ডিজিটেল ডেস্ক : কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ভূমি অসম চৰকাৰ আৰু দুয়োখন স্বায়ত্তশাসিত পৰিষদে বহুজাতিক কোম্পানীসমূহক গতাই দিয়াৰ বিৰোধিতাৰে কালি ডিফুত কংগ্ৰেছ, এ পি এইচ এল চি, চি পি আই (এম এল), এ এছ ডি চি (এছ), এন চি পি, আই পি পি আদি ৰাজনৈতিক দলৰ উপৰি কাৰ্বি ছাত্ৰ সন্থা (ইংলংফ') সহ ২৩টা ৰাজনৈতিক দল-সংগঠনে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ডিফুৰ কাৰ্বি ক্লাব প্ৰাংগণত সহস্রাধিক লোক সমৱেত হৈ এখন চমু সভা অনুষ্ঠিত কৰাৰ পাছত প্রতিবাদী সমদল কৰি বিভিন্ন শ্ল'গান দি ডিফু বজাৰৰ মাজেৰে গৈ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক-পত্র প্ৰেৰণ কৰে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে' কার্ড লৈ বহুজাতিক কোম্পানীক আমাৰ ভূমি প্ৰদান নকৰোঁ, অসম চৰকাৰ ডাউন ডাউন, তুলিৰাম ৰংহাং ডাউন ডাউন আদি শ্ল'গান দি আকাশ-বতাহ কঁপাই তোলে। উল্লেখ্য যে এসময়ৰ ডিমা হাছাও জিলাৰ দুৰ্ধৰ্ষ উগ্রপন্থী নেতা জোৱেল গার্লোছা (মিহিৰ গার্লোছা) ও কালিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে। এই প্রতিবাদী কার্যসূচীত এ পি এইচ এল চি দলৰ সভাপতি জন ইংতি কাথাৰ, জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতি, চি পি আই (এম এল) ৰ ৰবি কুমাৰ ফাংচ', প্রতিমা ইংহিপীকে ধৰি বহুকেইটা ৰাজনৈতিক দলৰ শীৰ্ষনেতা উপস্থিত আছিল। কালিৰ এই কাৰ্যসূচীত সকলো ৰাজনৈতিক দল আৰু সংগঠনৰ নেতাসকলে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক লক্ষ্য কৰি লয়। ইয়াৰ লগতে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিৰোধী ঐক্য প্ৰদৰ্শন কৰি বিৰোধীয়ে যে এইবাৰ পাহাৰত বিজেপিৰ বিৰুদ্ধে যুঁজ দিব সেই বাৰ্তা প্ৰদান কৰে। প্রাক্তন বিদ্রোহী নেতা জোৱেল গার্লোছাই প্রতিবাদী সমদলত ভাষণ দি কয়- চিমেণ্ট কাৰখানা, হাইড্ৰ' প্রজেক্টৰ নামত, কয়লা খননৰ নামত হাজাৰ হাজাৰ বিঘা মাটি ডিমা হাছাও পৰিষদে ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট, টপচেম চিমেন্ট, দুটাকৈ হাইড্র' প্রজেক্টৰ বাবে আবণ্টন দিয়াৰ পাছত এতিয়া আদানি গ্রীন হাইড্ৰ' প্রজেক্টৰ বাবে ১২৫০ বিঘা মাটি ডিমা হাছাওত পৰিষদে পুনৰ দিবলৈ ওলাইছে। ১৭৯২ চনত ব্রিটিছে স্বীকৃতি দিয়া মতিৰাংপু গাঁও এতিয়া নিপকোৰ হাইড্ৰ' প্রজেক্টৰ পানীৰ তলত আছে। সকলো মাটি পুঁজিপতিক গতাই দিলে আমাৰ বিশেষ সংৰক্ষণৰ একো মূল্য নাথাকিব। সেয়ে আমি সকলো একগোট হৈ প্রতিবাদ কৰিছোঁ। জে আই কাথাৰে কয় যে ডিমা হাছাও আৰু বি টি এ ডিৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ মাটি পুঁজিপতি গোষ্ঠীক দি দি খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা কৰাৰ পৰিকল্পনা কৰিছে।
কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে কয় যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অকুণ্ঠ দুর্নীতি আৰু লুণ্ঠন চলাইছে। কার্বি আংলঙৰ হাজাৰ হাজাৰ বিঘা মাটি আদানি আৰু আম্বানি, গদৰেজ, পতঞ্জলি, শ্ৰীশ্ৰী ৰবিশংকৰৰ কোম্পানীক গতাই দিছে। তাৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ আজি আমি সকলো বিৰোধী ৰাজনৈতিক দল আৰু যুৱ-ছাত্র, মহিলা সংগঠনকে ধৰি ২৩টা সংগঠন একগোট হৈছোঁ। প্রশাসনে আমাক পাঁচশৰ অধিক মানুহ গোট খোৱাত বাধা দিছে। সেয়ে আমি সকলোকে ইয়ালৈ আহিবলৈ দিয়া নাই। কিন্তু এই প্রতিবাদেই তুলিৰাম ৰংহাঙক বাৰ্তা দিছে যে ৰাইজৰ লগত কৰা অন্যায়ৰ পৰিণাম তেওঁ ভোগ কৰিব। আনহাতে প্রতিবাদী সভাত উপস্থিত থকা চিপি আই (এম এল)ৰ নেত্রী প্রতিমা ইংহিপীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এনেদৰে পাৰ্বত্য জিলা তিনিখনৰ লাখ লাখ বিঘা ভূমি বহিৰাগত কোম্পানীক গতাই দিয়া কার্য আমি মুঠেই সমর্থন নকৰোঁ। ষষ্ঠ অনুসূচীৰ অধীনৰ আমাৰ এই খিলঞ্জীয়াৰ বাসস্থলী আমি এনেদৰে বাহিৰৰ কোম্পানীক গতাই দি এদিন নিজৰ ভূমিতে গৃহহীন হ'ব লগা হ'ব। কালিৰ কাৰ্যসূচীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পাৰ্বত্য জিলা তিনিখনত বিৰোধীৰ সন্মিলিত ঐক্য প্ৰদৰ্শন কৰা বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰা দেখা গৈছে।