বিশ্ব ক্ৰিকেটৰ কিংবদন্তি গেৰী ছ'বাৰ্ছৰ দেহাৱসান

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : ক্রিকেট ইতিহাসৰ সৰ্বশ্রেষ্ঠ অলৰাউণ্ডাৰ ছাৰ গাৰফিল্ড ছ'বাৰ্ছ আৰু নাই। ৱেষ্ট ইণ্ডিজৰ এজন কিংবদন্তি ক্রিকেটাৰ ছ'বাৰ্ছে ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। 

বিশ্বৰ সৰ্বকালৰ সর্বশ্রেষ্ঠ ক্রিকেটাৰজনে ১৯৫৪ আৰু ১৯৭৪ চনৰ মাজত ৱেষ্ট ইণ্ডিজৰ হৈ ৯৩খন টেষ্ট মেচ খেলিছিল। ছ'বাৰ্ছে ৮,০৩২ ৰান সংগ্ৰহ কৰিছিল আৰু ২৩৫টা উইকেট দখল কৰিছিল। বাওঁহতীয়া বেটাৰজনে ১৯৫৮ চনত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত ৩৬৫ ৰান কৰিছিল। ছ'বাৰ্ছৰ ৩৬ বছৰীয়া টেষ্ট ক্রিকেটৰ ইতিহাসত এইটো সৰ্বাধিক স্ক'ৰ আছিল। 

১৯৩৬ চনৰ ২৮ জুলাইত ৱেষ্ট ইণ্ডিজৰ বার্বাডোজত জন্মগ্রহণ কৰা গাৰফিল্ড ছ'বাৰ্ছে (গেৰী ছ'বাৰ্ছ) বাওঁহাতেৰে বেটিং কৰা আৰু বলিং কৰাৰ লগতে ফিল্ডিঙতো তেওঁ অসাধাৰণ আছিল। ছ'বাৰ্ছে নার্টিংহামশ্বায়াৰৰ হৈ কাউন্টি ক্রিকেটো খেলিছিল। কাউন্টি ক্রিকেটত খেলি থকাৰ সময়তে ১৯৬৮ চনত তেওঁ ছটা বলত ছটা ছিক্স মাৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ প্ৰথমজন ছটা বলত ছটা ছিক্স মৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। 

কিংবদন্তি ক্রিকেটাৰজনৰ মৃত্যুৰ তথ্য তেওঁৰ পুত্র ডেনিয়েলে নিশ্চিত কৰে। ক্রিকেটলৈ তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আই চি চিয়ে বছৰটোৰ শ্ৰেষ্ঠ পুৰুষ ক্রিকেটাৰক প্ৰদান কৰা সন্মানীয় বঁটাটো তেওঁৰ নামেৰে 'ছাৰ গাৰফিল্ড ছ'বাৰ্ছ ট্রফী' হিচাপে নামকৰণ কৰিছে। মাত্র ১৭ বছৰ বয়সতে টেষ্ট অভিষেক ঘটা ছ'বাৰ্ছ ক্রিকেটপ্রেমীৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।

Share This