ডিজিটেল ডেস্ক: প্ৰকৃতি আৰু বন ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ আশ্রয়স্থলী সংকুচিত হোৱাৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাৰ মাজতে জোনাইত দেখা গৈছে প্রকৃতি সুৰক্ষাৰ এক ব্যতিক্রমী আৰু প্ৰশংসনীয় পদক্ষেপ। বিগত প্রায় চাৰিটা দশক ধৰি দুষ্প্রাপ্য বাদুলি সুৰক্ষা প্রদান কৰি সমগ্ৰ জোনাই অঞ্চললৈ এক অনুকৰণীয় আদর্শ গঢ়ি তুলিছে জোনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগু আৰু তেওঁৰ পৰিয়ালটোৱে।
কালিৰে পৰা প্ৰায় চাৰিটা দশক আগেয়ে, যেতিয়া বন্যপ্রাণী সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা ইমান গুৰুত্ব নাছিল, তেতিয়াই বলেন পেণ্ডৰ পিতৃ-পুৰুষে প্ৰকৃতিৰ লগত সহাৱস্থানৰ পথ বাছি লৈছিল। অমৃতপুৰ গাঁৱৰ নিজৰ প্ৰায় ২০ বিঘা পৰিমাণৰ বাঁহবাৰীত তেতিয়াৰ পৰা আজিলৈকে হাজাৰ হাজাৰ বাদুলিক আশ্রয় প্রদান কৰি অহা হৈছে। এই বাঁহবাৰী কেৱল পৰিয়ালটোৰ জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই পৰিণত হৈছে এক প্রাকৃতিক সংৰক্ষণ ক্ষেত্ৰত। প্রাকৃতিকভাৱে গঢ় লৈ উঠা এই বাদুলিৰ আশ্রয়স্থলী কালি সমগ্র জোনাই অঞ্চলত বিশেষ গুৰুত্ব লাভ কৰিছে। দুষ্প্রাপ্য বাদুলিৰ সুৰক্ষিত আশ্রয় বাদুলি প্ৰকৃতিৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। বীজ বিস্তাৰ, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল পুনৰুজ্জীৱনৰ ক্ষেত্ৰত বাদুলিৰ ভূমিকা অপৰিসীম। কিন্তু সময়ৰ সৈতে বন ধ্বংস যজ্ঞ, গছ কটা, বিদ্যুৎ লাইন আৰুমানৱীয় হস্তক্ষেপৰ ফলত এই প্রাণীবোৰ বিপন্ন হোৱাৰ দিশে আগবাঢ়িছে। এই অমৃতপৰিস্থিতিতপুৰ গাঁৱৰ বলেন পেণ্ডৰ এই বাঁহবাৰীটো যেন বাদুলিৰ বাবে এক নিৰাপদ স্বৰ্গ হৈ পৰিছে। দিনে বাঁহগছত বিশ্রাম লৈ থকা আৰু নিশা খাদ্যৰ সন্ধানত ওলাই যোৱা এই বাদুলিসমূহে এই অঞ্চলটো নিজৰ স্থায়ী আশ্রয়স্থলী হিচাপে গ্রহণ কৰিছে। দুষ্ট প্ৰকৃতিৰ লোকৰ বিৰুদ্ধে গাঁৱৰ একত্ৰিত প্রতিৰোধে যিকোনো ভাল প্রচেষ্টাৰ দৰে এই সংৰক্ষণ প্রয়াসো নানা বাধাৰ সম্মুখীন হৈছে। মাজে মাজে একাংশ দুষ্ট প্রকৃতিৰ লোকে এই বাদুলিসমূহ নিধন কৰা বা ক্ষতি সাধনৰ চেষ্টা চলাই আহিছে। কোনোবাই বিনোদনৰ বাবে, কোনোবাই অজ্ঞতাৰ বশৱৰ্তী হৈ আকৌ আন কোনোবাই ভ্রান্ত বিশ্বাসৰ আধাৰত বাদুলিৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰা বুলি জানিবলৈ দিছে বলেন পেগুৱে। কিন্তু এই সকলো প্রচেষ্টাক প্রতিহত কৰি আহিছে বলেন পেণ্ডৰ লগতে তেওঁৰ পৰিয়ালে।
অৱশ্যে দুষ্প্রাপ্য বাদুলিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত গাঁৱৰ একাংশ লোকে তেওঁৰ পৰিয়ালক সম্পূর্ণ সহায় সহযোগিতা আগবঢ়াই অহা বুলি উল্লেখ কৰে বলেন পেগুৱে। পৰিয়ালটোৰ দায়িত্ববোধ আৰু মানসিক দৃষ্টিভংগীত বলেন পেগুৱে উল্লেখ কৰি কয় যে, 'এই বাদুলিবোৰ আমাৰ অতিথি। ইহঁতে আমাৰ কোনো ক্ষতি নকৰে, বৰঞ্চ প্ৰকৃতিক সহায় কৰে। সেয়ে আমি ইহঁতক সুৰক্ষা দিয়া আমাৰ দায়িত্ব বুলি ভাবোঁ।' এই মানসিক দৃষ্টিভংগীয়েই পেণ্ড পৰিয়ালটোক সমাজত পৃথক কৰি তুলিছে। তেওঁলোকে কেতিয়াও বাদুলিবোৰক তাড়না কৰা নাই, গছ কাটি আশ্রয় ধ্বংস কৰা নাই, বৰঞ্চ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি আহিছে।
