অসম সাহিত্য সভাৰ উদ্যোগ, জুবিন গাৰ্গক 'সংগীত সুধাকৰ' অভিধা প্রদান

dainik janambhumi July 31, 2026

ডিজিটেল ডেস্ক : 'জুবিন গাৰ্গৰ ৰচিত আৰু পৰিৱেশিত সকলো গীত জুবিন সংগীত নামেৰে পৰিচিত হ'ব। লগতে, ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰিব অসম সাহিত্য সভাই।' কালি অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰা 'সংগীত সুধাকৰ' অভিধা প্রদান অনুষ্ঠানত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। 

ভাষণত লগতে ড° গোস্বামীয়ে কয়- 'অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত জুবিন গার্গে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে অসম সাহিত্য সভাই তেওঁক মৰণোত্তৰভাৱে কালি 'সংগীত সুধাকৰ' অভিধাৰে বিভূষিত কৰিলে।' অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্রদ্ধা জনাই বন্তি প্রজ্বলন কৰে সভাৰ সভাপতিৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই। ইয়াৰ পাছতে গণেশগুৰি শাখা সাহিত্য সভাৰ শিল্পীসকলে 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটো পৰিৱেশন কৰাৰ পাছত প্রধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা আগবঢ়াই কয়- 'জুবিন গাৰ্গ কেৱল এজন সফল গায়কেই নহয়, তেওঁ অসমৰ সংগীত জগতখনক এক নতুন যুগলৈ আগুৱাই নিয়া এজন যুগস্রষ্টা শিল্পী। আধুনিক অসমীয়া সংগীতক সৰ্ব ভাৰতীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। সংগীতৰ লগতে অভিনয়, চলচ্চিত্ৰ পৰিচালনা, সুৰ সৃষ্টি, গীত ৰচনা আদি বিভিন্ন ক্ষেত্রত তেওঁৰ সৃষ্টিশীল প্রতিভাই অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে। তিনিটা দশকৰো অধিক সময় ধৰি অসমৰ জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰা জুবিন গাৰ্গৰ সৃষ্টিকৰ্ম প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্রাণিত কৰি আহিব। আজিৰ তাৰিখৰ পৰা বিশ্বৰ বুকুত জুবিন গাৰ্গ চিনাকি হ'ব- "সংগীত সুধাকৰ জুবিন গাৰ্গ"।' 

অসম সাহিত্য সভাৰ উদ্যোগত আৰু নাহৰ শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত বিশ্ববিশ্রুত প্ৰাণৰ শিল্পী, অভিনেতা, চিত্ৰ পৰিচালক, খেলুৱৈ, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্রী, কবি, সাহিত্যপ্রেমী, প্রকৃতিপ্রেমী, সমাজকর্মী, দীনবন্ধু, সংগঠক, বিশিষ্ট সাংস্কৃতিক কর্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য জুবিন গাৰ্গলৈ আগবঢ়োৱা 'সংগীত সুধাকৰ' অভিধা গ্ৰহণ কৰে পৰিয়ালৰ হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰে। পিতৃ কপিল ঠাকুৰ শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও সাহিত্য সভালৈ পঠোৱা বাৰ্তাত অসম সাহিত্য সভাই গ্রহণ কৰা এই পদক্ষেপত অত্যন্ত সুখী বুলি উল্লেখ কৰে। বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই ভাষণত কয়- 'আজিৰ যিটো পৰিৱেশত 'সংগীত সুধাকৰ' সন্মান প্ৰদান কৰা হৈছে, সেই সন্মান গ্রহণ কৰি জুবিন গাৰ্গ আজি ধন্য হ'লহেঁতেন। যদিও তেওঁ আমাৰ মাজত নাই, তেওঁৰ শিল্পী সত্তাটো সদায় আমাৰ মাজত জীৱন্ত হৈ থাকিব।' ৰাজখোৱাই লগতে কয়- 'শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানাক্ৰান্তৰ প্ৰতি আমাৰ সহমর্মিতা আছে। বানত মৃত্যু হোৱা লোকৰ প্ৰতি শ্ৰদ্ধার্ঘ নিবেদন কৰিছোঁ। ক্ষতিগ্রস্ত লোকে ক্ষতিপূৰণ পাবই লাগিব।' ইয়াৰ পাছতে গৰিমা শইকীয়া গাৰ্গে প্ৰফুল্ল বৰ্মনৰ দ্বাৰা সংকলিত আৰু সম্পাদিত 'জুবিন গাৰ্গ' নামৰ এখন গ্রন্থ উন্মোচন কৰে। 

কালিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সংস্কৃত পণ্ডিত তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ৰবীন্দ্ৰ দেৱশৰ্মাই জুবিন গাৰ্গৰ ব্যক্তি আৰু ব্যক্তিত্বৰ সন্দৰ্ভত সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়। সভাৰ আৰম্ভণিতে ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ চৌহদলৈ আদৰণি তোৰণৰ পৰা গায়ন-বায়নেৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ লগতে পত্নী গৰিমা গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰ আৰু জুবিন অনুৰাগীক আদৰি আনে। অনুষ্ঠানটো ৰূপায়ণত সহায়-সহযোগিতা আগবঢ়োৱা গুৱাহাটীৰ নাহৰ শাখা সাহিত্য সভাৰ সভাপতি ৰুমী বৰপূজাৰী, সম্পাদক তৃষ্ণা মহন্ত শইকীয়াৰ লগতে মানৱতা মহেশ্বৰী সংস্থাৰ নিতুমণি দেৱৰয় আৰু সংগীতা দাস, বিভূতি ভূষণ তালুকদাৰ, মনস্তত্ত্ববিদ কংকণ শৰ্মা আৰু মৃত্যুঞ্জয় মহন্তক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। সন্ধিয়া জুবিন গাৰ্গৰ সংগীতক কেন্দ্ৰ কৰি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নবীন আৰু প্রতিষ্ঠিত শিল্পীসকলে জুবিন গাৰ্গৰ কালজয়ী সংগীত, নৃত্য, নাট আদি পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনায়।

Share This