সংসদত গৃহীত নহ’ল জন্ম আৰু মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক

Jyoti Borah July 27, 2023

ডিজিটেল ডেস্কঃ  মণিপুৰৰ ঘটনাকলৈ উত্তপ্ত হৈ আছে সংসদৰ উভয় সদন।তীব্ৰ বিতৰ্কৰ মাজতে  কেন্দ্ৰই আজি লোকসভাত জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰে। অৱশ্যে প্ৰতিবাদৰ বাবে চৰকাৰে আজি বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা কৰা হোৱা নাছিল। বিৰোধীয়ে আশংকা কৰিছে যে যদি বিধেয়কখন গৃহীত হয় তেন্তে  ই জন্ম আৰু মৃত্যুৰ তথ্য সংৰক্ষণৰ বিষয়ত ৰাজ্যৰ অধিকাৰ ক্ষেত্ৰত কেন্দ্ৰীয় হস্তক্ষেপৰ সৃষ্টি কৰিব।  এনে ডাটাবেচে চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনপিআৰ)প্ৰস্তুতত সহায় কৰিব।বিধেয়ক খন গৃহীত হ’লে ১৯৬৯  চনৰ পৰা জন্ম আৰু মৃত্যু আইন ৰূপায়ণৰ পিছত শিশু এটাৰ জন্মৰ তথ্য  ই-পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। বিধেয়ক খনত পিতৃ আৰু মাতৃৰ আধাৰ নম্বৰ নামভৰ্তিৰ বাবে এক অত্যাৱশ্যকীয় চৰ্ত হিচাপে ৰখা হৈছে। সূত্ৰ অনুসৰি ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ হাতত থাকিবলগীয়া তথ্যৰ পৰা দেশত জন্ম গ্ৰহণ কৰা সকলো শিশুৰ বিষয়ে তথ্য পোৱা যাব । ভৱিষ্যতে  জন্মৰ প্ৰমাণপত্ৰ বিদ্যালয়ত নামভৰ্তি, গাড়ীৰ অনুজ্ঞাপত্ৰ লাভ কৰা, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিবাহ পঞ্জীয়ন, চৰকাৰী চাকৰি আৰু আনকি পাছপোৰ্ট বা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেও ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাহিৰেও, এই প্ৰণালীত ই-প্ৰমাণপত্ৰ প্ৰাপ্ত কৰা শিশু এটাক স্বয়ংক্ৰিয়ভাৱে ওঠৰ বছৰ বয়সৰ পিছত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব।

গৃহ মন্ত্ৰালয়ৰ মতে  অনুপ্ৰৱেশকাৰীসকলে এতিয়া স্থানীয় ৰাজনৈতিক দলসমূহৰ সহায়ত ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড বা আধাৰ বা পাছপোৰ্ট প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। কিন্তু আগন্তুক দিনত চৰকাৰী লাভালাভ ভোগ  কৰাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বিবেচনা কৰা হ'ব। ফলস্বৰূপে, অনুপ্ৰৱেশকাৰীসকলক চৰকাৰী লাভালাভ প্ৰাপ্ত কৰাত বাধা দিব পৰা যাব । মৃত্যুৰ কাৰণ মৃত্যুৰ প্ৰমাণপত্ৰত লিখাটোও বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যদি এজন ব্যক্তিৰ মৃত্যু হয়, ব্যক্তিজনৰ নাম স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাৰ পৰা বিলোপ  হ'ব। ফলস্বৰূপে, কেন্দ্ৰই ভুৱা ভোটাৰক নিয়ন্ত্ৰণ কৰিব পাৰিব  বুলি আশা কৰা হৈছে।
আনহাতে বিৰোধী শিবিৰৰ মতে চৰকাৰে এই বিধেয়কখন গৃহীত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্যকৰী কৰিব বিচাৰিছে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ হোৱা  বিবাদৰ বাবে সমগ্ৰ দেশৰ কাম এতিয়া স্থগিত হৈ আছে। সেয়েহে, কেন্দ্ৰই সেই কামটো ত্বৰান্বিত কৰিবলৈ সংশোধিত আইন অনাৰ চেষ্টা কৰি আছে। ইয়াৰ উপৰি  জন্ম আৰু মৃত্যুৰ হিচাপ ৰখাৰ দায়িত্ব ইমান দিন ধৰি ৰাজ্যৰ হাতত আছিল। কিন্তু নতুন আইনৰ অধীনত একেই তথ্য এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰৰ ডাটাবেছত সংৰক্ষণ কৰা হ'ব। যি কথাক  বিৰোধী দলবোৰে ফেডাৰেল গাঁথনিত এক কেন্দ্ৰীয় হস্তক্ষেপ বুলি অনুভৱ কৰিছে।

Share This