সময়ৰ সৈতে বৃদ্ধি পোৱা বাদুলিৰ সংখ্যা প্রকৃতিৰ নিয়ম অনুসৰি, নিৰাপদ আশ্রয় পালে যিকোনো জীৱৰ বংশবৃদ্ধি স্বাভাৱিক। অমৃতপুৰৰ এই বাঁহবাৰীতো তেনে এক পৰিস্থিতি দেখা গৈছে। বিগত কেইবছৰত বাদুলিৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। এই সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঁহবাৰীটোও যেন দুষ্প্রাপ্য বাদুলিসমূহৰ বাসস্থানৰ বাবে সংকুচিত অনুভৱ হ'বলৈ ধৰিছে। সেয়েহে বলেন পেগু আৰু তেওঁৰ পৰিয়ালবৰ্গই এই আশ্রয়স্থলীৰ পৰিসৰ অধিক প্ৰসাৰিত কৰাৰ ইচ্ছা প্রকাশ কৰিছে। আশ্রয়স্থলী সম্প্ৰসাৰণৰ পৰিকল্পনাৰে বৰ্তমান পৰিয়ালটোৱে আশ্রয়স্থলীৰ কাষৰীয়া ভূমিত অধিক বাঁহ আৰু গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু এই কামত তেওঁলোকৰ একান্ত প্রয়োজন হৈছে চৰকাৰী সহযোগিতা আৰু প্ৰশাসনিক সহায়। স্থানীয় প্রশাসন আৰু বন বিভাগে যদি আগবাঢ়ি আহে, তেন্তে এই অঞ্চলটোত ভবিষ্যতে এক আদর্শ বাদুলি সংৰক্ষণ ক্ষেত্র হিচাপে গঢ় লৈ উঠিব পাৰে বুলি উল্লেখ কৰে বলেন পেগুৱে। বাদুলিৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। পৰিয়ালটোৱে এই আশ্রয়স্থলীৰ চাৰিওফালে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ অনুপ্ৰৱেশ ৰোধ, ক্ষতিৰ পৰা ৰক্ষা, সজাগতা ফলক স্থাপন, পৰিৱেশ সচেতনতা কাৰ্যসূচী ৰূপায়ণ কৰা ইত্যাদি ব্যৱস্থাসমূহ গ্রহণ কৰিলে এই সংৰক্ষণ প্রচেষ্টা অধিক সুদৃঢ় হ'ব বুলি মত প্রকাশ কৰিছে।
উল্লেখ্যযোগ্য যে, জোনাই অঞ্চল প্রাকৃতিক সৌন্দর্য, নদ-নদী, অৰণ্য আৰু জৈৱ-বৈচিত্র্যৰে সমৃদ্ধ। এই বাদুলি সংৰক্ষণৰ প্ৰচেষ্টাই জোনাইৰ সেই গৌৰৱক অধিক উজ্জ্বল কৰি তুলিব। আজিৰ সময়ত যেতিয়া বন্যপ্রাণী সংৰক্ষণ চৰকাৰী আঁচনি আৰু বেচৰকাৰী সংস্থাৰ ওপৰতেই সীমাবদ্ধ হৈ আছে, তেতিয়াই এক সাধাৰণ পৰিয়ালৰ এনে স্বেচ্ছাসেৱী প্রয়াস নিঃসন্দেহে ব্যতিক্রমী। অমৃতপুৰ গাঁৱৰ এই পেণ্ড পৰিয়ালৰ এই উদ্যোগে সমাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে, প্রকৃতি সুৰক্ষা কেৱল চৰকাৰৰ দায়িত্ব নহয়, প্ৰতিগৰাকী নাগৰিকৰো কৰ্তব্য। যদি প্রতিটো গাঁও, প্রতিটো পৰিয়ালে নিজৰ সীমাৰ ভিতৰত প্ৰকৃতিক সন্মান কৰে, তেন্তে বন্যপ্রাণী সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা স্বাভাৱিকভাৱে সম্ভৱ হৈ উঠিব। জোনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগুৰ পৰিয়ালে চাৰি দশকৰ অবিৰত বাদুলি সংৰক্ষণ প্রচেষ্টা কেৱল এক সংবাদেই নহয়, ই এক অনুপ্ৰেৰণাৰ কাহিনী। এই প্রচেষ্টাই প্রমাণ কৰে যে মানৱ আৰু প্রকৃতি সহাৱস্থানৰ পথ এতিয়াও সম্ভৱ। এতিয়া প্ৰয়োজন হৈছে চৰকাৰ, প্ৰশাসন আৰু সমাজৰ সকলো শ্ৰেণীৰ সমৰ্থন। তেতিয়াই এই বাদুলিৰ আশ্রয়স্থলী কেৱল জোনাইৰেই নহয়, সমগ্ৰ অসমৰ বাবে এক আদর্শ প্রাকৃতিক সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিচিতি লাভ কৰিব।