঙৰ পৰিস্থিতি হ'ব। ইতিমধ্যে কোৱা হৈছে যে এই অভূতপূর্ব বানৰ কবলত পৰি তিনিখন জিলাৰ হাজাৰ হাজাৰ পৰিয়াল আক্ষৰিক অর্থতে সর্বস্বান্ত হৈ পৰিল। তেওঁলোকে ঘৰলৈ উভতি লৈ একোৱেই নাপাব। গৰু-গাই উটি গ'ল, ভঁৰাল বুৰিল, কাপোৰ-কানি, ফ্রীজ, কম্পিউটাৰ সকলো বিধ্বস্ত হ'ল। তেওঁলোকে নতুনকৈ জীৱনটো আৰম্ভ কৰিব কেনেকৈ, সেইটো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্রশ্ন। নিশ্চিতভাৱে তেওঁলোকলৈ চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ প্রয়োজন হ'ব। অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰাৰ দাবী উত্থাপন হৈ আহিছে, যদিও এতিয়ালৈকে সেই দাবীয়ে মান্যতা পোৱা নাই। গতিকে, এনে অৱস্থাত প্রশ্ন হ'ব যে অভূতপূর্ব আৰু অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালবিলাকক কেন্দ্রীয় চৰকাৰে ক্ষতিপূৰণ দিব নে নাই; বা দিলেও কি ধৰণে দিব!
কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, ক্ষয়-ক্ষতিৰ মাত্ৰা নিৰূপণ কৰোঁতে যাতে পৰিয়ালবিলাক সর্বস্বান্ত হৈ পৰাৰ দিশটোলৈ লক্ষ্য ৰখা হয় তাক গুৰুত্ব দিয়া উচিত, আৰু সেইমতে কেন্দ্রীয় চৰকাৰৰ সন্মুখত ক্ষয়-ক্ষতিৰ ছবিখন তুলি ধৰা উচিত। বতৰৰ পৰিৱৰ্তনে কেনেকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেইটো উজনি অসমৰ এইবাৰৰ বান পৰিস্থিতিয়ে দেখুৱাই দিলে। ভৱিষ্যতৰ দিনবোৰত আমি যে সঘনাই এনেকুৱা দুৰ্যোগৰ সন্মুখীন হোৱাৰ আশংকা আছে, সেই বাৰ্তাও দিলে এইবাৰৰ ঘটনাই। ভৱিষ্যতলৈ সাজু হোৱাৰ এইটো এটা ডাঙৰ শিক্ষা, লগতে সকীয়নিও।