কিয় অহা নাই মোদী, অমিত শ্বাহ?

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : এইবাৰ উজনিত ছুনামি-সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল। হঠাতে অহা বানে ধ্বংস কৰি নিলে ইখনৰ পাছত সিখনকৈ গাঁও। পানীৰ কোবাল সোঁতত উটি গ'ল মানুহৰ পৰা আৰম্ভ কৰি গৰু, ছাগলী, গাহৰি আদিৰ লগতে ঘৰৰ সকলো সা-সম্পত্তি। এতিয়াও উজনিত বহুতো অঞ্চলৰ পৰা পানী ওলোৱাই নাই। কিন্তু এনে এক ভয়ংকৰ পৰিস্থিতিৰ পাছতো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ বা আন কোনো এজন কেন্দ্রীয় মন্ত্রী অসমলৈ নহাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

সদৌ অসম ছাত্র সন্থা, আছাম পাব্লিক ৱৰ্কছৰ পৰা আৰম্ভ কৰি সত্ৰাধিকাৰলৈকে সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ এনে মনোভাবক লৈ ক্ষোভ প্রকাশ কৰিছে। আনকি বিশ্বত অসমৰ নাম উজলোৱা ড° ৰুবুল মাউটেও কেন্দ্রীয় চৰকাৰৰ এনে কাৰ্যক লৈ ক্ষোভ উজাৰি এই সংকটৰ সময়ত নাহিলে ৰাজনেতাসকল কেতিয়া আহিব বুলিও প্রশ্ন উত্থাপন কৰিছে। নিৰ্বাচনৰ সময়ত সঘনে অসমলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহ মন্ত্ৰীৰ সমালোচনা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই কয়, 'নিৰ্বাচনৰ সময়ত সপ্তাহে সপ্তাহে অসমলৈ অহা প্রধানমন্ত্রী-গৃহ মন্ত্রীয়ে মহাপ্রলয়ৰ সময়ত ফ'নতহে খবৰ লয়। সেইটোকে ৰাইজক জনাই মুখ্যমন্ত্রী ভক্তিত গদগদ হয়।' 

আনহাতে, অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ, তেন্তে অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব বুলি স্পষ্ট কৰি ছাত্ৰ সন্থাৰ পুৰণি দাবীটোকে পুনৰ দোহাৰি কয়, 'অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। বান-খহনীয়াৰ স্থায়ী সমাধানৰ বাবে সকলো বিজ্ঞানসন্মত পৰিকল্পনা, পুঁজিৰ ব্যয় আৰু আঁচনিৰ ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক।' আনহাতে, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শর্মাই কয়, 'অসমখনক কেন্দ্ৰীয় চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাই বুলি ক'লে আমাৰ ৰাজ্যৰ বিজেপিৰ নেতাসকলে বেয়া পায়। কিন্তু এইবাৰৰ বানত সেই কথা পুনৰ স্পষ্ট হৈ পৰিল।' যোৱা জানুৱাৰীৰ পৰা নিৰ্বাচনলৈকে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকী কেইবাৰ অসমলৈ আহিছিল তাৰ হিচাপ কৰিবলৈ বিজেপিৰ নেতৃত্বক আহ্বান জনাই তেওঁ লগতে কয় যে বানৰ সময়ত যদি মাত এযাৰ দিবলৈ নাহে তেনেহ'লে ৰাজনেতাসকল কেতিয়া আহিব? ইফালে বানৰ সময়তো হিন্দু-মুছলমানৰ ৰাজনীতি কৰি থকাটো অতি লজ্জাজনক কথা বুলি মত প্রকাশ কৰি তেওঁ কয় যে বর্তমান সময়ৰ আচল প্রয়োজন হ'ল আশ্রয়, খাদ্য আৰু সাহায্য সামগ্রীহে। হিন্দু-মুছলমানৰ খেল নহয়। সুৰক্ষিত স্থানত বহি এতিয়াও হিন্দু-মুছলমানৰ খেল খেলি থকা সেই সকলোবোৰ মূৰ্খৰ বাবে এক মিনিটৰ মৌনতা।' 

