কামৰূপ জিলাত মাছ মৰাত নিষেধাজ্ঞা জাৰি 

dainik janambhumi April 09, 2025

ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্রই পহিলা এপ্রিলত এক নির্দেশ যোগে মাছৰ প্ৰাকৃতিক প্রজনন আৰু বংশ বৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যৰে কামৰূপ জিলাৰ সকলো মীন ক্ষেত্ৰ আৰু প্রাকৃতিক জলাশয়ত বি এন এছ এছৰ ১৬৩ নং ধাৰাৰ অধীনত প্রদত্ত ক্ষমতা প্রয়োগেৰে তৎকালীনভাৱে প্রযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। 


এই নিষেধাজ্ঞা সমগ্র জিলাতে অহা ১৫ জুলাই পর্যন্ত প্রযোজ্য হৈ থাকিব। নিষেধাজ্ঞা অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাই লৈ মাছৰ প্ৰজনন ঋতুৰ সময়ছোৱাত অসম মীন বিধি ১৯৫৩ৰ ২৩ (১) ৰ অধীনত ঘোষিত মীন ক্ষেত্রত ৭ ছেঃ মিঃ বাৰ/১৪ ছেঃ মিঃতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা অন্য কোনো জাল ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে। তদুপৰি অসম মীন বিধি ১৯৫৩ৰ ২৩ (২) অনুসৰি সমগ্ৰ বছৰজুৰি মীন ক্ষেত্ৰসমূহত ১ ছেঃ > মিঃ বাৰ/ ২ ছেঃ মিঃ তকৈ কম পাহৰ জালেৰে মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২৩ ক (১) বিধিৰ অধীনত ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ সময়ছোৱাত কেতবোৰ বিশেষ প্ৰজাতিৰ পোনা দিব পৰা মাছ ধৰা, ক (২) বিধিৰ অধীনত ১ আগষ্টৰ পৰা ৩১ অক্টোবৰৰ সময়ছোৱাত খোৱা বা আন যিকোনো উদ্দেশ্যৰে কেতবোৰ বিশেষ প্ৰজাতিৰ মাছৰ পোৱালি বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Share This