হাত বাউলি মাতিছে প্ৰকৃতিৰ ৰম্যভূমি 'ভৈৰৱকুণ্ড‌'ই

Kakali Deka December 18, 2023

ডিজিটেল ডেস্ক:এতিয়া বনভোজৰ বতৰ, শীতৰ আগমনৰ লগে লগে বনভোজস্থলীসমূহলৈ আগমন ঘটে বনভোজকাৰী দলৰ। তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ ত্রিবেনী সংগম, প্ৰকৃতিৰ ৰাণী ভৈৰৱকুণ্ড।

ভৈৰৱকুণ্ডই সকলোকে হাতবাউলি মাতিছে পর্যটক আৰু বনভোজকাৰীক। ভৈৰৱকুণ্ডত প্রাকৃতিৰ সৌন্দর্যই সকলোকে মোহাচ্ছন্ন কৰে। এই ত্রিবেনী সংগমত ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ বনভোজকাৰী দলসমূহৰ সমাগম ঘটিছে। অসমৰ লগতে অৰুণাচল, ভূটানৰ পৰাও আহি ভিৰ কৰেহি দলসমূহে। ভৈৰৱকুণ্ড ইক'-টুৰিজিম কনজাৰভেশ্যন ছ'চাইটি নামৰ এন জি অ'ৱে চোৱাচিতা কৰে এই বনভোজস্থলী।

এতিয়া বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ডেকাৰ পৰা বৃদ্ধলৈ সকলো আহি ভিৰ কৰে ভৈৰৱকুণ্ডত। ইফালে ভৈৰৱকুণ্ডত ভূটানৰ কমলাই সকলোকে তৃপ্তি দিছে। ভৈৰৱকুণ্ডলৈ অহা লোকসকল খোৱাৰ উপৰি ঘৰলৈ লৈ গৈছে সতেজ কমলা।

ভৈৰবকুণ্ডৰ ওপৰত চৰকাৰে যি ধৰণৰ গুৰুত্ব প্রদান কৰি অধিক উন্নত পৰ্যায়ৰ পৰ্যটনস্থলী হিচাপে গঢ়িব লাগিছিল, সেই হিচাপে গুৰুত্ব প্রদান কৰা নাই বুলি বনভোজকাৰী দলসমূহে আক্ষেপ কৰিছে। নৱবৰ্ষৰ প্ৰাক্ষণত প্ৰকৃতিৰ ৰাণী ভৈৰৱকুণ্ডলৈ অধিক বনভোজ দলৰ আগমনৰ সম্ভাৱনা আছে।

Share This