'বাগৰুম্বা দহৌ'ৰ চূড়ান্ত প্ৰশিক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ

dainik janambhumi January 07, 2026

ডিজিটেল ডেস্ক : অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বা নৃত্যক সমগ্র পৃথিৱীতে উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে অহা ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত এক সমূহীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্রায় ৮ হাজাৰোধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা 'বাগৰুম্বা দহৌ' শীর্ষক নৃত্যানুষ্ঠানটিৰ বাবে প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটীৰ শিল্পগ্রামত যোৱা ৪ জানুৱাৰীৰ পৰা ওজা প্রশিক্ষকসকলক এটি মিউজিক ট্ৰেকৰ সহায়ত প্রদান কৰা প্ৰশিক্ষণৰ আজি অন্ত পৰে। আজি অন্তিম দিনা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই বিশেষজ্ঞ সমিতিৰ সদস্যসকলে বিগত দিনকেইটাত ওজা প্রশিক্ষকসকলক প্রদান কৰা প্ৰশিক্ষণৰ এক পর্যালোচনা কৰে। 

উল্লেখযোগ্য যে প্রশিক্ষণ গ্রহণ কৰা ৩৭৯ গৰাকী ওজা প্রশিক্ষকে ৰাজ্যৰ ২৩খন জিলালৈ গৈ সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা নৃত্য শিল্পীসকলক ৮, ৯ আৰু ১০ জানুৱাৰীলৈ প্ৰশিক্ষণ প্রদান কৰিব। সাংস্কৃতিক মন্ত্রী বড়াই তেওঁলোকৰ ওপৰতে সমগ্র অনুষ্ঠানটোৰ সফলতা নিৰ্ভৰ কৰা বুলি উল্লেখ কৰি ওজা প্রশিক্ষকসকলক ইয়াৰ পিছত নিজ নিজ জিলালৈ গৈ মন-প্রাণ ঢালি নৃত্যশিল্পীসকলক প্রশিক্ষণ প্রদানৰ বাবে আহ্বান জনায়। মন্ত্রী বড়াই বিহু বিনন্দীয়া, ঝুমইৰ বিনন্দিনীৰ দৰে বাগৰুম্বা দহৌ অনুষ্ঠানটিকো সফল কৰি তুলিবলৈ সকলোকে অনুৰোধ জনাই লগতে কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি অর্থাৎ অহা ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰে সংগতি ৰাখি বিভিন্ন জিলাৰ পৰা অহা বড়ো জনগোষ্ঠীয় শিল্পীসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত সমূহীয়াভাৱে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। সৰুসজাইত অনুষ্ঠিত হ'ব লগীয়া বাগৰুম্বা নৃত্যৰ এই প্ৰদৰ্শন যাতে সুচাৰুৰূপে অনুষ্ঠিত হয়, তাৰ বাবে আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্রশিক্ষক, বিশেষজ্ঞসকলৰ লগতে সাংস্কৃতিক বিভাগৰ বিষয়াসকলকো আহ্বান জনায়। পিছত সাংবাদিকসকলৰ আগত বাগৰুম্বা নৃত্য প্রদর্শন সন্দর্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াই কয় যে এই নৃত্য চূড়ান্তভাৱে প্ৰদৰ্শনৰ পূৰ্বে এটা ভিডিঅ' ট্ৰেকৰ সহায়ত এই ওজা প্রশিক্ষকসকলে ৰাজ্যৰ ২৩ খন জিলালৈ গৈ শিল্পীসকলক প্রশিক্ষণ প্রদান কৰিব। এই প্রশিক্ষণ প্রদানৰ পাছত শিল্পীসকলক সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত পৰ্যায়ত নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ লৈ অহা হ'ব ১১ জানুৱাৰীত। 

সৰুসজাই ষ্টেডিয়ামত ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰী তাৰিখে শিল্পীসকলে অনুশীলনত অংশগ্ৰহণ কৰিব। ১৬ জানুৱাৰীত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব। ইয়াৰ পাছত খাম, চিফুং, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো ডেকা-গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্রদর্শন কৰিব। পাঞ্জাবাৰীৰ শিল্পগ্ৰামত সাংস্কৃতিক মন্ত্ৰীৰ আজিৰ পৰ্যালোচনাৰ সময়ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি সাংস্কৃতিক বিভাগৰ ভালে সংখ্যক বিষয়া উপস্থিত আছিল।

Share This