ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ "চিৰ সেউজ বঁটা" , জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ" আৰু ডাঃ অমিত বৰুৱাক "মানৱ দৰদী চিকিৎসক বঁটা" ঘোষণা ।
২০২৬ বৰ্ষৰ ২, ৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান কৰা হ'ব চিৰ সেউজ বঁটা। এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে সজ্জিত কৰিবলৈ বিগত পাঁচ বছৰ ধৰি প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই। আনহাতে, সোণাৰি কাঞ্চন কৃষ্ণচূড়া মহোৎসৱতেই প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত মাত মাতি অহা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ অমিত বৰুৱাক প্ৰদান কৰা হ'ব "মানৱদৰদী চিকিৎসক বঁটা"।
উল্লেখযোগ্য যে প্ৰাণৰ শিল্পীগৰাকীক যুগমীয়া কৰি ৰাখিবলৈ আগন্তুক বৰ্ষত চৰাইদেউ জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত দুই লাখ সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া, নাহৰৰ পুলি ৰোপণৰ লগতে প্ৰতিপালন কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলিও জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত।
উৎস : প্ৰাগ নিউজ ডিজিটেল