প্রতিবেদন-৬
ডিজিটেল ডেস্ক : দিখৌ নদীৰ এইবাৰৰ প্রলয়ংকৰী বানে কেৱল হাজাৰ হাজাৰ পৰিয়ালকে দুর্দশাত পেলোৱা নাই। এই বানে অসমৰ নদী ব্যৱস্থাপনা, দুর্যোগ প্রস্তুতি আৰু উন্নয়নৰ ধাৰণাক লৈও বহু প্রশ্ন উত্থাপন কৰিছে। বিগত প্রতিবেদন সমূহত দিখৌৰ উৎস অঞ্চলৰ অতিবৃষ্টি, বন ধ্বংস, কয়লা খনন, ভূমিস্খলন, পলস সঞ্চয়, নদীপথৰ সংকোচন, আগতীয়া সতর্কীকৰণ আৰু বিজ্ঞানভিত্তিক নদী ব্যৱস্থাপনাৰ প্রয়োজনীয়তাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হয়। এতিয়া মূল প্রশ্নটো হ'ল যে এই দুর্যোগৰ পৰা আমি কি শিক্ষা ল'লোঁ। বানক কেৱল প্রাকৃতিক দুর্যোগ বুলি ক'ব পাৰিনে? বিশেষজ্ঞসকলৰ মতে, বর্তমানৰ বহুঠাইৰ বান কেৱল প্রাকৃতিক কাৰণৰ ফল নহয়। জলবায়ু পৰিবর্তন, বন ধ্বংস, অবৈজ্ঞানিক ভূমি ব্যৱহাৰ, পাহাৰ খনন, নদীত পলস জমা আৰু পৰিকল্পনাহীন নগৰ নির্মাণ-এই সকলো কাৰকে একেলগে বানৰ তীব্রতা বৃদ্ধি কৰে। ফলত কেৱল বৰষুণক দোষাৰোপ কৰিলেই সমস্যাৰ সমাধান নহয় ।
নদীৰ বাবে স্থায়ী নীতি ক'ত?ঃ
দিখৌৰ দৰে আন্তঃৰাজ্যিক নদীৰ বাবে এতিয়াও এক সুসংহত দীর্ঘম্যাদী নদী ব্যৱস্থাপনা নীতি দৃশ্যমান নহয় বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। নদীৰ গতিপথ, পলস সঞ্চয়, পাৰৰ খহনীয়া, ভূমি ব্যৱহাৰ আৰু বনাঞ্চলৰ অৱস্থাৰ ওপৰত নিয়মীয়া বৈজ্ঞানিক মূল্যায়ন অবিহনে প্রতিবছৰ একেই সমস্যাব পুনৰাবৃত্তি হোৱাৰ আশংকা থাকে। এইক্ষেত্রত জনসাধাৰণৰ ভূমিকাও সমানে গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি বিশেষজ্ঞসকলে কয় যে যে নদী সংৰক্ষণ কেৱল চৰকাৰৰ দায়িত্ব নহয়। নদীৰ পাৰ দখল, অবৈধ বালি উত্তোলন, আৱর্জনা নিক্ষেপ আৰু জলাশয় পোতাৰ দৰে কার্যকলাপ বন্ধ কৰাত জনসচেতনতা অতি প্রয়োজনীয়। জনতাই নদীক জীৱন্ত পৰিৱেশ ব্যৱস্থা হিচাপে সন্মান জনোৱাৰ সংস্কৃতি গঢ়ি তুলিব লাগিব।
দুর্যোগৰ আগতেই প্রস্তুতি:
এইবাৰৰ বানত আক্রান্তসকলৰ উদ্ধাৰকাৰ্য আৰু সাহায্য প্রদান অব্যাহত থাকিলেও আগতীয়া প্রস্তুতি অধিক শক্তিশালী হ'লে ক্ষয়-ক্ষতি বহু পৰিমাণে হ্রাস কৰিব পৰা গ'লহেঁতেন বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। তেওঁলোকে আধুনিক তথ্য-প্রযুক্তিৰ সহায়ত আগতীয়া সতর্কীকৰণ, স্থানীয় পর্যায়ত দুর্যোগ প্রশিক্ষণ, আশ্রয়কেন্দ্রৰ উন্নয়ন আৰু নিয়মীয়া মকড্রিল (Mock Drill)-ক অধিক গুৰুত্ব দিয়াৰ আহবান জনাইছে।
জলবায়ু পৰিৱর্তনৰ প্রভাৱকো অস্বীকাৰ কৰিব নোৱাৰি :
শেহতীয়া বছৰসমূহত জলবায়ু পৰিৱৰ্তনৰ ফলত চমু সময়ৰ ভিতৰতে অতি বেছি বৰষুণ সংঘটিত হোৱাৰ প্রৱণতা বৃদ্ধি পাইছে। বিশেষকৈ পাহাৰীয়া অঞ্চলত কেইঘণ্টামানৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণে নদীসমূহত আকস্মিকভাৱে পানীৰ পৰিমাণ বৃদ্ধি কৰি তলৰ সমতল অঞ্চলত বিধ্বংসী বানৰ সৃষ্টি কৰে। সেয়েহে অতীতৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতৰ বানৰ মোকাবিলা কৰাটো যথেষ্ট নহ'ব। জলবায়ুৰ পৰিৱর্তিত বাস্তৱতাৰ লাগত খাপ খুৱাই নদী ব্যৱস্থাপনা, দুর্যোগ প্রস্তুতি আৰু ভূমি ব্যৱহাৰৰ নীতিসমূহো সময়ে সময়ে নবীকৰণ কৰিব লাগিব। বিশেষজ্ঞসকলৰ মতে, বিজ্ঞানভিত্তিক তথ্য, আধুনিক প্রযুক্তি আৰু আগতীয়া পৰিকল্পনাৰ সমন্বয় ঘটিলেহে ভৱিষ্যতে দিখৌৰ দৰে নদীৰ বানৰ প্রভাৱ বহু পৰিমাণে হ্রাস কৰিব পৰা যাব ।
দিখৌক বচাবলৈ সমন্বিত পদক্ষেপৰ বিকল্প নাই:
অসমৰ লগতে নগালেণ্ডৰ সংশ্লিষ্ট বিভাগসমূহ, জলসম্পদ বিশেষজ্ঞ, বন বিভাগ, বতৰ বিজ্ঞানী, স্থানীয় প্রশাসন আৰু জনসাধাৰণৰ সমন্বয় অবিহনে দিখৌৰ বান-খহনীয়া সমস্যা সমাধান সম্ভৱ নহয়। নদীক কেৱল বানৰ সময়ত নহয়, সমগ্র বছৰজুৰি অধ্যয়ন আৰু পর্যৱেক্ষণৰ আওতাত আনিব লাগিব। এইবাৰৰ বিধ্বংসী বান কোনো একক কাৰণৰ ফল নহয়। পাহাৰৰ পৰিৱেশগত পৰিৱর্তনৰ পৰা সমতলৰ নদী ব্যৱস্থাপনা, প্রশাসনিক সমন্বয়ৰ পৰা জনসচেতনতা, জলবায়ু পৰিৱৰ্তনৰ পৰা দীর্ঘম্যাদী পৰিকল্পনাৰ অভাৱলৈকে বহু কাৰকে একেলগে এই দুর্যোগৰ জন্ম দিছে। সেয়েহে সমাধানো হ'ব লাগিব বহুমুখী, বিজ্ঞানভিত্তিক আৰু দীর্ঘম্যাদী। এইবাৰৰ বান যদি নীতি-নির্ধাৰক, বিশেষজ্ঞ, প্রশাসন আৰু সমাজৰ বাবে এক শিক্ষা হিচাপে পৰিগণিত হয়, তেন্তে দিখৌক লৈ ভৱিষ্যতৰ পৰিকল্পনা অধিক ফলপ্রসু হোৱাৰ আশা কৰিব পাৰি।