সাংবাদিকৰ পৰা লেখা আহ্বান

dainik janambhumi October 28, 2025

ডিজিটেল ডেস্কঃ অহা ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ওপজা দিনত প্ৰকাশৰ লক্ষ্যৰে প্ৰস্তুতি চলাই থকা হৈছে 'সাংবাদিকৰ গ্ৰন্থখনৰ বাবে জুবিন গাৰ্গৰ বিষয়ে সাংবাদিকৰ পৰা লেখা আহ্বান কৰা হৈছে। কেৱল সাংবাদিকৰ লেখাহে গ্ৰন্থখনত প্রকাশ পাব। ড্রীম ৱেভৰ হৈ বনজ্যোতি কৌদিন্যই প্রকাশ কৰিবলগীয়া গ্রন্থখন সম্পাদনা কৰিছে সাংবাদিক হেমন্ত শৰ্মাই।

গ্ৰন্থখন ৰঙীন পৃষ্ঠাৰে প্রকাশ পাব। উল্লেখযোগ্য যে ইতিমধ্যে কোনো বাতৰিকাকত, সামাজিক মাধ্যম আদিত প্রকাশিত লেখাও গ্রন্থখনলৈ প্ৰেৰণ কৰিব পাৰিব। srihemantas@gmail.com অথবা ৮৬৩৮১-০৫৭৩৮ হোৱাটছএপ নম্বৰত লেখাসমূহ ৩০ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে

Share This