মন কৰিব লগীয়া কথা যে এই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীক লৈ সৰৱ হৈছে বিশিষ্ট বিজ্ঞানী ড° ৰুবুল মাউটো। সামাজিক মাধ্যমযোগে তেওঁ কয়, 'এধানমানি জীৱ পৰুৱা, তথাপি বান আহিলে একলগ হৈ থাকিলে ইহঁতৰ মৰণ নাই। পৃথিৱীত বহু ডাঙৰ ডাঙৰ জন্তু আছে, কোনেও এই এধানমানি পৰুৱাক সহায় নকৰে। অথচ ভয়ংকৰ বান আহিলেও পৰুৱা বাচি যায়। কাৰণ মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।' অসমৰ মানুহকো গুৰি পৰুৱাৰ সৈতে ৰিজনি দি তেওঁ লগতে কয়, 'অসমৰ মানুহো গুৰি পৰুৱাৰ দৰেই। আমাৰ একো নাই, নাই ডাঙৰ অর্থনীতি, আমাক কোনেও সহায় নকৰে, তথাপি আমি গুৰি পৰুৱাৰ দৰেই ইজনে-সিজনক খামুচি বাচি থাকিব লাগিব। বাকী, অসমৰ মানুহেতো জানেই, তেওঁলোক ইলেকশ্যনৰ ভোট কিনিবলৈ ৩০-৪০ বাৰ আহিব, ক'ৰবাত মাটি পৰি থাকিলে বিজনেছ কৰিবলৈ আহিব, কৰ-কাটল বুটলিবলৈ আহিব, মুঠতে য'ত লাভ হয়, তেওঁলোক মৃতদেহত ভেনামাখি পৰাদি পৰিবহি, কিন্তু পানীৰ তলত যে মানুহে ককবকাই আছে, সেইটো তেওঁলোকে নুশুনাৰ ভাও জুৰিব, কাৰণ তাততো আৰু লাভ নহয়।' আনহাতে, এইবোৰ কথা অসমৰ প্রত্যেক মানুহে জানেই বুলি মত প্রকাশ কৰি ড° মাউটে লগতে কয়, 'আটাইতকৈ বেদনাদায়ক আৰু বিৰক্তিদায়ক কথা কি জানেনে, এই যে আমাৰ নিজৰ কিছুমান মানুহেই বকি আছে, নাই নাই তেওঁলোক আহিব, তেওঁলোকে আমাৰ খবৰ লৈয়ে আছে, এতিয়ালৈকে দুবাৰ ফ'ন কৰিলে, তেওঁলোকেই আমাৰ ত্রাণকর্তা, ইত্যাদি ইত্যাদি। ঠিক যেন তেওঁলোকৰ কাৰণেই আমি অসমীয়া হৈ জীয়াই আছোঁ।' তেওঁলোকক বাৰু শ্রাদ্ধ খাবলৈহে মাতিছে নেকি বুলি প্রশ্ন উত্থাপন কৰি তেওঁ লগতে কয়, 'মানুহৰ স্বাৰ্থপৰতাৰো যে এটা সীমা থকা উচিত, এই মুহূৰ্তবোৰে সোঁৱৰাই দিয়ে।' মাউটে স্পষ্ট ভাষাৰে কয়, 'অসমীয়া মানুহক আকৌ এবাৰ কওঁ- আপোনালোক গুৰি পৰুৱাৰ দৰে ইজনে সিজনৰ হাতত ধৰি ওলাই আহক। কাৰণ অসমীয়া মানুহ মৰি শেষ হৈ গ'লেও বচাবলৈ কোনো নাহে। ধন্যবাদ।' 

আনহাতে, বানত যি ক্ষতি হ'ল সেয়া কেৱল ৰাজ্য চৰকাৰৰ ধনেৰে পূৰণ কৰাটো সম্ভৱ নহয় বুলি মত প্রকাশ কৰি তেওঁ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক উদ্দেশ্যি কয়, 'কেন্দ্ৰত ধৰকগৈ এয়া সাধাৰণ প্রলয় নহয়। এই ক্ষতিগ্রস্ত ঠাইখিনিৰ পুনর্নির্মাণৰ বাবে আমাক বহু সহায়ৰ প্ৰয়োজন।' মন কৰিব লগীয়া যে এই সংকটৰ সময়ত প্রধানমন্ত্রী অসমলৈ নহাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। সাংবাদিকৰ আগত তেওঁ কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ বিভিন্ন সময়ত আহিছে। কিন্তু তেওঁ এইমুহূর্তত অসমলৈ আহক। কাৰণ অসমত যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষকৈ তিনিখন জিলাত তাক কাৰো লগত তুলনা কৰিব নোৱাৰি।' আনহাতে, মাজুলী, ঢকুৱাখনা, ধেমাজিৰ মানুহে বান কেতিয়া আহে সেয়া জানে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে যোৰহাট-শিৱসাগৰ-চৰাইদেউৰ মানুহে বানৰ কথা বিশেষ নাজানে। তেওঁলোক যি সংহাৰী বানৰ কবলত পৰিল, তাৰ ফলত যি ক্ষতি হ'ল কাৰো লগত তুলনা নহয়। এনে পৰিস্থিতিত মানুহৰ হাহাকাৰ ধ্বনি শুনিবলৈ, চকুলো বন্যা প্রত্যক্ষ কৰিবলৈ প্রধানমন্ত্রী আহক। প্রধানমন্ত্রী আহিলে মানুহবোৰে অকণমান প্ৰেৰণা পাব। প্রধানমন্ত্রীয়ে কিবা দিব, নিদিব সেইটো এতিয়া গণ্য নকৰে।' সত্ৰাধিকাৰগৰাকীৰ মতে, 'প্রধানমন্ত্রী আমাৰ মূল গৃহস্থ। গৃহস্থজন যদি আহে, তাতকৈ আৰু প্ৰেৰণাৰ কথা কি থাকিব পাৰে? সেই কাৰণে বাৰে বাৰে কাতৰভাৱে প্রার্থনা জনাইছোঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজেই আহি পৰিস্থিতি প্রত্যক্ষ কৰক।"

Share This