ডিজিটেল ডেস্ক : চীন দেশে এইবাৰ কৃত্রিম বুদ্ধিমত্তা অথবা এ আইৰ জৰিয়তে পক্ষী সংৰক্ষণ আৰু পৰ্যবেক্ষণৰ এক অভূতপূর্ব বিপ্লৱৰ সূচনা কৰিছে। দেশখনৰ বিভিন্ন প্রকৃতি সংৰক্ষিত অঞ্চল আৰু জলাশয়সমূহত পৰম্পৰাগত মানৱীয় পদ্ধতিৰ পৰিৱৰ্তে আধুনিক এ আই প্রযুক্তি ব্যৱহাৰ কৰি পক্ষীকুলৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশতন্ত্ৰৰ কোনো ক্ষতি নকৰাকৈ চৰাই-চিৰিকটিৰ ওপৰত ২৪ ঘণ্টাই চকু ৰাখিব পৰা গৈছে। চীনৰ কুৰ্মিং অঞ্চলৰ গৱেষকসকলে চৰাইৰ মুখমণ্ডল আৰু শাৰীৰিক গঠন চিনাক্ত কৰিব পৰা বিশেষ এ আই ব্যৱস্থা গঢ়ি তুলিছে। ইয়াক 'বার্ড ফেচিয়েল ৰিকগনেশ্যন' বুলি কোৱা হয়। ইয়াৰ সহায়ত অতি কম সময়ৰ ভিতৰতে লাখ লাখ চৰাইৰ মাজৰ পৰাও নির্দিষ্ট প্রজাতিটো চিনাক্ত কৰিব পৰা যায়। চংকিং আৰু শান্তং প্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত এই হাই-ডেফিনেশ্যন কেমেৰাযুক্ত এ আই ব্যৱস্থাই সুন্দৰভাৱে কাম কৰি আছে। ঘন অৰণ্য বা বেয়া বতৰৰ বাবে যিবোৰ ঠাইত চৰাই দেখা পোৱা নাযায়, তাত সিহঁতৰ মাতৰ সহায়ত পৰ্যবেক্ষণ কৰা হয়।
চীনৰ নন্দগাং আৰু জিয়াংচু প্ৰদেশৰ প্রায় ২০টা বায় 'ডাইভার্চিটি ষ্টেছনত এ আই এক'ষ্টিক মনিটৰিং ডিভাইচ বহুওৱা হৈছে। এই ডিভাইচসমূহে কেৱল পক্ষীৰ সুমধুৰ মাত ৰেকৰ্ড কৰাই নহয়, বৰঞ্চ এ আই এলগৰিডমৰ জৰিয়তে চৰাইটো কি প্ৰজাতিৰ, তাকো তৎক্ষণাত ধৰা পেলায়। জিয়াংচুত এই প্রযুক্তিয়ে শ্ৰমৰ খৰচ প্রায় ৯০ শতাংশ হ্রাস কৰিছে। চীনৰ পোয়াং (Poyang Lake) আৰু ডিয়ানচি হ্রদত (Dianchi Lake) ড্র'ন আৰু এ আইৰ সংমিশ্রণত এক স্মার্ট মেনেজমেন্ট প্লেটফর্ম চলোৱা হৈছে। দিনটোত কেইবাবাৰো ড্ৰ'ন উৰুৱাই চৰাইৰ জাকসমূহৰ লাইভ ভিডিঅ' আৰু ফটো সংগ্ৰহ কৰা হয়। এ আইয়ে এই তথ্যসমূহ বিশ্লেষণ কৰি চৰাইৰ সংখ্যা, ঘনত্ব আৰু সিহঁতৰ বাসস্থানৰ পৰিৱৰ্তনসমূহ নির্ভুলভাৱে হিচাপ কৰে। পৰিভ্ৰমী চৰাইসমূহৰ সুৰক্ষাৰ বাবে চীনা টেক কোম্পানী যেনে 'Tencent'-এ বিশেষ ডিজিটেল প্রকল্প হাতত লৈছে। যদি কোনো অঞ্চলত খাদ্যৰ নাটনি হয় বা চৰাইবোৰ কোনো মহামাৰীৰ (যেনে'এভিয়ান ইনফ্লুয়েঞ্জা) কবলত পৰে, তেন্তে এ আই ছিষ্টেমে লগে লগে কর্তৃপক্ষক সতর্কবাণী প্ৰেৰণ কৰে। ইয়াৰ ফলত বনকর্মীসকলে সময় মতে চৰাইসমূহক উদ্ধাৰ কৰিব পাৰে।
পক্ষী সংৰক্ষণৰ সমান্তৰালভাৱে মানুহৰ সুৰক্ষাৰ বাবেও চীনে এ আই ব্যৱহাৰ কৰিছে। বিমানৰ সৈতে চৰাইৰ খুন্দা লগা ৰোধ কৰিবলৈ চীনৰ বিজ্ঞানীসকলে এক বিশেষ AI-driven laser system তৈয়াৰ কৰিছে। এই ব্যৱস্থাই উৰি থকা চৰাইক চিনাক্ত কৰি তাৰফালে ক্ষতিকাৰক নোহোৱা সেউজীয়া লেজাৰ ৰশ্মি আৰু আলট্রাছ'নিক শব্দ প্রক্ষেপ কৰে, যাৰ ফলত চৰাইবোৰে কোনো আঘাত নোপোৱাকৈ সুৰক্ষিতভাৱে সেই ঠাই এৰি আঁতৰি যায়। পৰম্পৰাগত পদ্ধতিৰ তুলনাত এ আই প্রযুক্তিয়ে পক্ষী সংৰক্ষণক অধিক বৈজ্ঞানিক, নিখুঁত আৰু সহজ কৰি তুলিছে। বর্তমান চীনত কেইবাশ প্রজাতিৰ চৰাই যেনে অ'ৰিয়েণ্টেল হোৱাইট ষ্টর্ক (Oriental White Stork), ক্রেষ্টেড ইবিছ (Crested Ibis) আদি বিলুপ্তপ্রায় চৰাইৰ সংখ্যা এই প্ৰযুক্তিৰ বাবেই সুস্থিৰ আৰু বৃদ্ধি হ'বলৈ ধৰিছে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জৈৱ-বৈচিত্র্যৰ সংকটৰ এই সময়ত চীনৰ এই পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবেই এক আদর্শস্বৰূপ।