৫০০ ক্ষুদ্ৰ চাহ খেতিয়কক লৈ গঠন হ'ব একোটা কৃষক উৎপাদন সংস্থা

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সমাধানৰ পদক্ষেপ হিচাপে ৫০০ ক্ষুদ্র চাহ খেতিয়কক লৈ একোটাকৈ কৃষক উৎপাদক সংস্থা (এফ পি অ') গঠন কৰিবলৈ ৰাজ্যৰ উদ্যোগ বিভাগ সাজু হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ কৃষকসকলক সমবায় ভিত্তিত কৃষি উৎপাদনেৰে স্বাৱলম্বী কৰি তুলিবলৈ কৃষি বিভাগৰ অধীনত কৃষক উৎপাদক কোম্পানী (এফ পি চি) গঠন কৰিছিল কৃষি বিভাগে। ক্ষুদ্র চাহ খেতিয়কসকলে দীর্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে উদ্যোগ বিভাগে প্রচেষ্টা চলাইছে। এই প্রচেষ্টাৰ অংশ হিচাপে প্রথমাৱস্থাত ডিব্ৰুগড় জিলাত এই এফ পি অ' গাঁও সভাৰ জৰিয়তে গঠন কৰা হ'ব। 

উল্লেখযোগ্য যে অসমত সম্প্রতি ১,২২,৪১৫ গৰাকী ক্ষুদ্র চাহ খেতিয়ক আছে। ইয়াৰে প্ৰতি ৫০০ গৰাকী ক্ষুদ্র চাহ খেতিয়কক লৈ একোটা এফ পি অ' গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। এফ পি অ'সমূহ গঠন হ'লে কেতবোৰ প্ৰক্ৰিয়াৰ মাজেৰে কেঁচা চাহ পাত ক্রয়-বিক্রয়ৰ লগতে কেঁচা চাহপাতৰ দাম নির্ধাৰণৰ কৰিবলৈ সক্ষম হ'ব। তদুপৰি, কেঁচা চাহৰ মান নিৰূপণৰ ক্ষেত্ৰতো ই সহায়ক হ'ব। কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ অধীনত প্রতি এফ পি অই ২০ লাখ টকা পর্যন্ত সাহায্য লাভ কৰিব পাৰে। এই প্রয়াসৰ অংশ হিচাপে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই জনতা ভৱনৰ কাৰ্যালয়ত বুধবাৰে গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানৰ সঞ্চালক ঈশ্বৰ চানাবাচাপ্পা পূজাৰৰ সৈতে এখন বৈঠকত মিলিত হয়। চাহ সঞ্চালকালয় অসমৰ সঞ্চালক অহেদুজ জামানৰ লগতে কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত হোৱা বৈঠকখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত এই এফ পি অ'সমূহক কিদৰে সহায় আগবঢ়াব পৰা যায় তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। 

পৰৱৰ্তী পর্যায়ত ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ এণ্টাৰপ্রিনিঅ'ৰশ্বিপে (আই আই ই) এফ পি অ'ৰ সদস্যসকলক এই দিশত উপযুক্ত প্রশিক্ষণ প্রদান কৰিব। এফ পি অ'সমূহ গঠন হ'লে ক্ষুদ্র চাহ খেতিয়কসকলে ইমান দিনে সন্মুখীন হৈ অহা বহু সমস্যা সমাধানৰ পথ প্রশস্ত হোৱাৰ সম্ভাৱনা আছে। এফ পি অ' গঠন সন্দৰ্ভত বুধবাৰে পুনৰ আই আই ই, ভাৰতীয় চাহ সংস্থা, চাহত সঞ্চালকালয়, অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু উদ্যোগ বিভাগৰ এক শীর্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব।

Share This