সংসদত গৃহীত বন্দে মাতম বিধেয়ক

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : বন্দে মাতৰম বিধেয়কত সংসদে অনুমোদন জনাইছে। ইয়াৰ পাছত এতিয়া বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব। ৰাষ্ট্ৰপতিয়ে ইয়াত স্বাক্ষৰ কৰাৰ পাছত আইনত পৰিণত হ'ব। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ মাজত কালি লোক সভাত বিধেয়কখন গৃহীত হয়। বুধবাৰে ৰাজ্য সভাই বিধেয়কখনত অনুমোদন জনাইছিল। বন্দে মাতৰম বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ সমান আইনী মর্যাদা লাভ কৰিব। নতুন আইন কাৰ্যকৰী হোৱাৰ পাছত বন্দে মাতৰমক অপমান কৰাটো এক অপৰাধ বুলি গণ্য কৰা হ'ব। 

বন্দে মাতৰম গোৱা বা পৰিৱেশন কৰাৰ সময়ত বাধা দিয়া বা কোনো লোকক গোৱাত বাধা দিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব আৰু এনে অপৰাধত তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বা দুয়োটাই বিহা হ'ব পাৰে। এই বিধেয়কৰ ৰাষ্ট্ৰীয় গীতৰ ছটা স্তৱকৰ কেওটা গোৱাটো বাধ্যতামূলক কৰা হৈছে। 

ইয়াৰ অধীনত ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কাৰ্যসূচীৰ প্ৰাৰম্ভতে ৰাষ্ট্ৰীয় গীত বজোৱা বা পৰিৱেশন কৰিব লাগিব। লোক সভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে সদনৰ কাম-কাজ আজিলৈকে স্থগিত ৰখা হয়।

Share This