ডিজিটেল ডেস্ক : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে প্রায় সাত বছৰৰ পাছত ভাৰত ভ্ৰমণ কৰিব। গলৱানত দুয়োখন দেশৰ সেনাৰ সংঘৰ্ষৰ পাছত ঝিনপিঙৰ এয়াই প্রথম ভাৰত ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অহা ১২-১৩ ছেপ্টেম্বৰত নতুন দিল্লীত অষ্টাদশ ব্রিক্ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকা) শীর্ষ সম্মিলন অনুষ্ঠিত হ'ব। এই শীর্ষ সন্মিলনত জিনপিঙে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জিনপিঙে ইয়াৰ আগতে ২০১৯ চনত কৰা ভ্ৰমণৰ সময়ত মহাবলীপুৰমত প্রধানমন্ত্রী মোদীৰ সৈতে এক অনানুষ্ঠানিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ কেইমাহমানৰ পাছতে ২০২০ চনৰ জুনত গলৱান উপত্যকাত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ভাৰত আৰু চীনৰ সম্পর্কৰ অৱনতি ঘটিছিল।
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা বছৰ তিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংগঠনৰ (এছচি অ') শীর্ষ সন্মিলনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জিনপিঙক ব্রিক্ছ শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ বাবে ভাৰত ভ্রমণলৈ নিমন্ত্রণ জনাইছিল। চৰকাৰী সূত্রসমূহে প্রকাশ কৰা মতে জিনপিঙে প্রধানমন্ত্রী মোদীৰ নিমন্ত্রণ গ্রহণ কৰে আৰু ব্রিছৰ অধ্যক্ষতাৰ বাবে ভাৰতৰ প্রতি সমর্থন প্রকাশ কৰে। ব্রিক্ছ শীর্ষ সন্মিলনত জিনপিঙৰ উপৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন, ব্রাজিলব ৰাষ্ট্রপতি লুইজ ইনাচিত্র' লুলা ডা ছিলভা আৰু ইৰানৰ ৰাষ্ট্রপতি মাছুদ পেজেক্সিয়ানেও অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। বিশ্বৰ ভুৰাজনৈতিক পৰিস্থিতি অনিশ্চয়তাই বিৰাজ কৰা আৰু মধ্য প্রাচ্যত উত্তেজনা চলি থকাৰ সময়তে এই শীর্ষ সন্মিলনখন নতুন দিল্লীত অনুষ্ঠিত হ'ব।
ইফালে পাকিস্তানত অহা বছৰ অনুষ্ঠিত হ'বলগীয়া এছ চি অ'শীর্ষ সন্মিলনলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ জনোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, মোদীয়ে এছ চি অ' শীর্ষ সন্মিলনত অংশগ্রহণ কৰাটো নিশ্চিত নহয়।