ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধত হতাহতৰ সংখ্যা লুকুওৱাৰ চেষ্টা কৰিছে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয় পেন্টাগনে ইৰানৰে যুদ্ধত নিহত আৰু আহতৰ তালিকাৰ পৰা কেইবাজনো হতাহতৰ নাম বিদেশত আন অভিযানত হতাহতৰ তালিকাত অন্তর্ভুক্ত কৰিছে। যাতে ইৰান যুদ্ধত বহু মার্কিন সেনা হতাহত হোৱা বুলি প্রকাশ নাপায়। উল্লেখযোগ্য যে যোৱা মঙলবাৰ পৰ্যন্ত পেন্টাগনৰ ৱেবছাইটত উল্লেখ আছিল যে ইৰানৰে হোৱা যুদ্ধখনত মধ্য প্রাচ্যত ১৮জন মার্কিন সেনাৰ মৃত্যু হোৱাৰ লগতে আন ৪৮২জন সেনা আহত হৈছে। কিন্তু তাৰ ঠিক পিছদিনাই অর্থাৎ বুধবাৰে পেন্টাগনে পুনৰ নতুন তালিকা প্রকাশ কৰে।
উক্ত তালিকাত সেনাৰ মৃত্যুৰ সংখ্যা ১৪জন বুলি দেখুওৱাৰ বিপৰীতে আঘাতপ্রাপ্তৰ সংখ্যা ৪২০জনলৈ হ্রাস কৰে। যোৱা ১৭জুলাইত জর্দানৰ মার্কিন সামৰিক ঘাটিত ইৰানৰ আক্ৰমণত তিনিজন মার্কিন সেনা নিহত হৈছিল।
আনহাতে, তাৰ পিছদিনা ইৰাকত এখন ইৰাণী ড্ৰ'ন নিয়ন্ত্ৰণলৈ অনাৰ সময়তে এজন মার্কিন সেনা নিহত হৈছিল। কিন্তু আমেৰিকাৰ পেন্টাগনে এই চাৰিজন নিহত সেনাৰ ভিতৰত দুজনক আইছিছৰ বিৰুদ্ধে যুঁজত নিহত হোৱা বুলি প্রকাশ কৰাৰ বিপৰীতে আন দুজনক বিদেশত অন্য অভিযানত মৃত্যু হোৱা বুলি পৃথককৈ তালিকাভুক্ত কৰিছে, যিটোৱে মৃত সৈনিকক লৈও আমৰিকাই কৰা কাৰচাজি বিশ্বৰ সন্মুখত দাঙি ধৰিছে।