ডিজিটেল ডেস্ক : সমাজৰ উন্নতিসাধন আৰু নিবনুৱা যুৱক-যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে ব্যতিক্রমী প্ৰচেষ্টাৰে কাম কৰি যোৱা চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠন 'বেষ্ট ছলিউশ্যন দম এছ'চিয়েশ্যনে' ২৬ জুলাইত পূবেৰুণ পথ, দ্বাৰকা নগৰ, গুৱাহাটী-৭৮১০২২ত অৱস্থিত নিজ কাৰ্যালয়ৰ প্ৰশিক্ষণ গৃহত এখন দিনজোৰা প্রশিক্ষণ তথা কৰ্মশালাৰ আয়োজন কৰে। নিত্য ব্যৱহাৰ্য সামগ্রী উৎপাদনৰ এই প্ৰশিক্ষণৰ সহযোগী অনুষ্ঠান আছিল 'আর্টিষ্টিক এভিনিউ গ্লবেল প্রাইভেট লিমিটেড' নামৰ প্রতিষ্ঠান।
স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভানেত্রী চাজিদা বেগমে ফিতা কাটি এই কর্মশালা মুকলি কৰে। আমন্ত্রিত অতিথি আৰু কৰ্মশালাৰ সমল ব্যক্তি পল্লৱী বুঢ়াগোহাঁই আৰু মিন্টু গগৈক আদৰণি জনায়। অনুষ্ঠানত বন্তি প্রজ্বলন কৰে টুনু দেৱী আৰু 'বেষ্ট ছলিউশ্যন কম এছচিয়েশ্যন'ৰ বিষয়ববীয়াসকলে।
৩০ গৰাকী যুৱক-যুৱতীয়ে যোগদান কৰা এই কর্মশালাত দৈনিক ব্যৱহাৰ কৰা সামগ্ৰী চাবোন, ডিটাৰজেন্ট পাউদাৰ, ফেনাইল, ধূপ আদি প্রস্তুত প্ৰণালীৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে আৰু এইসমূহৰ প্ৰস্তুত প্ৰণালী শিকায়। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে 'বেষ্ট বেষ্ট ছলিউশ্যন দম এছ'চিয়েশ্যনে' গ্রহণ কৰা এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।