'২৬ত গৌৰৱ গগৈয়ে হ’ব মুখ্যমন্ত্ৰী : মীৰা বৰঠাকুৰৰ মন্তব্য

Nikimoni Kachari April 30, 2026

ডিজিটেল ডেস্ক : কাইলৈ অৰ্থাৎ ৪ মে’ত কৰা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা৷  এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে৷ মীৰা বৰঠাকুৰে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ কালি প্ৰকাশ পোৱা Exit Poll সম্পৰ্কে মীৰা বৰঠাকুৰে কয় যে, Exit Poll কেতিয়াও Exact Poll নহয়, চৰকাৰ আমাৰে হ’ব। ফলাফলৰ পূৰ্বে প্ৰকাশ পোৱা Exit poll কেৱল আমাৰ কৰ্মীসকলৰ মনোবল ভাঙিবলৈ কৰা হয়। 

exit poll-এ হতাশ কৰা নাই আমাক। দিছপুৰত মই ৭ৰ পৰা ১২ হাজাৰ ভোটত বিজয়ী হ’ম, জয়ন্ত দাস দ্বিতীয় নম্বৰত আৰু প্ৰদ্যুৎ বৰদলৈ থাকিব তৃতীয় নম্বৰত। দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসক ধন্যবাদ জনাইছোঁ 

’২৬ত গৌৰৱ গগৈয়ে হ’ব মুখ্যমন্ত্ৰী। প্ৰশান্ত ফুকন মোৰ দাদা, কিন্তু তেওঁ কোৱা কথাবোৰ নিমিলে, প্ৰশান্ত ফুকনে কোৱাৰ দৰে তিনি গগৈৰ এজনো পৰাজিত নহয়।

অসমৰ কেইজনমান গেৰুৱামুখী সাংবাদিকক চোকা সমালোচনা মীৰা বৰঠাকুৰৰ। ৰাতি লোকৰ Exit Poll লিখাতকৈ সাহস আছে যদি নিজে এবাৰ ৱাৰ্ড মেম্বাৰত বিজয়ী হৈ দেখুৱাবলৈ আহ্বান এনে সাংবাদিকক।

’২৬ৰ নির্বাচনত বিজেপি একেবাৰে ধূলিস্যাৎ নহয় কিন্তু পৰাজয় নিশ্চিত বুলি মন্তব্য মীৰা বৰঠাকুৰৰ।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This