দৈনিক জনমভূমিৰ সাংবাদিক ৰাতুল হাজৰিকাক সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সাহিত্য সংগঠক বঁটা

Rashmi April 07, 2025

ডিজিটেল ডেস্ক : দৈনিক জনমভূমিৰ সাংবাদিক ৰাতুল হাজৰিকালৈ প্ৰদান কৰা হয় সাহিত্য সংগঠক বঁটা । শোণিতপুৰ জিলাৰ জামুগুৰিহাট হাটিংগাৰ সাংবাদিক ৰাতুল হাজৰিকাই সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত ১৯৯৫ চনৰ পৰা সেৱা আগবঢ়াই আহিছে। ইয়াৰ স্বীকৃতিস্বৰূপে হাজৰিকাক সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ তৃতীয় বাৰ্ষিক অধিৱেশনত সাহিত্য সংগঠক বঁটা প্ৰদান কৰা হয়। 

সাংবাদিক ৰাতুল হাজৰিকাই শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নদুৱাৰ প্ৰেছ ক্লাবৰ সুদীৰ্ঘ সময় সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে বিভিন্ন সাহিত্য-সংস্কৃতি সংগঠন জন্ম দিয়াৰ উপৰি বৰ্তমানেও বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত ৰাতুল হাজৰিকাই তেজপুৰৰ পৰা প্ৰকাশিত মহাজাতি কাকতৰ জৰিয়তে সংবাদ জগতত প্ৰবেশ কৰি দৈনিক জনসাধাৰণ, নতুন দৈনিক, দৈনিক অসমত সংবাদ সেৱা আগবঢ়াই আহি বৰ্তমান দৈনিক জনমভূমি কাকতত সংবাদ সেৱা আগবঢ়াই আছে।

হাজৰিকাই অসমৰ বিভিন্ন কাকত- আলোচনীত  সাহিত্য চৰ্চা কৰি অহাৰ লগতে তেওঁ প্ৰায় একুৰি গ্ৰন্থ সম্পাদনা কৰিছে। হাজৰিকাৰ এখন কবিতা পুথি প্ৰকাশৰ পথত।

Share This