হত্যা নে বিক্ৰী? বাংগালুৰুত নিৰুদ্দেশ গুৱাহাটীৰ মহিলা;

Jyoti Borah July 24, 2023

গুৱাহাটীৰ এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ  হৈছে বাংগালুৰুৰ পৰা। মহিলাগৰাকীক বিক্ৰী অথবা হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীৰ ভাতৃৰ। মহিলাগৰাকীৰ  স্বামী আৰু  স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। বিগত এমাহ ধৰি সন্ধানহীন  হৈ আছে কুঞ্জলতা দাস ওৰফে আৰিফা বেগম। ৫ বছৰ পূৰ্বে কুঞ্জলতা দাস চাবিৰ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ পাছত কুঞ্জলতা দাসে আৰিফা বেগম নাম লৈছিল । ১৫ বছৰ বয়সতে চাবিৰে পলুৱাই বিয়া পাতিছিল কুঞ্জলতাক। দুয়ো নিজ ইচ্ছাৰে বিয়া হৈছিল যদিও বিয়াৰ পাছৰে পৰা কুঞ্জলতাক অত্যাচাৰ কৰাৰ অভিযোগ  পোহৰলে আহিছে চাবিৰৰ বিৰুদ্ধে। শেহতীয়াকৈ এমাহ পূৰ্বে চাবিৰে বাংগালুৰুলৈ লৈ গৈছিল কুঞ্জলতাক। কিন্তু বাংগালুৰুৰ পৰা কুঞ্জলতাক ঘুৰাই নানিলে চাবিৰে। কুঞ্জলতাক বাংগালুৰুত হত্যা অথবা বিক্ৰী কৰাৰ অভিযোগ উঠিছে চাবিৰৰ বিৰুদ্ধে। ইতিমধ্যে কুঞ্জলতাৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটীৰ জয়পুৰৰ পৰা চাবিৰ আলীক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Share This